গীত 129 : 1 (IRVAS)
যাত্ৰাৰ সঙ্গীত ইস্ৰায়েলে কওঁক, “যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।”
গীত 129 : 2 (IRVAS)
“যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে; তথাপি মোক জিনিব পৰা নাই।
গীত 129 : 3 (IRVAS)
হালোৱাই মোৰ পিঠিত হাল বালে; তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।”
গীত 129 : 4 (IRVAS)
যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে[* তেওঁ দুষ্টবোৰৰ ৰচীবোৰ ছিঙি পেলালে। ]।
গীত 129 : 5 (IRVAS)
যিসকলে চিয়োনক ঘিণ কৰে, তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।
গীত 129 : 6 (IRVAS)
তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক, যি নৌ বাঢ়োতেই শুকাই যায়;
গীত 129 : 7 (IRVAS)
যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়, যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়।
গীত 129 : 8 (IRVAS)
বাটৰুৱাবোৰে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়, “তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক! যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।”
❮
❯
1
2
3
4
5
6
7
8