গীত 34 : 1 (IRVAS)
{দায়ুদৰ ৰচিত গীত। ৰজা অবীমেলকৰ আগত দায়ুদে পগলাৰ ভাও ধৰিছিল যাতে অবীমেলকে তেওঁক খেদাই দিয়ে। দায়ুদে সেই সময়ত এই গীতটো লিখিছিল। } মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা মোৰ মুখত থাকিব।
গীত 34 : 2 (IRVAS)
মোৰ প্ৰাণে যিহোৱাতেই গৌৰৱ কৰে; তাকে শুনি নম্ৰ লোকে আনন্দ কৰক।
গীত 34 : 3 (IRVAS)
তোমালোকে মোৰে সৈতে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰা; আহাঁ, আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহক।
গীত 34 : 4 (IRVAS)
মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে; মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে।
গীত 34 : 5 (IRVAS)
তেওঁৰ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে। তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবৰ্ণ নহব।
গীত 34 : 6 (IRVAS)
এই দুখীয়ে প্ৰাৰ্থনা কৰাত যিহোৱাই শুনিলে, সকলো সঙ্কটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে।
গীত 34 : 7 (IRVAS)
যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
গীত 34 : 8 (IRVAS)
যিহোৱা যে মঙ্গলময় তাক তোমালোকে আস্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লোৱা লোক ধন্য।
গীত 34 : 9 (IRVAS)
হে যিহোৱাৰ পবিত্ৰ লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা; কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।
গীত 34 : 10 (IRVAS)
ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়: কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
গীত 34 : 11 (IRVAS)
হে সন্তান সকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।
গীত 34 : 12 (IRVAS)
তোমালোকৰ মাজত কোনে এই জীৱন ভোগ কৰিব বিচাৰে? সুখ ভোগ কৰিবৰ কাৰণে কোনে দীর্ঘায়ু বিচাৰে?
গীত 34 : 13 (IRVAS)
তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা।
গীত 34 : 14 (IRVAS)
তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা,; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।
গীত 34 : 15 (IRVAS)
যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
গীত 34 : 16 (IRVAS)
যিসকলে দুষ্টতাৰ কার্য কৰে, যিহোৱা তেওঁলোকৰ বিৰুদ্ধে, তেওঁ পৃথিবীৰ পৰা তেওঁলোকৰ স্মৰণ মছি পেলাব।
গীত 34 : 17 (IRVAS)
ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।
গীত 34 : 18 (IRVAS)
যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।
গীত 34 : 19 (IRVAS)
ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।
গীত 34 : 20 (IRVAS)
যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়।
গীত 34 : 21 (IRVAS)
দুষ্ট লোকৰ মৃত্যু দুষ্টতাৰ হাতত; ধাৰ্মিক লোকক ঘিণাওঁতাসকল দণ্ডিত হব।
গীত 34 : 22 (IRVAS)
যিহোৱাই তেওঁৰ দাসবোৰৰ প্ৰাণ মুক্ত কৰে; তেওঁত আশ্ৰয় লোৱা সকলৰ কোনোৱেই দণ্ডিত নহব।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22