Proverbs 5 : 1 (IRVAS)
{বেশ্যাৰ ওচৰলৈ যোৱা নিষেধ। } হে মোৰ পুত্র, মোৰ প্রজ্ঞালৈ মনোযোগ দিয়া; সাৱধানতাৰে মোৰ তাৎপর্যপূৰ্ণ কথা শুনা।
Proverbs 5 : 2 (IRVAS)
সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা; আৰু তোমাৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব পাৰিব।
Proverbs 5 : 3 (IRVAS)
কিয়নো ব্যভিচাৰিণীৰ ওঁঠৰ পৰা টোপে টোপে মৌ বৰষে, আৰু তেওঁৰ মুখৰ কথা তেলতকৈয়ো মসৃণ।
Proverbs 5 : 4 (IRVAS)
কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে। তিতা উদ্ভিদৰ দৰে হয়,
Proverbs 5 : 5 (IRVAS)
তেওঁৰ ভৰি মৃত্যুলৈ নামি যায়, তেওঁ খোজ দিয়া সকলো পথ চিয়োললৈ যায়।
Proverbs 5 : 6 (IRVAS)
তেওঁ জীৱন পথত কোনো চিন্তা নকৰে; তেওঁৰ খোজ আচৰ্যজনক, তেওঁ ক’লৈ গৈ আছে তেওঁ নাজানে।
Proverbs 5 : 7 (IRVAS)
আৰু এতিয়া, হে মোৰ পুত্রসকল, মোৰ কথা শুনা, মোৰ মুখৰ বাক্য শুনাৰ পৰা বিমুখ নহবা।
Proverbs 5 : 8 (IRVAS)
তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা; তেওঁৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ নাযাবা।
Proverbs 5 : 9 (IRVAS)
নহ’লে তোমাৰ সন্মান অন্যলোকক এৰি দিব লাগিব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ নিৰ্দয় ব্যক্তিক দিব লাগিব।
Proverbs 5 : 10 (IRVAS)
তোমাৰ সম্পত্তি অচিনাকী লোকে ভোগ কৰিব; আৰু তোমাৰ পৰিশ্ৰমৰ ফল অচিনাকী লোকৰ ঘৰলৈ যাব।
Proverbs 5 : 11 (IRVAS)
আৰু তোমাৰ জীৱনৰ শেষত তুমি আৰ্তনাদ কৰিবা; তোমাৰ যেতিয়া শৰীৰ আৰু মাংস ক্ষয় হ’ব,
Proverbs 5 : 12 (IRVAS)
তুমি ক’বা, “মই কেনেকৈ শাসন প্রণালীক ঘিণ কৰিছিলোঁ। আৰু মোৰ অন্তৰে অনুযোগ হেয়জ্ঞান কৰিলে।
Proverbs 5 : 13 (IRVAS)
মই মোৰ শিক্ষকসকলক মানিচলা নাছিলো, বা মোক দিয়া উপদেশ নুশুনিলোঁ।
Proverbs 5 : 14 (IRVAS)
সমাজ আৰু সমবেত লোকসকলৰ মাজত মই প্ৰায় সম্পূৰ্ণ ধ্বংস হলোঁ।
Proverbs 5 : 15 (IRVAS)
তুমি তোমাৰ নিজৰ পুখুৰীৰ পানী খোৱা, আৰু তোমাৰ নিজৰ নাদৰ পৰা ওলাই থকা পানী পান কৰা।
Proverbs 5 : 16 (IRVAS)
তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে? আৰু তোমাৰ জুৰিৰ পানী জনসাধৰণৰ মাজলৈ বৈ যাব লাগে নে?
Proverbs 5 : 17 (IRVAS)
সেইবোৰ কেৱল তোমাৰ নিজৰ বাবেই হওক, আৰু তোমাৰ সৈতে থকা অচিনাকী লোকৰ বাবে নহওক।
Proverbs 5 : 18 (IRVAS)
তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক; তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা।
Proverbs 5 : 19 (IRVAS)
কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।
Proverbs 5 : 20 (IRVAS)
কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা? আৰু তুমি অচিনাকী মহিলাৰ বুকু কিয় সাৱটি ধৰিবা?
Proverbs 5 : 21 (IRVAS)
কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে।
Proverbs 5 : 22 (IRVAS)
এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে; তেওঁক নিজৰ পাপৰূপ জৰীয়ে বান্ধি ৰাখে।
Proverbs 5 : 23 (IRVAS)
নিয়মানুবৰ্ত্তিতাৰ অভাৱত তেওঁৰ মৃত্যু হয়; তেওঁৰ অজ্ঞানতাৰ কাৰণে তেওঁ বিপথে যায়।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23