গীত 127 : 1 (IRVAS)
চলোমনৰ ৰচিত যাত্ৰাৰ সঙ্গীত যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।
গীত 127 : 2 (IRVAS)
মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা, আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা; কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে[* তেওঁ যি পাবলগীয়া, সেয়া তেওঁ নিদ্রাত থাকোতে পায়। ]।
গীত 127 : 3 (IRVAS)
সন্তান সকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।
গীত 127 : 4 (IRVAS)
বীৰৰ হাতত কাঁড়বোৰ যেনে, যুবা সন্তান সকলো তেনে।
গীত 127 : 5 (IRVAS)
সেই পুৰুষ সুখী, যিজনৰ কাঁড়েৰে পূর্ণ কাঁড় থোৱা চূঙা থাকে। নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব।
❮
❯
1
2
3
4
5