গীত 26 : 1 (IRVAS)
{দায়ুদৰ ৰচিত গীত। } হে যিহোৱা, মোৰ বিচাৰ কৰা, কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ, অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।
গীত 26 : 2 (IRVAS)
হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; মোৰ হৃদয় আৰু মনক খপি চোৱা।
গীত 26 : 3 (IRVAS)
কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে, মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।
গীত 26 : 4 (IRVAS)
প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই। অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।
গীত 26 : 5 (IRVAS)
মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ; দুষ্ট লোকৰ লগত নবহো।
গীত 26 : 6 (IRVAS)
হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ, আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ,
গীত 26 : 7 (IRVAS)
যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ; তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।
গীত 26 : 8 (IRVAS)
হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা, তোমাৰ গৌৰৱ সেই ঠাইত থাকে, মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।
গীত 26 : 9 (IRVAS)
পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
গীত 26 : 10 (IRVAS)
তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে; তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।
গীত 26 : 11 (IRVAS)
কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ; মোক মুক্ত কৰা; মোক কৃপা কৰা।
গীত 26 : 12 (IRVAS)
মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে; মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12