Psalms 140 : 1 (IRVAS)
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
Psalms 140 : 2 (IRVAS)
তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে।
Psalms 140 : 3 (IRVAS)
তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে; তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে! *চেলা
Psalms 140 : 4 (IRVAS)
হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা; মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে।
Psalms 140 : 5 (IRVAS)
অহঙ্কাৰীবোৰে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে; তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে; তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে। *চেলা
Psalms 140 : 6 (IRVAS)
মই যিহোৱাক কলোঁ, “তুমিয়েই মোৰ ঈশ্বৰ; হে যিহোৱা, মোৰ কাকুতিৰ স্বৰলৈ কাণ পাতা।”
Psalms 140 : 7 (IRVAS)
হে যিহোৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা; যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা[* যুদ্ধৰ দিনা তুমিয়েই মোৰ মূৰ ঢাকিলা। ]।
Psalms 140 : 8 (IRVAS)
হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা; তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা। *চেলা
Psalms 140 : 9 (IRVAS)
যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে, তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে, সেইবোৰে তেওঁলোকক ঢাকি ধৰক!
Psalms 140 : 10 (IRVAS)
তেওঁলোকৰ ওপৰত জলন্ত আঙঠা পৰক! তেওঁলোকক জুইত পেলোৱা হওঁক! তেওঁলোক পুনৰায় উঠিব নোৱাৰাকৈ গভীৰ গাতত পেলোৱা হওঁক!
Psalms 140 : 11 (IRVAS)
নিন্দকবোৰক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা; অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে চিকাৰ কৰিব!
Psalms 140 : 12 (IRVAS)
মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।
Psalms 140 : 13 (IRVAS)
ধাৰ্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব; ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13