গীত 126 : 1 (IRVAS)
{যাত্ৰাৰ সঙ্গীত। } যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে[* যেতিয়া যিহোৱাই নির্বাসনৰ পৰা পুনৰ চিয়োনলৈ আনিলে, তেতিয়া ইয়াক পুনৰ উর্বৰ কৰিলে। (চিয়োনৰ আন নাম ‘যিৰুচালেম’।) ], তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।
গীত 126 : 2 (IRVAS)
তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”
গীত 126 : 3 (IRVAS)
যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কৰ্ম কৰিলে; সেয়ে আমি আনন্দ কৰিলোঁ।
গীত 126 : 4 (IRVAS)
হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ, তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।
গীত 126 : 5 (IRVAS)
যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব।
গীত 126 : 6 (IRVAS)
যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।
❮
❯
1
2
3
4
5
6