গীত 41 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। } ধন্য সেই লোক, যি লোকে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে; যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।
গীত 41 : 2 (IRVAS)
যিহোৱাই তেওঁলোকক ৰক্ষা কৰি জীয়াই ৰাখে; তেওঁলোক দেশত সুখী হ’ব; তুমি তেওঁলোকক শত্রুবোৰৰ ইচ্ছাত সমৰ্পণ নকৰিবা।
গীত 41 : 3 (IRVAS)
তেওঁলোক অসুস্থ হৈ শয্যাত পৰি থাকিলে, যিহোৱাই তেওঁলোকক সহায় কৰে; নৰিয়া অৱস্থাত তুমি তেওঁলোকৰ সকলো ৰোগ সুস্থ কৰা।
গীত 41 : 4 (IRVAS)
মই ক’লো, “হে যিহোৱা, মোক কৃপা কৰা, মোক সুস্থ কৰা, কিয়নো মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”
গীত 41 : 5 (IRVAS)
মোৰ শত্রুবোৰে মোৰ বিৰুদ্ধে হিংসা কৰি কয়, “সি কেতিয়া মৰিব? কেতিয়া তাৰ নাম লুপ্ত হব?”
গীত 41 : 6 (IRVAS)
তেওঁলোকৰ কোনোৱে মোক চাবলৈ আহিলে, অনর্থক কথাবোৰ কয়; তেওঁলোকৰ হৃদয় দুষ্টতাৰে ভৰি থাকে আৰু বাহিৰলৈ গৈ তাক কৈ ফুৰে।
গীত 41 : 7 (IRVAS)
মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়; তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ একত্ৰিত হৈ আলোচনা কৰে[* তেওঁলোকে ইজনে সিজনৰ লগত একত্রিত হৈ মোৰ বিৰুদ্ধে চিন্তা কৰে। ]।
গীত 41 : 8 (IRVAS)
তেওঁলোকে ভাৱে যে মোক কিবা ভয়ানক বেয়া বস্তুৱে ধৰিছে; সেয়ে মই য’ত পৰি আছোঁ, তাৰ পৰা পুনৰায় নুঠিম।”
গীত 41 : 9 (IRVAS)
মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল, মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।
গীত 41 : 10 (IRVAS)
কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা; মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰোঁ।
গীত 41 : 11 (IRVAS)
ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট, কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে।
গীত 41 : 12 (IRVAS)
তুমি মোৰ সততাৰ কাৰণে মোক ধৰি ৰাখিলা; তুমি অনন্ত কালৰ কাৰণে মোক তোমাৰ সন্মুখত উপস্থিত কৰিলা।
গীত 41 : 13 (IRVAS)
ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত। আমেন, আৰু আমেন।

1 2 3 4 5 6 7 8 9 10 11 12 13