Proverbs 10 : 1 (IRVAS)
{চলোমনৰ নীতি-বাক্য। } চলোমনৰ নীতি বাক্য। জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে।
Proverbs 10 : 2 (IRVAS)
দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে।
Proverbs 10 : 3 (IRVAS)
যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে।
Proverbs 10 : 4 (IRVAS)
এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।
Proverbs 10 : 5 (IRVAS)
গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়; কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ।
Proverbs 10 : 6 (IRVAS)
সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে; কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ।
Proverbs 10 : 7 (IRVAS)
সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
Proverbs 10 : 8 (IRVAS)
যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।
Proverbs 10 : 9 (IRVAS)
যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
Proverbs 10 : 10 (IRVAS)
চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে; কিন্তু কথকি মুৰ্খলোক পতিত হয়।
Proverbs 10 : 11 (IRVAS)
সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ; কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে।
Proverbs 10 : 12 (IRVAS)
ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে।
Proverbs 10 : 13 (IRVAS)
সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়; কিন্তু পিঠিত চেকনী জ্ঞানশূন্য লোকৰ বাবে হয়।
Proverbs 10 : 14 (IRVAS)
জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে।
Proverbs 10 : 15 (IRVAS)
ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ।
Proverbs 10 : 16 (IRVAS)
সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে; দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে।
Proverbs 10 : 17 (IRVAS)
যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে; কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়।
Proverbs 10 : 18 (IRVAS)
যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়।
Proverbs 10 : 19 (IRVAS)
অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী।
Proverbs 10 : 20 (IRVAS)
যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে।
Proverbs 10 : 21 (IRVAS)
সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।
Proverbs 10 : 22 (IRVAS)
যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
Proverbs 10 : 23 (IRVAS)
দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।
Proverbs 10 : 24 (IRVAS)
দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে; কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়।
Proverbs 10 : 25 (IRVAS)
দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।
Proverbs 10 : 26 (IRVAS)
দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা।
Proverbs 10 : 27 (IRVAS)
যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব।
Proverbs 10 : 28 (IRVAS)
সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।
Proverbs 10 : 29 (IRVAS)
যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
Proverbs 10 : 30 (IRVAS)
যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব; কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব।
Proverbs 10 : 31 (IRVAS)
যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়; কিন্তু উচ্ছৃঙ্খল জিভা কাটি পেলোৱা হ’ব।
Proverbs 10 : 32 (IRVAS)
যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে; কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32