গীত 109 : 1 (IRVAS)
প্ৰধান বাদ্যকৰৰ নিমিত্তে দায়ুদৰ ৰচিত গীত হে মোৰ প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি নিজম দি নাথাকিবা;
গীত 109 : 2 (IRVAS)
কিয়নো দুষ্ট আৰু ছলনাকাৰী লোকে মোৰ বিৰুদ্ধে মুখ মেলিছে; তেওঁলোকে মিছলীয়া জিভাৰে মোৰ বিৰুদ্ধে কথা কৈছে।
গীত 109 : 3 (IRVAS)
তেওঁলোকে মোক ঘৃণনীয় কথা কৈ আগুৰি ধৰিছে; বিনা কাৰণতে মোক আক্রমণ কৰিছে।
গীত 109 : 4 (IRVAS)
মোৰ প্ৰেমৰ পৰিবর্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে; কিন্তু মই হ’লে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ।
গীত 109 : 5 (IRVAS)
মই কৰা উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰ কৰিলে; মোৰ প্ৰেমৰ সলনি মোক ঘৃণা কৰিলে।
গীত 109 : 6 (IRVAS)
“তুমি তেওঁলোকৰ ওপৰত দুষ্ট বিচাৰক নিযুক্ত কৰা; বিপক্ষ তেওঁলোকৰ সোঁহাতে থিয় হওঁক।
গীত 109 : 7 (IRVAS)
বিচাৰৰ সময়ত তেওঁলোকক দোষী সাব্যস্ত কৰা হওঁক; তেওঁলোকৰ প্ৰাৰ্থনা পাপৰূপে গণিত হওঁক।
গীত 109 : 8 (IRVAS)
তেওঁলোকৰ আয়ুস চুটি হওঁক; অন্য লোকে তেওঁলোকৰ পদবী লৈ লওঁক।
গীত 109 : 9 (IRVAS)
তেওঁলোকৰ সন্তানবোৰ অনাথ হওঁক; তেওঁলোকৰ ভার্যাবোৰ বিধৱা হওঁক।
গীত 109 : 10 (IRVAS)
তেওঁলোকৰ সন্তানবোৰে পথে পথে ভিক্ষা কৰি ফুৰক, উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক।
গীত 109 : 11 (IRVAS)
মহাজনে তেওঁলোকৰ সৰ্ব্বস্ব লৈ যাওক; বিদেশীবোৰে তেওঁলোকৰ শ্ৰমৰ ফল লুটি নিয়ক।
গীত 109 : 12 (IRVAS)
তেওঁলোকলৈ দয়া কৰোঁতা কোনো নহওক; তেওঁলোকৰ অনাথ সন্তানবোৰৰ প্রতি কৃপা কৰিবলৈ কোনো নাথাকক।
গীত 109 : 13 (IRVAS)
তেওঁলোকৰ ভাবী বংশ উচ্ছন্ন হওক; দ্বিতীয় পুৰুষতে তেওঁৰ* তেওঁলোকৰ নাম লুপ্ত হওক!
