Proverbs 12 : 1 (IRVAS)
যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়; কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ।
Proverbs 12 : 2 (IRVAS)
শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়; কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়।
Proverbs 12 : 3 (IRVAS)
কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়; কিন্তু সত্যতাত চলা জনৰ মূল লৰচৰ নহব।
Proverbs 12 : 4 (IRVAS)
গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে; কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়।
Proverbs 12 : 5 (IRVAS)
সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়; কিন্তু দুষ্টলোকৰ উপদেশ প্ৰতাৰণাপূৰ্ণ।
Proverbs 12 : 6 (IRVAS)
দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়; কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।
Proverbs 12 : 7 (IRVAS)
দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়; কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে।
Proverbs 12 : 8 (IRVAS)
মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়; কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়।
Proverbs 12 : 9 (IRVAS)
গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল; খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহংকাৰ কৰে।
Proverbs 12 : 10 (IRVAS)
যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে; কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।
Proverbs 12 : 11 (IRVAS)
যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়; কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞানশূন্য।
Proverbs 12 : 12 (IRVAS)
দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাংক্ষা কৰে; কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে।
Proverbs 12 : 13 (IRVAS)
পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই; কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।
Proverbs 12 : 14 (IRVAS)
মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়; তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়।
Proverbs 12 : 15 (IRVAS)
অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে।
Proverbs 12 : 16 (IRVAS)
অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই; কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়।
Proverbs 12 : 17 (IRVAS)
যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।
Proverbs 12 : 18 (IRVAS)
যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।
Proverbs 12 : 19 (IRVAS)
সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।
Proverbs 12 : 20 (IRVAS)
কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে; কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়।
Proverbs 12 : 21 (IRVAS)
সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে; কিন্তু দুষ্টলোক সমস্যাৰে পৰিপূৰ্ণ হয়।
Proverbs 12 : 22 (IRVAS)
মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।
Proverbs 12 : 23 (IRVAS)
দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে; কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে।
Proverbs 12 : 24 (IRVAS)
পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।
Proverbs 12 : 25 (IRVAS)
মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে; কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে।
Proverbs 12 : 26 (IRVAS)
সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়; কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে।
Proverbs 12 : 27 (IRVAS)
এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে; কিন্তু পৰিশ্ৰমী লোকে মূল্যবান সম্পত্তি লাভ কৰে।
Proverbs 12 : 28 (IRVAS)
যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়; আৰু এই পথত মৃত্যু নাই।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28