গীত 123 : 1 (IRVAS)
{যাত্ৰাৰ সঙ্গীত। } হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ।
গীত 123 : 2 (IRVAS)
গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়ণীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে।
গীত 123 : 3 (IRVAS)
আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো।
গীত 123 : 4 (IRVAS)
আমাৰ প্রাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীবোৰৰ অপমান অধিক হ’ল।
❮
❯
1
2
3
4