গীত 148 : 1 (IRVAS)
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা।
গীত 148 : 2 (IRVAS)
হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা!
গীত 148 : 3 (IRVAS)
হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা; হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা!
গীত 148 : 4 (IRVAS)
হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা! হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জল সমূহ, তেওঁৰ প্রশংসা কৰা!
গীত 148 : 5 (IRVAS)
সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ’ল।
গীত 148 : 6 (IRVAS)
তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে; তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব।
গীত 148 : 7 (IRVAS)
হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ, পৃথিৱীৰ পৰা তোমালোকে যিহোৱাৰ প্রশংসা কৰা!
গীত 148 : 8 (IRVAS)
হে জুই* বিজুলী আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী, আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা!
গীত 148 : 9 (IRVAS)
হে সকলো পর্বত আৰু পাহাৰবোৰ, আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্রশংসা কৰা!
গীত 148 : 10 (IRVAS)
হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ, আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা!
গীত 148 : 11 (IRVAS)
হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা!
গীত 148 : 12 (IRVAS)
হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা!
গীত 148 : 13 (IRVAS)
এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক; কিয়নো কেৱল তেওঁৰেই নাম মহান; তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।
গীত 148 : 14 (IRVAS)
তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি শিং উত্তোলন কৰিলে; সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্রশংসা, সেয়া তেওঁৰ ওচৰত থকা ইস্রায়েল জাতিৰ বাবে প্রশংসা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14