গীত 14 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। } এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
গীত 14 : 2 (IRVAS)
যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।
গীত 14 : 3 (IRVAS)
তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল; সকলো উচ্ছৃঙ্খল হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
গীত 14 : 4 (IRVAS)
যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
গীত 14 : 5 (IRVAS)
ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে। সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।
গীত 14 : 6 (IRVAS)
দুষ্টতাৰ কার্য কৰা যি তোমালোক, তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা, কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।
গীত 14 : 7 (IRVAS)
অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক! যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব, তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব; ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।

1 2 3 4 5 6 7