গীত 2 : 1 (IRVAS)
কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে?
গীত 2 : 2 (IRVAS)
যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;
গীত 2 : 3 (IRVAS)
তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।”
গীত 2 : 4 (IRVAS)
যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।
গীত 2 : 5 (IRVAS)
তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব, তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব।
গীত 2 : 6 (IRVAS)
যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন[* ইয়াত উল্লেখিত ‘চিয়োন’ মৰিয়া পর্বত য’ত চলোমনে মন্দিৰ নির্মান কৰিছিল। ] পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
গীত 2 : 7 (IRVAS)
ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।
গীত 2 : 8 (IRVAS)
তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
গীত 2 : 9 (IRVAS)
লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
গীত 2 : 10 (IRVAS)
গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা।
গীত 2 : 11 (IRVAS)
ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন[† কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। ] কৰা।
গীত 2 : 12 (IRVAS)
তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা[‡ কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। ] খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।

1 2 3 4 5 6 7 8 9 10 11 12