Proverbs 6 : 1 (IRVAS)
{বিবেচনা নকৰাকৈ জামিন হোৱা, আৰু এলাহ আদি নিষেধ। } হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা,
Proverbs 6 : 2 (IRVAS)
তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।
Proverbs 6 : 3 (IRVAS)
হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা।
Proverbs 6 : 4 (IRVAS)
তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা।
Proverbs 6 : 5 (IRVAS)
হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।
Proverbs 6 : 6 (IRVAS)
হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।
Proverbs 6 : 7 (IRVAS)
সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,
Proverbs 6 : 8 (IRVAS)
তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
Proverbs 6 : 9 (IRVAS)
হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা?
Proverbs 6 : 10 (IRVAS)
“আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”-
Proverbs 6 : 11 (IRVAS)
তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
Proverbs 6 : 12 (IRVAS)
এজন অপদাৰ্থ* অপদাৰ্থ নিষ্কৰ্মা ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
Proverbs 6 : 13 (IRVAS)
তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে।
Proverbs 6 : 14 (IRVAS)
তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে,
Proverbs 6 : 15 (IRVAS)
সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে।
Proverbs 6 : 16 (IRVAS)
যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
Proverbs 6 : 17 (IRVAS)
গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
Proverbs 6 : 18 (IRVAS)
বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
Proverbs 6 : 19 (IRVAS)
মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
Proverbs 6 : 20 (IRVAS)
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
Proverbs 6 : 21 (IRVAS)
সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
Proverbs 6 : 22 (IRVAS)
তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
Proverbs 6 : 23 (IRVAS)
কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।
Proverbs 6 : 24 (IRVAS)
অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে,
Proverbs 6 : 25 (IRVAS)
তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।
Proverbs 6 : 26 (IRVAS)
বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে।
Proverbs 6 : 27 (IRVAS)
কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত, জুই ৰাখিব পাৰে নে?
Proverbs 6 : 28 (IRVAS)
কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ, জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে?
Proverbs 6 : 29 (IRVAS)
সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে।
Proverbs 6 : 30 (IRVAS)
চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে, লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে;
Proverbs 6 : 31 (IRVAS)
কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব, আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব।
Proverbs 6 : 32 (IRVAS)
যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস† সহবাস ব্যভিচাৰ কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে।
Proverbs 6 : 33 (IRVAS)
তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব।
Proverbs 6 : 34 (IRVAS)
কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।
Proverbs 6 : 35 (IRVAS)
তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব; আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35