Proverbs 16 : 1 (IRVAS)
মনৰ কল্পনা মানুহৰ; কিন্তু জিভাৰ উত্তৰ যিহোৱাৰ পৰা আহে।
Proverbs 16 : 2 (IRVAS)
মানুহৰ সকলো পথ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু যিহোৱাই আত্মাবোৰ পৰীক্ষা কৰে।
Proverbs 16 : 3 (IRVAS)
তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা; তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব।
Proverbs 16 : 4 (IRVAS)
যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে।
Proverbs 16 : 5 (IRVAS)
অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব।
Proverbs 16 : 6 (IRVAS)
বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে।
Proverbs 16 : 7 (IRVAS)
যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।
Proverbs 16 : 8 (IRVAS)
অন্যায়েৰে সৈতে অধিক আয়তকৈ ন্যায়েৰে সৈতে অলপেই ভাল।
Proverbs 16 : 9 (IRVAS)
মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে।
Proverbs 16 : 10 (IRVAS)
ৰজাৰ ওঁঠত ঈশ্বৰীয় বাক্য থাকে; বিচাৰত তেওঁৰ মুখে অন্যায়ৰ কথা নকয়।
Proverbs 16 : 11 (IRVAS)
সঠিক তুলাচনী যিহোৱাৰ পৰা আহে; আৰু মোনাত থকা সকলোবোৰ দগা তেওঁৰেই সৃষ্টি।
Proverbs 16 : 12 (IRVAS)
যেতিয়া ৰজাই বেয়া কৰ্ম কৰে, তেতিয়া কিছুমান অবজ্ঞা কৰিবলগীয়া বিষয় হয়, কাৰণ তেওঁৰ সিংহাসন সৎ কাৰ্য কৰাৰ দ্বাৰাই স্থাপন কৰা হৈছে।
Proverbs 16 : 13 (IRVAS)
ন্যায় কথা কোৱা ওঁঠে ৰজাক আনন্দিত কৰে; আৰু তেওঁ পোনপটীয়াকৈ কথা কোৱা লোকক ভাল পায়।
Proverbs 16 : 14 (IRVAS)
ৰজাৰ ক্ৰোধ মৃত্যুৰ বাৰ্ত্তাবাহক স্বৰূপ; কিন্তু জ্ঞানী লোকে তেওঁৰ ক্রোধ শান্ত কৰিবলৈ চেষ্টা কৰে।
Proverbs 16 : 15 (IRVAS)
ৰজাৰ মুখমণ্ডলৰ উজ্জলতা জীৱন স্বৰূপ, আৰু তেওঁৰ অনুগ্ৰহ বসন্ত কালৰ বৰষুণৰ মেঘৰ দৰে।
Proverbs 16 : 16 (IRVAS)
সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম।
Proverbs 16 : 17 (IRVAS)
ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে; যি জনে নিজৰ জীৱন সুৰক্ষিত কৰে, তেওঁ নিজৰ পথৰ তত্বাৱধান কৰে।
Proverbs 16 : 18 (IRVAS)
বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।
Proverbs 16 : 19 (IRVAS)
অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল।
Proverbs 16 : 20 (IRVAS)
যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়।
Proverbs 16 : 21 (IRVAS)
যিজন হৃদয়েৰে জ্ঞানী, তেওঁক সুবিবেচক বুলি কোৱা হয়, আৰু মৃদু কথাই শিক্ষা দিয়া সক্ষমতা বৃদ্ধি কৰে।
Proverbs 16 : 22 (IRVAS)
বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ; কিন্তু অজ্ঞানী সকলৰ শাস্তি তেওঁলোকৰ অজ্ঞানতা।
Proverbs 16 : 23 (IRVAS)
জ্ঞানী লোকৰ হৃদয়ে তেওঁৰ মুখেৰে জ্ঞান প্রকাশ কৰে; আৰু তেওঁৰ ওঁঠত বিশ্বাসৰ কথা থাকে।
Proverbs 16 : 24 (IRVAS)
সন্তোষজনক বাক্য মৌচাকৰ দৰে; সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ।
Proverbs 16 : 25 (IRVAS)
এনে পথ আছে, যি মানুহৰ দৃষ্টিত শুদ্ধ; কিন্তু শেষতে সেয়ে মৃত্যুৰ পথ হয়।
Proverbs 16 : 26 (IRVAS)
পৰিশ্ৰমী লোকৰ ক্ষুধাই তেওঁক পৰিশ্ৰম কৰায়; তেওঁৰ ক্ষুধাই তেওঁক উদগায়।
Proverbs 16 : 27 (IRVAS)
নিষ্কৰ্মা লোকে দুষ্কর্ম খান্দি উলিয়াই, আৰু তেওঁৰ কথা জলন্ত আঙঠাৰ দৰে।
Proverbs 16 : 28 (IRVAS)
উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে; পৰচৰ্চ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
Proverbs 16 : 29 (IRVAS)
অত্যাচাৰী লোকে নিজৰ চুবুৰীয়াক মিছা কথা কয়; আৰু যি পথ বেয়া, সেই পথলৈ তেওঁক লৈ যায়।
Proverbs 16 : 30 (IRVAS)
যিজনে চকু টিপিয়াই, তেওঁ অসৎ বিষয়ৰ পৰিকল্পনা কৰে। যিসকলে ওঁঠ কামোৰে তেওঁলোকে পাপ কাৰ্য হ’বলৈ দিয়ে।
Proverbs 16 : 31 (IRVAS)
পকা চুলি গৌৰৱৰ মুকুট। সৎ পথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়।
Proverbs 16 : 32 (IRVAS)
ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ।
Proverbs 16 : 33 (IRVAS)
চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33