গীত 144 : 1 (IRVAS)
দায়ুদৰ ৰচিত গীত যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।
গীত 144 : 2 (IRVAS)
তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ, মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা; তেওঁ মোৰ ঢাল আৰু মই তেওঁতে আশ্ৰয় লওঁ। তেৱেঁই জাতি সমূহক[* তেৱেঁই মোৰ লোকসকলক মোৰ অধীনত আনে। ] মোৰ অধীনত আনে।
গীত 144 : 3 (IRVAS)
হে যিহোৱা, মানুহ নো কি যে তুমি মানুহক গণ্য কৰা? মনুষ্যই তেঁৱেই বা কি যে তুমি তেওঁলোকলৈ মনোযোগ দিয়া?
গীত 144 : 4 (IRVAS)
মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।
গীত 144 : 5 (IRVAS)
হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ; পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধুঁৱা ওলাব।
গীত 144 : 6 (IRVAS)
তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা; তোমাৰ কাঁড় মাৰি তেওঁলোকক বিহ্বল কৰি তোলা।
গীত 144 : 7 (IRVAS)
তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া; মোক মুক্ত কৰা, মহাজলৰ পৰা মোক ৰক্ষা কৰা; সেই অন্য জাতিৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
গীত 144 : 8 (IRVAS)
তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকৰ কার্য কৰে।
গীত 144 : 9 (IRVAS)
হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম; দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
গীত 144 : 10 (IRVAS)
তুমিয়েই ৰজাসকলক জয়দান কৰা; তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।
গীত 144 : 11 (IRVAS)
নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা আৰু বিদেশীবিলাকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা; তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকতাৰ কার্য কৰে।
গীত 144 : 12 (IRVAS)
আমাৰ পুত্ৰবোৰ যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়, আমাৰ কন্যাবোৰ যেন ৰাজঅট্টালিকাৰ গাঁথনিৰ খোদিত কৰা চুকৰ স্তম্ভৰ নিচিনা হয়;
গীত 144 : 13 (IRVAS)
আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে; আমাৰ মেৰ-ছাগবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে, লাখে লাখে পোৱালি জগায়;
গীত 144 : 14 (IRVAS)
আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে; দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়; আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।
গীত 144 : 15 (IRVAS)
ধন্য সেই জাতি, যাৰ এনে আশীর্বাদপূর্ণ অৱস্থা হয়; ধন্য সেই জাতি, যিহোৱা যাৰ ঈশ্বৰ।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15