গীত 24 : 1 (IRVAS)
দায়ুদৰ ৰচিত গীত: পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।
গীত 24 : 2 (IRVAS)
কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে, পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।
গীত 24 : 3 (IRVAS)
যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে? তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয়* কোনে প্রৱেশ কৰিব পাৰে? হ’ব পাৰে?
গীত 24 : 4 (IRVAS)
কেৱল সেই জনেই পাৰে, যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল; যিজনে মিছা কথালৈ নিজৰ মন নেমেলে, আৰু ছল কৰি মিছা শপত নাখায়।
গীত 24 : 5 (IRVAS)
তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব; তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।
গীত 24 : 6 (IRVAS)
এই লোকসকলেই যিহোৱাক বিচাৰে, যাকোবৰ† যাকোবৰ ইস্রায়েলৰ ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে [‡ ‘অহ! যকোবৰ ঈশ্বৰ’, তেওঁলোকে এইদৰে তোমাৰ মূখ চাব বিচাৰিব। ]; তেওঁলোকেই যাকোবৰ বংশ। (চেলা)
গীত 24 : 7 (IRVAS)
হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
গীত 24 : 8 (IRVAS)
সেই প্ৰতাপী ৰজা কোন? তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান, তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।
গীত 24 : 9 (IRVAS)
হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
গীত 24 : 10 (IRVAS)
সেই প্ৰতাপী ৰজা কোন? তেওঁ বাহিনীসকলৰ যিহোৱা, তেওঁ গৌৰৱৰ ৰজা। (চেলা)।
❮
❯
1
2
3
4
5
6
7
8
9
10