Proverbs 22 : 1 (IRVAS)
প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা, সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম।
Proverbs 22 : 2 (IRVAS)
ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই, তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্ত্তা যিহোৱা হয়।
Proverbs 22 : 3 (IRVAS)
দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।
Proverbs 22 : 4 (IRVAS)
যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।
Proverbs 22 : 5 (IRVAS)
কুটিল লোকৰ পথত কাঁইট আৰু প্রৱঞ্চনাৰ ফান্দ থাকে; যিজনে নিজৰ আত্মা ৰক্ষা কৰে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে।
Proverbs 22 : 6 (IRVAS)
সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।
Proverbs 22 : 7 (IRVAS)
ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে, আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়।
Proverbs 22 : 8 (IRVAS)
যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব; আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব।
Proverbs 22 : 9 (IRVAS)
উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।
Proverbs 22 : 10 (IRVAS)
নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব, এনে কি বিৰোধ আৰু অপমানো নহ’ব।
Proverbs 22 : 11 (IRVAS)
যিজনে শুদ্ধ হৃদয় ভাল পায়, আৰু যাৰ কথা অমায়িক, তেওঁৰ বন্ধুৰ বাবে তেওঁৰ এজন ৰজা হ’ব।
Proverbs 22 : 12 (IRVAS)
যিহোৱাৰ চকুৱে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে; কিন্তু তেওঁ বিশ্বাসঘাতকৰ কথা উৎখাত কৰে।
Proverbs 22 : 13 (IRVAS)
এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইত মোক বধ কৰিব।”
Proverbs 22 : 14 (IRVAS)
ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।
Proverbs 22 : 15 (IRVAS)
সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে; কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে।
Proverbs 22 : 16 (IRVAS)
নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।
Proverbs 22 : 17 (IRVAS)
জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা।
Proverbs 22 : 18 (IRVAS)
কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে, তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব।
Proverbs 22 : 19 (IRVAS)
সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে, মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ।
Proverbs 22 : 20 (IRVAS)
পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে?
Proverbs 22 : 21 (IRVAS)
তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ, যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা।
Proverbs 22 : 22 (IRVAS)
দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
Proverbs 22 : 23 (IRVAS)
কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
Proverbs 22 : 24 (IRVAS)
যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
Proverbs 22 : 25 (IRVAS)
নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।
Proverbs 22 : 26 (IRVAS)
ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়।
Proverbs 22 : 27 (IRVAS)
যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?
Proverbs 22 : 28 (IRVAS)
তোমাৰ পিতৃয়ে স্থাপন কৰা, পূৰ্বৰ সীমাৰ শিল নুগুচাবা।
Proverbs 22 : 29 (IRVAS)
নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29