গীত 36 : 1 (IRVAS)
প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়; দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই।
গীত 36 : 2 (IRVAS)
তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্রশংসা কৰি কয় যে, তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব।
গীত 36 : 3 (IRVAS)
তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ; তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে।
গীত 36 : 4 (IRVAS)
তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে; অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে।
গীত 36 : 5 (IRVAS)
হে যিহোৱা, তোমাৰ দয়া আকাশমণ্ডল পর্যন্ত, আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে।
গীত 36 : 6 (IRVAS)
তোমাৰ ধাৰ্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা; তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা। হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা।
গীত 36 : 7 (IRVAS)
হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য! সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়।
গীত 36 : 8 (IRVAS)
তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।
গীত 36 : 9 (IRVAS)
কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।
গীত 36 : 10 (IRVAS)
যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে, যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়।
গীত 36 : 11 (IRVAS)
মোক অহঙ্কাৰীবোৰৰ ভৰিৰ তলত নেপেলাবা; দুষ্ট সকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে।
গীত 36 : 12 (IRVAS)
যি সকলে দুষ্ট কার্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ’ল; উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ’ল।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12