Psalms 119 : 1 (IRVAS)
আলেফ ধন্য সেইসকল, যিসকলৰ আচাৰ-ব্যৱহাৰ সিদ্ধ; যিসকলে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে।
Psalms 119 : 2 (IRVAS)
ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে; যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে।
Psalms 119 : 3 (IRVAS)
তেওঁলোকে অন্যায় নকৰে, যিহোৱাৰ পথত চলে।
Psalms 119 : 4 (IRVAS)
তোমাৰ আদেশবোৰ যত্নেৰে পালন কৰিবলৈ তুমি আমাক আজ্ঞা কৰিলা।
Psalms 119 : 5 (IRVAS)
ওহ, মোৰ পথবোৰ সুস্থিৰ হওঁক; মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰোঁ!
Psalms 119 : 6 (IRVAS)
যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্রতি মই দৃষ্টি ৰাখি চলিম, তেতিয়া মই লজ্জিত নহ’ম।
Psalms 119 : 7 (IRVAS)
তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰ যেতিয়া মই শিকোঁ, তেতিয়া মই শুদ্ধ মনেৰে তোমাৰ ধন্যবাদ কৰিম।
Psalms 119 : 8 (IRVAS)
মই তোমাৰ বিধিবোৰ পালন কৰিম; মোক নিচেইকৈ পৰিত্যাগ নকৰিবা।
Psalms 119 : 9 (IRVAS)
বেইৎ যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে? তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে।
Psalms 119 : 10 (IRVAS)
মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ; তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা।
Psalms 119 : 11 (IRVAS)
তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো, যেন তোমাৰ অহিতে পাপ নকৰোঁ।
Psalms 119 : 12 (IRVAS)
ধন্য তুমি, হে যিহোৱা; মোক তোমাৰ বিধিবোৰ শিকোৱা।
Psalms 119 : 13 (IRVAS)
তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী, মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ;
Psalms 119 : 14 (IRVAS)
ধন-সম্পদত লোকে যিমান আনন্দ পায়, তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ।
Psalms 119 : 15 (IRVAS)
মই তোমাৰ আদেশবোৰ ধ্যান কৰিম, তোমাৰ সকলো পথলৈ মনোযোগ দিম।
Psalms 119 : 16 (IRVAS)
মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম; মই তোমাৰ বাক্য নাপাহৰিম।
Psalms 119 : 17 (IRVAS)
গীমেল তোমাৰ দাসলৈ প্রচুৰ মঙ্গল কৰা যাতে মই জীয়াই থাকো, আৰু তোমাৰ বাক্য পালন কৰিব পাৰোঁ।
Psalms 119 : 18 (IRVAS)
মোৰ চকু মুকলি কৰি দিয়া, যাতে মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয়বোৰ দেখা পাওঁ।
Psalms 119 : 19 (IRVAS)
মই পৃথিৱীত প্রবাসী মাথোন, তোমাৰ আজ্ঞাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিবা।
Psalms 119 : 20 (IRVAS)
সকলো সময়তে তোমাৰ শাসন-প্রণালীবোৰ জানিবলৈ, মোৰ প্রাণ আকাঙ্ক্ষাত ভগ্ন হৈছে।
Psalms 119 : 21 (IRVAS)
তুমি অহঙ্কাৰীবোৰক ধমক দিছা; তেওঁলোকতো শাপগ্ৰস্ত, তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ ঘূৰি ফুৰে।
Psalms 119 : 22 (IRVAS)
তেওঁলোকৰ অপমান আৰু নিন্দা মোৰ পৰা দূৰ কৰা; কিয়নো মই তোমাৰ আজ্ঞাবোৰ পালন কৰি আহিছোঁ।
Psalms 119 : 23 (IRVAS)
যদি শাসনকর্তাসকলেও বহি মোৰ অহিতে কথা কয়, তথাপিও তোমাৰ দাসে তোমাৰ বিধিবোৰ ধ্যান কৰিব।
Psalms 119 : 24 (IRVAS)
তোমাৰ আজ্ঞাবোৰ মোৰ আনন্দৰ বিষয়, সেইবোৰে মোক পৰামৰ্শ দিয়ে।
Psalms 119 : 25 (IRVAS)
দালেৎ মোৰ প্রাণ ধুলিত সংলগ্ন; তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা।
Psalms 119 : 26 (IRVAS)
মোৰ জীৱনৰ পথৰ কথা মই তোমাক জনালোঁ, আৰু তুমি মোক উত্তৰ দিলা। মোক তোমাৰ বিধিবোৰ শিকোঁৱা।
Psalms 119 : 27 (IRVAS)
তোমাৰ আজ্ঞাৰ পথবোৰ মোক বুজাই দিয়া; তাতে মই তোমাৰ আচৰিত কাৰ্যবোৰ* শিক্ষাবোৰ ধ্যান কৰিম।
Psalms 119 : 28 (IRVAS)
দুখত মোৰ প্রাণ দ্ৰৱীভূত হৈছে; তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা।
Psalms 119 : 29 (IRVAS)
