গীত 12 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত। } হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।
গীত 12 : 2 (IRVAS)
মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।
গীত 12 : 3 (IRVAS)
তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;
গীত 12 : 4 (IRVAS)
সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম; আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই, কোন আমাৰ ওপৰত প্ৰভু হ’ব?”
গীত 12 : 5 (IRVAS)
যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
গীত 12 : 6 (IRVAS)
যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ। সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ; সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।
গীত 12 : 7 (IRVAS)
হে যিহোৱা, তুমিয়েই আমাক* তেওঁলোকক নিৰাপদে ৰাখিবা। এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক তেওঁলোকক ৰক্ষা কৰিবা।
গীত 12 : 8 (IRVAS)
লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়, দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।

1 2 3 4 5 6 7 8