Nahum 2 : 1 (IRVAS)
{নীনবিৰ অৱৰোধ আৰু পতন। } যি জনে তোমালোকক ডোখৰ-ডোখৰকৈ ভাঙিব, তেওঁ তোমালোকৰ বিৰুদ্ধে উঠি আহি আছে। তোমালোকে দুৰ্গবোৰ দৃঢ় কৰা, বাটবোৰলৈ পহৰা দি থাকা, নিজকে অতিশয় বলৱান কৰা আৰু নিজ সৈন্যদলবোৰক একত্রিত কৰা।
Nahum 2 : 2 (IRVAS)
কিয়নো যদিও লুণ্ঠন কৰোঁতা সকলে তেওঁলোকক খালি কৰি উলিয়াই পঠিয়ালে আৰু তেওঁলোকৰ দ্ৰাক্ষালতাৰ ডালবোৰ নষ্ট কৰিলে তথাপিও যিহোৱাই ইস্ৰায়েলৰ মহত্ত্বৰ দৰে যাকোবৰ মহত্ত্ব পুনৰায় স্থাপন কৰিব।
Nahum 2 : 3 (IRVAS)
তেওঁৰ বীৰ লোকসকলৰ ঢালৰ ৰং ৰঙা আৰু পৰাক্ৰমী লোকসকল সেন্দুৰ বৰণীয়া কাপোৰ পিন্ধা; যুদ্ধলৈ সাজু হোৱাৰ দিনা তেওঁলোকৰ ৰথবোৰৰ তীখা* তীখা লো আৰু কাৰ্বন মিহলাই তৈয়াৰ কৰা সংকৰ ধাতু জিলিকে আৰু ছাইপ্রেচ গছবোৰৰ জাঠিবোৰ হাতত বৰকৈ বতাহত তুলি ধৰি লৰাবলৈ ল’লে।
Nahum 2 : 4 (IRVAS)
ৰথবোৰ অতি বেগৰে বাটৰ মাজেদি চলিবলৈ ধৰিলে; তেওঁলোকে বহল মুকলি বাটবোৰত ইখনে সিখনক ইফালে-সিফালে চলালে। সেইবোৰ দেখিবলৈ আৰিয়াৰ নিচিনা আৰু সেইবোৰ বিজুলীৰ নিচিনাকৈ অতি বেগেৰে গৈছে।
Nahum 2 : 6 (IRVAS)
যি জনে তোমালোকক ডোখৰ-ডোখৰকৈ ভাঙিব, তেওঁ নিজ বিষয়াসকলক মাতি পঠিয়াইছে; এনেতে তেওঁলোকে বেগেৰে যাওঁতে যাওঁতে উজুটি খালে; তেওঁলোকে ততালিকে দুৰ্গটো আক্রমণ কৰিবলৈ যায়। আক্রমণ কৰোঁতা সকলক ৰক্ষা কৰিবলৈ ঢালবোৰ যুগুত কৰা হ’ল। নদীবোৰত থকা দুৱাৰবোৰ মুকলি হৈ গ’ল, তেতিয়া ৰাজগৃহ পানীত নাশ হৈ গ’ল।
Nahum 2 : 7 (IRVAS)
যিহোৱাই এই বিষয়ে কথা কৈছিল: ৰাণী হুচব অনাবৃতা হ’ল আৰু তেওঁক নিয়া হ’ল; তেওঁৰ দাসীসকলে বুকুত ভুকুৱাই কপৌৰ স্বৰেৰে শোক কৰিছে।
Nahum 2 : 8 (IRVAS)
কিন্তু নীনবি আগৰ কালৰে পৰা এটা জলপূ্ৰ্ণ পুখুৰীস্বৰূপ; তথাপি তেওঁলোক বৈ যোৱা পানীৰ দৰে পলাইছে। অন্য লোকসকলে “ৰ’বা ৰ’বা” বুলি চিঞৰে, কিন্তু কোনেও ঘূৰি নাচায়।
Nahum 2 : 9 (IRVAS)
তোমালোকে ৰূপ লুট কৰি নিয়া, সোণ লুট কৰি নিয়া, কিয়নো বস্তুবোৰৰ সৌন্দৰ্যৰ মহিমা সীমাহীন। ইয়াতে সকলো প্ৰকাৰ মনোহৰ বস্তু অতিশয় অধিক পৰিমাণে আছে।
Nahum 2 : 10 (IRVAS)
সেই নীনবি শুদা আৰু উচ্ছন্ন; প্রতিজনৰ ভয়ত মন পমি গৈছে আৰু আঁঠুৱে আঁঠুৱে লগালগি হৈছে, সকলোৰে বেদনা, আৰু সকলোৰে মুখ বিবৰ্ণ হৈছে।
Nahum 2 : 11 (IRVAS)
যি ঠাইত কোনেও ভয় নথকাকৈ সিংহ, সিংহিনী আৰু সিংহ পোৱালিৰ দৰে ফুৰিছিল, সিংহৰ সেই গুহা আৰু যুবা সিংহৰ সেই খোৱা ঠাই ক’ত?
Nahum 2 : 12 (IRVAS)
সিংহই নিজৰ পোৱালিবোৰৰ কাৰণে জোৰাওকৈ অনেক পশু ছিৰিছিল আৰু নিজ সিংহিনীবোৰৰ কাৰণে ডিঙিত টেপা দি মাৰিছিল আৰু বলিৰ চিকাৰেৰে নিজৰ গুহাবোৰ আৰু ধৰি অনা নিজৰ চিকাৰবোৰ গাতবোৰত ভৰাই ৰাখিছিল।
Nahum 2 : 13 (IRVAS)
বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমালোকৰ বিপক্ষ;” “মই তোমালোকৰ ৰথবোৰ ধূঁৱাত পুৰি পেলাম আৰু তৰোৱালে† যুৱ সৈন্যবোৰে তোমালোকৰ সৈন্যবোৰক বধ কৰিব তোমালোকৰ যুবা সিংহবোৰক গ্ৰাস কৰিব; মই তোমালোকৰ দেশৰ পৰা তোমালোকৰ চিকাৰ উচ্ছন্ন কৰিম আৰু তোমালোকৰ দূতবোৰৰ মাত আৰু শুনা নাজাব।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13