মোৰ পৰা মিছা কথাৰ পথ দূৰ কৰা; দয়া কৰি তোমাৰ ব্যৱস্থাৰ শিক্ষা মোক দান কৰা।
Psalms 119 : 30 (IRVAS)
মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ; মই তোমাৰ শাসন-প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ।
Psalms 119 : 31 (IRVAS)
হে যিহোৱা, মই তোমাৰ আজ্ঞাবোৰত আসক্ত হৈছোঁ; তুমি মোক লজ্জিত হ’বলৈ নিদিবা।
Psalms 119 : 32 (IRVAS)
তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম, কাৰণ তুমি মোৰ হৃদয় মেলি দিলা।
Psalms 119 : 33 (IRVAS)
হেই হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথৰ সম্বন্ধে মোক শিকোৱা; তাতে মই শেষলৈকে তাক পালন কৰিম।
Psalms 119 : 34 (IRVAS)
তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰোঁ, সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰোঁ।
Psalms 119 : 35 (IRVAS)
তোমাৰ আজ্ঞা- পথত মোক চলোৱা; কিয়নো তাতেই মই সন্তোষ পাওঁ।
Psalms 119 : 36 (IRVAS)
তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা, স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা।
Psalms 119 : 37 (IRVAS)
অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।
Psalms 119 : 38 (IRVAS)
তোমাৰ এই দাসৰ প্রতি তোমাৰ প্রতিজ্ঞা পূর্ণ কৰা; যি প্রতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা।
Psalms 119 : 39 (IRVAS)
মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰোঁ; কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়।
Psalms 119 : 40 (IRVAS)
চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ; তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা।
Psalms 119 : 41 (IRVAS)
বাৱ হে যিহোৱা, তুমি মোক তোমাৰ সুস্থিৰ প্রেমৰ ভাগী হবলৈ দিয়া; তোমাৰ প্রতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা।
Psalms 119 : 42 (IRVAS)
তেতিয়া মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম; কিয়নো মই তোমাৰ বাক্যত ভাৰসা কৰোঁ।
Psalms 119 : 43 (IRVAS)
তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা; কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে।
Psalms 119 : 44 (IRVAS)
যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম।
Psalms 119 : 45 (IRVAS)
মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ।
Psalms 119 : 46 (IRVAS)
তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।
Psalms 119 : 47 (IRVAS)
তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ; কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
Psalms 119 : 48 (IRVAS)
তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ, কাৰণ মই সেইবোৰ ভাল পাওঁ; মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।
Psalms 119 : 49 (IRVAS)
জয়িন তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।
Psalms 119 : 50 (IRVAS)
দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।
Psalms 119 : 51 (IRVAS)
অহঙ্কাৰীবোৰে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে; তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই।
Psalms 119 : 52 (IRVAS)
হে যিহোৱা, মই তোমাৰ পূৰ্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰোঁ, আৰু মই নিজে শান্ত্বনা লভো।
Psalms 119 : 53 (IRVAS)
দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত হয়, কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে।
Psalms 119 : 54 (IRVAS)
মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে।
Psalms 119 : 55 (IRVAS)
হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ, আৰু তোমাৰ ব্যৱস্থা মানি চলোঁ।
