গীত 102 : 1 (IRVAS)
{এজন দুখীৰ প্রার্থনা; তেওঁ যেতিয়া হতাশ হয়, তেওঁৰ দুখৰ কথা যিহোৱাক কৈছিল। } হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক।
গীত 102 : 2 (IRVAS)
সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া।
গীত 102 : 3 (IRVAS)
কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে, মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে।
গীত 102 : 4 (IRVAS)
ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।
গীত 102 : 5 (IRVAS)
মই বৰকৈ কেঁকাই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।
গীত 102 : 6 (IRVAS)
মই মৰুভূমিত বাস কৰা এটি ফেঁচা* শগুণ ৰ নিচিনা হ’লো, ধ্বংসস্তূপত থকা এটা অকলশৰীয়া সৰু ফেঁচাৰ দৰে হ’লো।
গীত 102 : 7 (IRVAS)
মই টোপনি যাব নোৱাৰো; ঘৰৰ চালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ হ’লো।
গীত 102 : 8 (IRVAS)
মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে; মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে।
গীত 102 : 9 (IRVAS)
বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ; পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও;
গীত 102 : 10 (IRVAS)
ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ; কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা।
গীত 102 : 11 (IRVAS)
মোৰ দিনবোৰ সন্ধিয়া পৰৰ ছাঁৰ নিচিনা হৈছে; মই তৃণৰ দৰে শুকাই গৈছোঁ।
গীত 102 : 12 (IRVAS)
কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা; তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী।
গীত 102 : 13 (IRVAS)
তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা; এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে, কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।
গীত 102 : 14 (IRVAS)
তোমাৰ দাসবোৰৰ ওচৰত তাৰ শিলবোৰ প্রিয়, তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।
গীত 102 : 15 (IRVAS)
যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব, পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্ৰতাপত ভীত হ’ব।
গীত 102 : 16 (IRVAS)
কিয়নো যিহোৱাই পুনৰ চিয়োনক নিৰ্ম্মাণ কৰিব; তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব।
গীত 102 : 17 (IRVAS)
সেই সময়ত তেওঁ দীনহীনবোৰৰ প্রার্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।
গীত 102 : 18 (IRVAS)
ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব, যাতে এতিয়া জন্ম নোহোৱা সন্তান সকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।
গীত 102 : 19 (IRVAS)
কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে; যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টি কৰিলে,
গীত 102 : 20 (IRVAS)
যাতে বন্দীসকলৰ কেঁকনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।
গীত 102 : 21 (IRVAS)
চিয়োনত যিহোৱাৰ নাম প্রচাৰিত হ’ব, যিৰূচালেমত তেওঁৰ প্ৰশংসা-স্তুতি হ’ব,
গীত 102 : 22 (IRVAS)
যেতিয়া যিহোৱাৰ সেৱা কৰিবৰ কাৰণে সকলো জাতি আৰু ৰাজ্যবোৰ একত্রিত হ’ব।
গীত 102 : 23 (IRVAS)
জীৱন পথৰ মাজতেই[† যিহোৱাই মোৰ ডেকা বয়সতে মোৰ শক্তি কমাই দিলে। ] যিহোৱাই মোৰ শক্তি কমাই দিলে; মোৰ আয়ুস চুটি কৰি দিলে।
গীত 102 : 24 (IRVAS)
সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা; তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”
গীত 102 : 25 (IRVAS)
অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য।
গীত 102 : 26 (IRVAS)
সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা; কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব; তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা; তাতে সেইবোৰ আৰু নাথাকিব।
গীত 102 : 27 (IRVAS)
কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব।
গীত 102 : 28 (IRVAS)
তোমাৰ দাসবোৰৰ সন্তান সকল জীয়াই থাকিব; তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28