Philippians 3 : 1 (IRVAS)
Philippians 3 : 2 (IRVAS)
শেষতে, হে মোৰ ভাই সকল, প্ৰভুত আনন্দ কৰক। এই একে কথাকে আপোনালোকলৈ লিখিবৰ বাবে মোৰ কোনো সমস্যা হোৱা নাই আৰু সেইবোৰে আপোনালোকক নিৰাপদে ৰাখিব৷ সেই কুকুৰহঁতলৈ সাৱধানে থাকিব৷ সেই দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতি সাৱধান হওক আৰু যি সকলে ছিন্ন-ভিন্ন কৰিব বিচাৰে, সিহঁতলৈকো* গাল 5:1-12৷ সাৱধানে থাকক।
Philippians 3 : 3 (IRVAS)
কিয়নো আমি হে প্ৰকৃততে চুন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।
Philippians 3 : 4 (IRVAS)
তথাপি মই হ’লে মাংসতো ভাৰসা কৰিলে কৰিব পাৰোঁ৷ কোনোৱে যদি মাংসত ভাৰসা কৰিব পাৰে বুলি ভাবে, তেনেহলে তাতকৈ মই অধিক ভাৰসা কৰিব পাৰোঁ।
Philippians 3 : 5 (IRVAS)
মই অষ্টম দিনত চুন্নৎ হোৱা ইস্ৰায়েল জাতিৰ, বিন্যামীন ফৈদৰ, ইব্ৰী সকলৰ মাজৰ এজন আৰু বিধানৰ সম্বন্ধে এজন ফৰীচী৷
Philippians 3 : 6 (IRVAS)
মই উদ্যমেৰে মণ্ডলীৰ তাড়নাকাৰী† পাঁ 22:3, 4; গাল 1:13, 14৷ আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী আছিলোঁ৷
Philippians 3 : 7 (IRVAS)
কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলো;
Philippians 3 : 8 (IRVAS)
মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷
Philippians 3 : 9 (IRVAS)
আৰু এতিয়া মই তেওঁক বিচাৰি পালোঁ৷ মোৰ নিজ ধাৰ্মিকতা, বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়; ইয়াৰ পৰিৱৰ্তে মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে, ধাৰ্মিক হলোঁ৷
Philippians 3 : 10 (IRVAS)
এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত‡ 1 পি 4:13৷ মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছোঁ;
Philippians 3 : 11 (IRVAS)
যাতে কোনো প্ৰকাৰে মৃত লোকৰ পুনৰুত্থানৰ ভাগী হ’ব পাৰোঁ৷
Philippians 3 : 12 (IRVAS)
মই এইবোৰ এতিয়ালৈ গ্ৰহণ কৰিব পৰা নাই, সেই বাবে মই এতিয়াও সিদ্ধ হোৱা নাই; কিন্তু যি কাৰণত খ্ৰীষ্ট যীচুৰ দ্বাৰাই মোক নিয়ন্ত্ৰণ কৰা হ’ল, মই যেন কোনো প্ৰকাৰে সেইবোৰক মোৰ অধীনত কৰিব পাৰোঁ, তাৰ বাবে মই চলি আছোঁ।
Philippians 3 : 13 (IRVAS)
হে ভাই সকল, মই যে সেয়া মোৰ অধীনত কৰিলোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷
Philippians 3 : 14 (IRVAS)
খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বটাৰ অৰ্থে ঘাইকৈ আগবাঢ়ি গৈ আছোঁ।§ 1 কৰি 9:24; 2 তী 4:7, 8; ইব্ৰী 12:1৷
Philippians 3 : 15 (IRVAS)
এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপে ভাবক আৰু যদি কোনো বিষয়ত আপোনালোকৰ অন্য ভাব থাকে, তেনেহলে ঈশ্বৰে সেই বিষয়ে আপোনালোকলৈ প্ৰকাশ কৰিব।
Philippians 3 : 16 (IRVAS)
যি কাৰণতেই হওক, আমি যি পথত এইখিনি পালন কৰোঁ, তাতেই যেন অনুসৰণ কৰি চলোঁ।
Philippians 3 : 17 (IRVAS)
হে ভাই সকল, আপোনালোকেও মোৰ অনুকাৰী হওক আৰু আপোনালোকৰ আৰ্হি স্বৰূপ যি আমি, আৰু আমাৰ দৰে যি সকলে জীৱন-যাপন কৰে, তেখেত সকলক অনুসৰণ কৰক।
Philippians 3 : 18 (IRVAS)
মই আপোনালোকক বাৰে বাৰে কৈছোঁ, এতিয়াও চকুলো তুকিয়েই কওঁ, আপোনালোকৰ অনেকে জীয়াই থাকিও, খ্ৰীষ্টৰ ক্ৰুচৰ শত্ৰু হৈ আছে;
Philippians 3 : 19 (IRVAS)
তেখেত সকলৰ শেষগতি সৰ্ব্বনাশ, পেটেই তেখেত সকলৰ ঈশ্বৰ, নিজ নিজ লাজত তেখেত সকলৰ গৌৰৱ আছে, তেখেত সকলে পাৰ্থিৱ বিষয়বোৰৰ বিষয়ে ভাবি থাকে।
Philippians 3 : 20 (IRVAS)
কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ;* 1 কৰি 1:7; ইব্ৰী 9:28৷
Philippians 3 : 21 (IRVAS)
তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব।† 1 কৰি 15:40-53৷
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21