Psalms 119 : 56 (IRVAS)
এয়ে মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলোঁ।
Psalms 119 : 57 (IRVAS)
হেৎ যিহোৱা মোৰ অধিকাৰৰ অংশ; মই তোমাৰ বাক্য মতে চলিবলৈ প্রতিজ্ঞা কৰিলোঁ।
Psalms 119 : 58 (IRVAS)
মই মোৰ সমস্ত চিত্তেৰে তোমাৰ অনুগ্ৰহ বিচাৰিছোঁ; তোমাৰ বাক্য অনুসাৰে তুমি মোলৈ কৃপা কৰা।
Psalms 119 : 59 (IRVAS)
মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলোঁ, আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ।
Psalms 119 : 60 (IRVAS)
মই শীঘ্রেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলোঁ, পলম নকৰিলোঁ।
Psalms 119 : 61 (IRVAS)
যদিও দুষ্টবোৰৰ জৰীত মই বান্ধ খাই আছোঁ, তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ।
Psalms 119 : 62 (IRVAS)
তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই মাজনিশা তোমাৰ স্তৱ কৰিবলৈ উঠো।
Psalms 119 : 63 (IRVAS)
যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী।
Psalms 119 : 64 (IRVAS)
হে যিহোৱা, পৃথিৱী তোমাৰ দয়াৰে পৰিপূৰ্ণ; মোক তোমাৰ বিধিবোৰ শিকোৱা।
Psalms 119 : 65 (IRVAS)
টেইট তুমি তোমাৰ দাসলৈ মঙ্গল ব্যৱহাৰ কৰিলা; হে যিহোৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা।
Psalms 119 : 66 (IRVAS)
তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু জ্ঞান শিকোৱা; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ।
Psalms 119 : 67 (IRVAS)
কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ।
Psalms 119 : 68 (IRVAS)
তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা; মোক তোমাৰ বিধিবোৰ শিকোৱা।
Psalms 119 : 69 (IRVAS)
অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে; কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ।
Psalms 119 : 70 (IRVAS)
তেওঁলোকৰ হৃদয়ত সত্যতা নাই† অন্তঃকৰণ চর্বিৰ দৰে মোটা; ; কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ।
Psalms 119 : 71 (IRVAS)
মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক, তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছোঁ।
Psalms 119 : 72 (IRVAS)
তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য।
Psalms 119 : 73 (IRVAS)
ইয়োদ তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।
Psalms 119 : 74 (IRVAS)
তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব; কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ।
Psalms 119 : 75 (IRVAS)
হে যিহোৱা, মই জানো যে, তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।
Psalms 119 : 76 (IRVAS)
তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা, সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক।
Psalms 119 : 77 (IRVAS)
মোলৈ তোমাৰ কৃপা নামি আহঁক, যাতে মই জীয়াই থাকিব পাৰোঁ; কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে।
Psalms 119 : 78 (IRVAS)
অহংকাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সর্বনাশ কৰিলে; কিন্তু হ’লে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম;
Psalms 119 : 79 (IRVAS)
যিসকলে তোমাক ভয় কৰে, তেওঁলোক মোলৈ ঘূৰক, যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব।
Psalms 119 : 80 (IRVAS)
মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম।
Psalms 119 : 81 (IRVAS)
কফ তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে; মই তোমাৰ বাক্যত আশা কৰিছোঁ।
Psalms 119 : 82 (IRVAS)
তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে; মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?”
