গীত 122 : 1 (IRVAS)
{দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত। } মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে, “ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।”
গীত 122 : 2 (IRVAS)
হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ।
গীত 122 : 3 (IRVAS)
সেই যিৰূচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাবে গঢ়ি তোলা হৈছে।
গীত 122 : 4 (IRVAS)
সকলো ফৈদ সেই ঠাইলৈ উঠি যায়, তেওঁলোক যিহোৱাৰ লোকসকলৰ ফৈদ; তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়।
গীত 122 : 5 (IRVAS)
কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে, দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।
গীত 122 : 6 (IRVAS)
তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা; “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।
গীত 122 : 7 (IRVAS)
তোমালোকৰ প্রাচীৰবোৰৰ ভিতৰত শান্তি হওঁক, আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক।”
গীত 122 : 8 (IRVAS)
মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অর্থে মই ক’ম, “যিৰূচালেমৰ মাজত শান্তি থাকক।”
গীত 122 : 9 (IRVAS)
আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰি[* বিচাৰিম। ] প্ৰার্থনা কৰিম।

1 2 3 4 5 6 7 8 9