Proverbs 15 : 1 (IRVAS)
মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কঠোৰ কথাই খং তোলে।
Proverbs 15 : 2 (IRVAS)
জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে; কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়।
Proverbs 15 : 3 (IRVAS)
যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে, ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে।
Proverbs 15 : 4 (IRVAS)
সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ; কিন্তু প্রতাৰণাপূৰ্ণ জিভাই আত্মাক গুৰি কৰে।
Proverbs 15 : 5 (IRVAS)
অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা লয়, তেওঁ দূৰদৰ্শী।
Proverbs 15 : 6 (IRVAS)
যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়; কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়।
Proverbs 15 : 7 (IRVAS)
জ্ঞানী লোকৰ ওঁঠে জ্ঞানৰ বিষয়ে কয়, কিন্তু অজ্ঞানী লোকৰ হৃদয়ে সেইদৰে নকৰে।
Proverbs 15 : 8 (IRVAS)
দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
Proverbs 15 : 9 (IRVAS)
দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে; কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে।
Proverbs 15 : 10 (IRVAS)
যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে; আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ’ব।
Proverbs 15 : 11 (IRVAS)
চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই; তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে।
Proverbs 15 : 12 (IRVAS)
নিন্দক লোকে অনুযোগত বিৰক্তি পায়; তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়।
Proverbs 15 : 13 (IRVAS)
আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে; কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে।
Proverbs 15 : 14 (IRVAS)
সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে; কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে।
Proverbs 15 : 15 (IRVAS)
নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক; কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী।
Proverbs 15 : 16 (IRVAS)
বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।
Proverbs 15 : 17 (IRVAS)
হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ প্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল।
Proverbs 15 : 18 (IRVAS)
ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে; কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে।
Proverbs 15 : 19 (IRVAS)
এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ; কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথ স্বৰূপ।
Proverbs 15 : 20 (IRVAS)
জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে।
Proverbs 15 : 21 (IRVAS)
জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে; কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে।
Proverbs 15 : 22 (IRVAS)
পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়; কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়।
Proverbs 15 : 23 (IRVAS)
মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়, আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল।
Proverbs 15 : 24 (IRVAS)
দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়; যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে।
Proverbs 15 : 25 (IRVAS)
যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।
Proverbs 15 : 26 (IRVAS)
যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে; কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল।
Proverbs 15 : 27 (IRVAS)
ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।
Proverbs 15 : 28 (IRVAS)
সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে; কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।
Proverbs 15 : 29 (IRVAS)
যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে; কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে।
Proverbs 15 : 30 (IRVAS)
চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে; আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে।
Proverbs 15 : 31 (IRVAS)
যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া, তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা।
Proverbs 15 : 32 (IRVAS)
যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে; কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে।
Proverbs 15 : 33 (IRVAS)
যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33