Psalms 119 : 83 (IRVAS)
কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো; তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।
Psalms 119 : 84 (IRVAS)
তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব? মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা?
Psalms 119 : 85 (IRVAS)
অহঙ্কাৰীবোৰে মোৰ বাবে গাত খান্দিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়।
Psalms 119 : 86 (IRVAS)
তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য; লোকসকলে অকাৰণতে মোক তাড়না কৰে; তুমি মোক সহায় কৰা।
Psalms 119 : 87 (IRVAS)
তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে; কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই।
Psalms 119 : 88 (IRVAS)
তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা‡ তোমাৰ গভীৰ প্রেমত তুমি মোৰ জীৱন ৰক্ষা কৰা , তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম।
Psalms 119 : 89 (IRVAS)
লামেদ যিহোৱা অনন্ত কাললৈকে বিদ্যমান; তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে।
Psalms 119 : 90 (IRVAS)
পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।
Psalms 119 : 91 (IRVAS)
তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে; কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।
Psalms 119 : 92 (IRVAS)
তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন।
Psalms 119 : 93 (IRVAS)
মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম; কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।
Psalms 119 : 94 (IRVAS)
মই তোমাৰেই, মোক ৰক্ষা কৰা; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ।
Psalms 119 : 95 (IRVAS)
দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে; কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ।
Psalms 119 : 96 (IRVAS)
মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম।
Psalms 119 : 97 (IRVAS)
মেইম ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ! সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।
Psalms 119 : 98 (IRVAS)
তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
Psalms 119 : 99 (IRVAS)
মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।
Psalms 119 : 100 (IRVAS)
মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ; কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।
Psalms 119 : 101 (IRVAS)
মই সকলো কু-পথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ, যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ।
Psalms 119 : 102 (IRVAS)
মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই; কিয়নো তুমি নিজেই মোক শিক্ষা দিলা।
Psalms 119 : 103 (IRVAS)
তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে! সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে।
Psalms 119 : 104 (IRVAS)
তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ; সেই বাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।
Psalms 119 : 105 (IRVAS)
নুন তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ।
Psalms 119 : 106 (IRVAS)
তোমাৰ ধাৰ্মিকতাযুক্ত শাসনপ্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ, আৰু স্থিৰ কৰিলোঁ।
Psalms 119 : 107 (IRVAS)
হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ; তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
Psalms 119 : 108 (IRVAS)
হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা, আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা।
Psalms 119 : 109 (IRVAS)
মই মোৰ প্ৰাণ সদায় হাতত লৈ ফুৰিছোঁ; তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই।
Psalms 119 : 110 (IRVAS)
দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই।
Psalms 119 : 111 (IRVAS)
তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য; সেইবোৰ মোৰ মনৰ আনন্দজনক।
Psalms 119 : 112 (IRVAS)
চিৰকাললৈকে তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ।