গীত 109 : 14 (IRVAS)
তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্মৰ কথা যিহোৱাৰ সোঁৱৰণত থাকক; তেওঁলোকৰ মাতৃসকলৰ পাপ মোচন কৰা নহওঁক।
গীত 109 : 15 (IRVAS)
সকলো সময়তে সেইবোৰ যিহোৱাৰ সন্মুখত থাকক, আৰু পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৃতি লুপ্ত হওঁক।
গীত 109 : 16 (IRVAS)
কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুৱাৰ কথা মনলৈ নানে, কিন্তু দুখী, দৰিদ্র আৰু হতাশগ্রস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাড়না কৰে।
গীত 109 : 17 (IRVAS)
তেওঁলোকে শাও দিবলৈ ভাল পায়; সেই শাও তেওঁলোকৰ ওপৰলৈকে আহঁক। তেওঁলোকে আশীৰ্ব্বাদ ঘৃণা কৰে; সেয়ে আশীর্বাদ তেওঁলোকৰ পৰা দূৰ হওঁক।
গীত 109 : 18 (IRVAS)
তেওঁলোকে শাওক নিজৰ বস্ত্ৰৰ দৰে পিন্ধিলে; সেয়ে পানীৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰত প্রৱেশ কৰিলে, তেওঁলোকৰ অস্থিবোৰে তেলৰ নিচিনাকৈ শুহি ল’লে।
গীত 109 : 19 (IRVAS)
সেই শাৱে চাদৰৰ দৰে তেওঁলোকক ঢাকি ৰাখক; কঁকালত সদায় বন্ধা টঙালিৰ নিচিনা বান্ধি ৰাখক।”
গীত 109 : 20 (IRVAS)
মোৰ যি বিৰোধীবিলাকে মোৰ বিৰুদ্ধে বেয়া কথা কয়, তেওঁলোকে যিহোৱাৰ পৰা যেন এই প্ৰতিফল পায়।
গীত 109 : 21 (IRVAS)
কিন্তু হে মোৰ প্রভু যিহোৱা, তোমাৰ নামৰ অর্থে মোৰ পক্ষে দয়া ব্যৱহাৰ কৰা; কিয়নো তোমাৰ মঙ্গলময় অসীম প্রেমেৰে মঙ্গলময়, এতেকে মোক উদ্ধাৰ কৰা।
গীত 109 : 22 (IRVAS)
কিয়নো মই দুখী আৰু দৰিদ্ৰ; মোৰ ভিতৰৰ অন্তৰখন বিন্ধিছে।
গীত 109 : 23 (IRVAS)
আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো; কাকতি ফৰিঙৰ নিচিনাকৈ মোক উড়ুৱাই নিয়া হৈছে।
গীত 109 : 24 (IRVAS)
লঘোন দিয়াৰ কাৰণে মোৰ আঁঠু দুটা দুৰ্ব্বল হৈছে; মোৰ শৰীৰ ক্ষীণ হৈ শুকাই গৈছে।
গীত 109 : 25 (IRVAS)
মোৰ বিৰোধীসকলৰ ওচৰত মই নিন্দাৰ পাত্র হৈছোঁ; মোক দেখিলেই তেওঁলোকে মূৰ জোকাৰে।
গীত 109 : 26 (IRVAS)
হে মোৰ ঈশ্বৰ যিহোৱা! মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক ৰক্ষা কৰা;
গীত 109 : 27 (IRVAS)
তেওঁলোকে জানক যে, এয়ে তোমাৰ হাত; হে যিহোৱা, তুমিয়েই এই সকলো কার্য কৰিলা।
গীত 109 : 28 (IRVAS)
তেওঁলোকে শাও দিয়ক, কিন্তু তুমি হ’লে আশীৰ্ব্বাদ কৰিবা; তেওঁলোকে উঠিলে লজ্জিত হ’ব; কিন্তু তোমাৰ দাস আনন্দিত হ’ব।
গীত 109 : 29 (IRVAS)
মোৰ বিৰোধীবোৰে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক; চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।
গীত 109 : 30 (IRVAS)
মই নিজ মুখেৰে অতিশয় ৰূপে যিহোৱাৰ ধন্যবাদ কৰিম; লোক সমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম;
গীত 109 : 31 (IRVAS)
যিজন অভাৱী, তেওঁ সেইজনক সহায় কৰে[† তেওঁ অভাৱী জনৰ সোঁফালে থিয় হৈ থাকে। ]; মৃত্যুদণ্ডৰ ৰায়ৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰে। [‡ কিছুমান অনুলিপিত আছে, “কিয়নো, তেওঁ অভাৱী জনৰ সোঁফালে থিয় হৈ থাকে, যেন মৃত্যুদণ্ডৰ ৰায় দিব খোজা বিচাৰকৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পাৰে”। ]
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31