গীত 121 : 1 (IRVAS)
{যাত্ৰাৰ সঙ্গীত। } মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব?
গীত 121 : 2 (IRVAS)
যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
গীত 121 : 3 (IRVAS)
তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
গীত 121 : 4 (IRVAS)
চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।
গীত 121 : 5 (IRVAS)
যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
গীত 121 : 6 (IRVAS)
দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।
গীত 121 : 7 (IRVAS)
যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
গীত 121 : 8 (IRVAS)
যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।
❮
❯
1
2
3
4
5
6
7
8