Psalms 125 : 1 (IRVAS)
{যাত্ৰাৰ সঙ্গীত। } যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
Psalms 125 : 2 (IRVAS)
যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।
Psalms 125 : 3 (IRVAS)
ঈশ্বৰভক্ত সকলে যাতে অধৰ্ম কার্যলৈ হাত নেমেলে, সেই বাবে ধাৰ্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।
Psalms 125 : 4 (IRVAS)
হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা; যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা।
Psalms 125 : 5 (IRVAS)
কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।

1 2 3 4 5