গীত 39 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদূথুণৰ প্রতি দায়ুদৰ ৰচিত গীত। } মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।”
গীত 39 : 2 (IRVAS)
মই মুখ বন্ধ কৰি মনে মনে আছিলোঁ; যি ভাল, তাকো নক’লো। তাতে মোৰ মনৰ বেজাৰ অধিকতৰ বৃদ্ধি পালে।
গীত 39 : 3 (IRVAS)
মই মোৰ অন্তর্জ্বালাত দহিছো। মই যেতিয়া মনে মনে এইবোৰ কথা ভাৱি আছিলোঁ, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল; তাৰ পাছত মই মোৰ জিভাৰে কথা ক’লোঁ,
গীত 39 : 4 (IRVAS)
“হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া; মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।
গীত 39 : 5 (IRVAS)
চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
গীত 39 : 6 (IRVAS)
বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।
গীত 39 : 7 (IRVAS)
“হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে।
গীত 39 : 8 (IRVAS)
মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা; বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা।
গীত 39 : 9 (IRVAS)
মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।
গীত 39 : 10 (IRVAS)
মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা; তোমাৰ হাতৰ আঘাতত মই প্রায় শেষ হৈ গৈছোঁ।
গীত 39 : 11 (IRVAS)
তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা, তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য্য নষ্ট কৰি দিয়া। বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
গীত 39 : 12 (IRVAS)
হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাতৰোক্তিলৈ কাণ পাতা; মোৰ চকুলো দেখি নিৰৱে নাথাকিবা! মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছোঁ।
গীত 39 : 13 (IRVAS)
মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আঁতৰাই নিয়া, যাতে মই যোৱাৰ আগেয়ে অর্থাৎ মৃত্যুৰ আগেয়ে, পুনৰ হাঁহিব পাৰোঁ।”
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13