গীত 19 : 1 (IRVAS)
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়।
গীত 19 : 2 (IRVAS)
দিনৰ পাছত দিন সেইবোৰৰ পৰা কথা ওলাই আহে; ৰাতিৰ পাছত ৰাতি সেইবোৰে জ্ঞান প্ৰচাৰ কৰে।
গীত 19 : 3 (IRVAS)
কিন্তু তাৰ কোনো কথা নাই, কোনো ভাষা নাই; তাৰ শব্দও শুনা নাযায়।
গীত 19 : 4 (IRVAS)
তথাপিও সেইবোৰৰ মাত সমগ্র পৃথিবীতে বিয়পি যায়; সেইবোৰৰ কথা জগতৰ শেষ সীমালৈকে বিয়পি যায়; আকাশ-মণ্ডলত তেওঁ সূৰ্যৰ বাবে এটা তম্বু স্থাপন কৰিলে।
গীত 19 : 5 (IRVAS)
সূৰ্যই দৰাৰ দৰে নিজৰ শোৱনি কোঁঠাৰ পৰা ওলাই আহে; নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে।
গীত 19 : 6 (IRVAS)
সেয়ে আকাশৰ এটা মূৰত উদয় হৈ ঘূৰি তাৰ সিটো মূৰ পায়গৈ; তাৰ তাপৰ পৰা কোনো বস্তুৱেই লুকাই নাথাকে
গীত 19 : 7 (IRVAS)
যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।
গীত 19 : 8 (IRVAS)
যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে; যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।
গীত 19 : 9 (IRVAS)
যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী; যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধাৰ্মিক।
গীত 19 : 10 (IRVAS)
সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়; সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ।
গীত 19 : 11 (IRVAS)
তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে; সেইবোৰ পালন কৰিলে পৰম লাভ হয়।
গীত 19 : 12 (IRVAS)
কোনে নিজৰ ভুলবোৰ গমিব পাৰে? মোক গুপুত পাপৰ পৰা শুচি কৰা।
গীত 19 : 13 (IRVAS)
গৰ্ব্বীকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা; সেইবোৰে যেন মোৰ ওপৰত অধিকাৰ নকৰে; তাতে মই সিদ্ধ হ’ম, আৰু মহা অপৰাধৰ দায়ৰ পৰা মুক্ত হ’ম।
গীত 19 : 14 (IRVAS)
হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14