Numbers 12 : 1 (IRVAS)
{হাৰোণ আৰু মিৰিয়মে মোচিৰ অহিতে দোষ কৰা; আৰু তাৰ দণ্ড। } মোচিয়ে কুচ দেশীয় যি জনীক বিয়া কৰিছিল, সেই গৰাকীৰ বিষয়ে মিৰিয়ম আৰু হাৰোণে মোচিৰ অহিতে কথা কলে; কাৰণ তেওঁ এজনী কুচীয়া মহিলাৰ সৈতে বিয়া পাতিছিল।
Numbers 12 : 2 (IRVAS)
তেওঁলোকে ক’লে, “যিহোৱাই জানো কেৱল মোচিৰ যোগেদি কথা কয়? আমাৰ যোগেদি নকয় জানো?” আৰু যিহোৱাই সেই কথা শুনিলে।
Numbers 12 : 3 (IRVAS)
পৃথিৱীত থকা লোকসকলৰ মাজত মোচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।
Numbers 12 : 4 (IRVAS)
পাছে যিহোৱাই পোনে পোনেই মোচি, হাৰোণ আৰু মিৰিয়মক ক’লে, “তোমালোক তিনিওজন বাহিৰ হৈ সাক্ষাৎ কৰা তম্বুৰ গুৰিলৈ আহাঁ।” তাতে তেওঁলোক তিনিওজন ওলাই গ’ল।
Numbers 12 : 5 (IRVAS)
তেতিয়া যিহোৱাই মেঘ-স্তম্ভত নামি আহি, তম্বুৰ দুৱাৰ মুখত স্থিতি হৈ, হাৰোণ আৰু মিৰিয়মক মাতিলে। তেতিয়া তেওঁলোক দুয়ো আগ বাঢ়ি গ’ল।
Numbers 12 : 6 (IRVAS)
যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।
Numbers 12 : 7 (IRVAS)
মোৰ দাস মোচি তেনে নহয়। তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী।
Numbers 12 : 8 (IRVAS)
তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ* মোৰ যিহোৱাৰ আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”
Numbers 12 : 9 (IRVAS)
তাতে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ প্ৰস্থান কৰিলে।
Numbers 12 : 10 (IRVAS)
পাছে তম্বুৰ ওপৰৰ পৰা মেঘ গুচিলত, চোৱা, মিৰিয়মৰ গাত হিমৰ দৰে কুষ্ঠৰোগ হ’ল - তেতিয়া হাৰোণে মিৰিয়মৰ ফাললৈ মুখ ঘূৰাই চাই তেওঁক কুষ্ঠৰোগ হোৱাতো তেওঁ দেখিলে।
Numbers 12 : 11 (IRVAS)
তেতিয়া হাৰোণে মোচিক ক’লে, “হায় হায় মোৰ প্ৰভু, আমি মুৰ্খৰ দৰে কাৰ্য কৰি যি পাপ কৰিলোঁ, বিনয় কৰিছোঁ, সেই পাপৰ ফল আমাক ভোগ কৰিবলৈ নিদিয়ক।
Numbers 12 : 12 (IRVAS)
মাকৰ গৰ্ভৰ পৰা ওলোৱা কালত যাৰ মাংস আধা নষ্ট, এনে মৰা গৰ্ভফলৰ দৰে এওঁক হ’বলৈ নিদিয়ক।”
Numbers 12 : 13 (IRVAS)
তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “হে ঈশ্বৰ, বিনয় কৰিছোঁ, এওঁক সুস্থ কৰক।”
Numbers 12 : 14 (IRVAS)
পাছত যিহোৱাই মোচিক ক’লে, “তেওঁৰ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহলে তেওঁৰ জানো সাত দিনলৈকে লাজ কৰি নাথাকিলহেঁতেন? এই হেতুকে তেওঁ সাত দিন ছাউনিৰ বাহিৰে বন্ধ হৈ থাওঁক, পাছত তেওঁক পুনৰায় ভিতৰলৈ আনিবা।”
Numbers 12 : 15 (IRVAS)
তেতিয়া মিৰিয়মক সাদিন ছাউনিৰ বাহিৰত বন্ধ কৰি ৰখা হ’ল; যেতিয়ালৈকে মিৰিয়মক ভিতৰলৈ অনা নহ’ল, তেতিয়ালৈকে লোকসকলে যাত্ৰা নকৰিলে।
Numbers 12 : 16 (IRVAS)
পাছত লোকসকলে হচেৰোতৰ পৰা যাত্ৰা কৰি, পাৰণ মৰুভূমি ছাউনি পাতিলে।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16