Psalms 119 : 113 (IRVAS)
চামেক দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ।
Psalms 119 : 114 (IRVAS)
তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।
Psalms 119 : 115 (IRVAS)
হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম।
Psalms 119 : 116 (IRVAS)
তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম; মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা।
Psalms 119 : 117 (IRVAS)
মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম।
Psalms 119 : 118 (IRVAS)
তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা; কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ।
Psalms 119 : 119 (IRVAS)
পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা; এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
Psalms 119 : 120 (IRVAS)
তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে; তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।
Psalms 119 : 121 (IRVAS)
অয়িন মই ন্যায় বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা।
Psalms 119 : 122 (IRVAS)
তুমি তোমাৰ এই দাসৰ মঙ্গলৰ দায়িত্ব লোৱা; অহঙ্কাৰীবোৰক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা।
Psalms 119 : 123 (IRVAS)
তোমাৰ ধাৰ্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে।
Psalms 119 : 124 (IRVAS)
তোমাৰ গভীৰ প্রেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা; তোমাৰ বিধিবোৰ মোক শিকোঁৱা।
Psalms 119 : 125 (IRVAS)
মই তোমাৰ দাস; মোক বোধশক্তি দিয়া, যেন তোমাৰ আজ্ঞাবোৰ বুজিব পাৰোঁ।
Psalms 119 : 126 (IRVAS)
হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে।
Psalms 119 : 127 (IRVAS)
মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ; সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ।
Psalms 119 : 128 (IRVAS)
এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।
Psalms 119 : 129 (IRVAS)
পেই তোমাৰ আজ্ঞাবোৰ আচৰিত; সেই বাবেই মোৰ প্রাণে সেইবোৰ পালন কৰে।
Psalms 119 : 130 (IRVAS)
তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে; সৰল মনৰ লোকক বুজন শক্তি দান কৰে।
Psalms 119 : 131 (IRVAS)
মই মুখ মেলি ফোপাইছিলো; কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াহ কৰিলোঁ।
Psalms 119 : 132 (IRVAS)
তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা, তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা।
Psalms 119 : 133 (IRVAS)
তোমাৰ প্রতিজ্ঞা অনুসাৰে মোৰ খোজ সুস্থিৰ কৰি ৰাখা আৰু কোনো অধৰ্মক মোৰ ওপৰত অধিকাৰ কৰিবলৈ নিদিবা।
Psalms 119 : 134 (IRVAS)
মানুহৰ উপদ্ৰৱৰ পৰা মোক মুক্ত কৰা, তাতে মই তোমাৰ আদেশবোৰ পালন কৰিম।
Psalms 119 : 135 (IRVAS)
তোমাৰ দাসৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ বিধিবোৰ মোক শিকোৱা।
Psalms 119 : 136 (IRVAS)
মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে; কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে।
Psalms 119 : 137 (IRVAS)
চাধেই হে যিহোৱা, তুমি ধাৰ্মিক, আৰু তোমাৰ ন্যায় বিচাৰ যথাৰ্থ।
Psalms 119 : 138 (IRVAS)
তুমি সকলো বিশ্বস্ততা আৰু ধাৰ্মিকতাত তোমাৰ আজ্ঞাবোৰৰ আদেশ দিলা।
Psalms 119 : 139 (IRVAS)
তোমাৰ উৎসাহে মোক গ্ৰাস কৰিছে; কাৰণ মোৰ শত্ৰুবোৰে তোমাৰ বাক্যবোৰ পাহৰিলে।
Psalms 119 : 140 (IRVAS)
তোমাৰ প্রতিজ্ঞা উত্তম বুলি প্রমাণিত হৈছে; সেয়ে তোমাৰ দাসে তাক ভাল পায়।
Psalms 119 : 141 (IRVAS)
যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই।
Psalms 119 : 142 (IRVAS)
তোমাৰ ধাৰ্মিকতা চিৰস্থায়ী ধাৰ্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য।
Psalms 119 : 143 (IRVAS)
সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল; তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ।
Psalms 119 : 144 (IRVAS)
তোমাৰ আজ্ঞাবোৰ অনন্ত কাললৈকে ধাৰ্মিক; মোক বুজা শক্তি দিয়া, তাতে মই জীয়াই থাকিম।
Psalms 119 : 145 (IRVAS)
কোফ মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া; মই তোমাৰ বিধিবোৰ পালন কৰিম।
Psalms 119 : 146 (IRVAS)
মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা; মই তোমাৰ সকলো আজ্ঞা মানি চলিম।
Psalms 119 : 147 (IRVAS)
মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ; তোমাৰ বাক্যবোৰত আশা কৰিলোঁ।
Psalms 119 : 148 (IRVAS)
ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়, যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ।
Psalms 119 : 149 (IRVAS)
তোমাৰ গভীৰ প্রেম অনুসাৰে মোৰ স্বৰ শুনা; হে যিহোৱা, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
Psalms 119 : 150 (IRVAS)
কু-কার্য কৰি মোক তাড়না কৰাসকল ওচৰ চাপি আহিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ পৰা দূৰৈত থাকে।
Psalms 119 : 151 (IRVAS)
কিন্তু হে যিহোৱা, তুমি ওচৰ আৰু তোমাৰ সকলো আজ্ঞা সত্য;
Psalms 119 : 152 (IRVAS)
বহুত দিনৰ আগেয়ে মই তোমাৰ আজ্ঞাবোৰৰ পৰা জানিছোঁ যে, তুমি সেইবোৰ চিৰকালৰ কাৰণে স্থাপন কৰিলা।
Psalms 119 : 153 (IRVAS)
ৰেচ তুমি মোৰ দুখলৈ দৃষ্টি কৰা আৰু মোক উদ্ধাৰ কৰা; কিয়নো মই তোমাৰ ব্যৱস্থা নাপাহৰো।
Psalms 119 : 154 (IRVAS)
মোৰ পক্ষে বিবাদ নিষ্পত্তি কৰা আৰু মোক মুক্ত কৰা; তোমাৰ বাক্যত কৰা প্রতিজ্ঞা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা;
Psalms 119 : 155 (IRVAS)
দুষ্টবোৰৰ পৰা পৰিত্ৰাণ দূৰৈত থাকে; কিয়নো তেওঁলোকে তোমাৰ বিধিবোৰ নিবিচাৰে।
Psalms 119 : 156 (IRVAS)
হে যিহোৱা, তোমাৰ কৰুণা অনেক বেচি; তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
Psalms 119 : 157 (IRVAS)
মোৰ তাড়নাকাৰী আৰু শত্ৰু অনেক; কিন্তু মই তোমাৰ আজ্ঞাবোৰৰ পৰা আঁতৰি যোৱা নাই।
Psalms 119 : 158 (IRVAS)
মই বিশ্বাস ঘাতকবোৰক দেখি ঘিণ কৰোঁ; কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে।
Psalms 119 : 159 (IRVAS)
চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ! হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
Psalms 119 : 160 (IRVAS)
তোমাৰ সমস্ত বাক্য সত্য; তোমাৰ প্ৰত্যেকটো ধার্মিক শাসন-প্ৰণালী চিৰকাল স্থায়ী।
Psalms 119 : 161 (IRVAS)
চীন অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে; কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।
Psalms 119 : 162 (IRVAS)
মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।
Psalms 119 : 163 (IRVAS)
মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ।
Psalms 119 : 164 (IRVAS)
তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ।
Psalms 119 : 165 (IRVAS)
যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়; একোতেই তেওঁলোক উজুটি নাখায়।
Psalms 119 : 166 (IRVAS)
হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছোঁ; মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ।
Psalms 119 : 167 (IRVAS)
মোৰ প্রাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে; মই সেইবোৰক অতি প্ৰেম কৰোঁ।
Psalms 119 : 168 (IRVAS)
মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ; কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে।
Psalms 119 : 169 (IRVAS)
তাৱ হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা।
Psalms 119 : 170 (IRVAS)
মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা।
Psalms 119 : 171 (IRVAS)
মোৰ ওঁঠত তোমাৰ প্ৰশংসা উপচি পৰক; কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা।
Psalms 119 : 172 (IRVAS)
মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক; কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ।
Psalms 119 : 173 (IRVAS)
তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক; কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ।
Psalms 119 : 174 (IRVAS)
হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাংক্ষা কৰিছোঁ; তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয়
Psalms 119 : 175 (IRVAS)
মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰোঁ; তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক।
Psalms 119 : 176 (IRVAS)
হেৰোৱা মেৰ-ছাগৰ দৰে মই ভ্ৰান্ত হলোঁ; তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176