Psalms 23 : 1 (IRVAS)
দায়ুদৰ ৰচিত গীত যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
Psalms 23 : 2 (IRVAS)
তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।
Psalms 23 : 3 (IRVAS)
তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।
Psalms 23 : 4 (IRVAS)
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
Psalms 23 : 5 (IRVAS)
তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে[* লুক 7:46: ই হ’ল আলহীক আদৰি লোৱাৰ এক চিন। ]।
Psalms 23 : 6 (IRVAS)
অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব, আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।

1 2 3 4 5 6