গীত 133 : 1 (IRVAS)
{দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত। } ই কেনে উত্তম আৰু কেনে আনন্দময় হয়, যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!
গীত 133 : 2 (IRVAS)
তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা, যি তললৈ দাঢ়িলৈকৈ নামি আহে, হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!
গীত 133 : 3 (IRVAS)
সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা, যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল; কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে, অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।

1 2 3