গীত 110 : 1 (IRVAS)
{দায়ুদৰ ৰচিত গীত। } যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
গীত 110 : 2 (IRVAS)
যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব, তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”
গীত 110 : 3 (IRVAS)
যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।
গীত 110 : 4 (IRVAS)
“তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।” যিহোৱাই এই শপত খালে; তেওঁ নিজৰ মন সলনি নকৰিব।* চাওক ইব্ৰী 5:6, 6:20, 7:17,21
গীত 110 : 5 (IRVAS)
যিহোৱা তোমাৰ সোঁহাতে আছে; ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।
গীত 110 : 6 (IRVAS)
তেওঁ জাতি সমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব, তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব; তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব।
গীত 110 : 7 (IRVAS)
তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব; তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব।
❮
❯
1
2
3
4
5
6
7