Micah 6 : 1 (IRVAS)
{যিহোৱাৰ অভিযোগ আৰু লোকসকলৰ উত্তৰ। } যিহোৱাই যি কৈছে, এতিয়া তোমালোকে শুনা। মীখাই তেওঁক ক’লে, “উঠক আৰু পৰ্ব্বতবোৰৰ সন্মুখত আপোনাৰ অৱস্থাৰ বিষয়ে কওক, পাহাৰবোৰক আপোনাৰ মাত শুনিবলৈ দিয়ক।
Micah 6 : 2 (IRVAS)
হে পৰ্ব্বতবোৰ, আৰু পৃথিবীৰ স্থায়ী ভিত্তিমূল, যিহোৱাৰ অভিযোগ শুনা; কাৰণ যিহোৱাৰ নিজৰ লোকসকলৰ সৈতে অভিযোগ আছে, আৰু তেওঁ ইস্ৰায়েলৰ বিৰুদ্ধে ন্যায়ালয়ত যুঁজিব।
Micah 6 : 3 (IRVAS)
“হে মোৰ লোকসকল, মই তোমালোকক কি কৰিলোঁ? মই কেনেকৈ তোমালোকক পৰিশ্রান্ত কৰিলোঁ? মোৰ অহিতে সাক্ষ্য দিয়া।
Micah 6 : 4 (IRVAS)
কাৰণ মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, আৰু বন্দীঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ; মই তোমালোকৰ ওচৰলৈ মোচি, হাৰোণ, আৰু মিৰিয়মক পঠিয়াইছিলোঁ।
Micah 6 : 5 (IRVAS)
হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল, আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা। তাতে চিটীম[* চিটীম আছিল জৰ্দনৰ পূব প্ৰান্তত কৰা ইস্ৰায়েলীসকলৰ শেষ চাউনি (যিহোচুৱা 3:1)। ]ৰ পৰা গিলগল [† গিলগল আছিল কনান দেশৰ পশ্চিম প্ৰান্তত কৰা ইস্ৰায়েলীসকলৰ প্রথম চাউনি (যিহোচুৱা 4:19)। এই কার্যৰ আগতে তেওঁলোকে আচৰিত ধৰণে জর্দন নদী পাৰ হৈছিল। ]লৈ যাওঁতে যি ঘটিছিল, যিহোৱাৰ সেই ন্যায় কাৰ্যবোৰৰ বিষয়ে তোমালোকে জানিব পাৰিবা।
Micah 6 : 6 (IRVAS)
সৰ্ব্বোপৰি ঈশ্বৰক প্ৰণাম কৰোঁতে, মই যিহোৱালৈ কি লৈ যাম? মই তেওঁৰ ওচৰলৈ এবছৰীয়া দামুৰিৰ সৈতে হোম-বলি লৈ যোৱা উচিত নে?
Micah 6 : 7 (IRVAS)
হাজাৰ হাজাৰ মেৰ-ছাগ, বা দহ হাজাৰ তেলৰ নদীত যিহোৱা সন্তুষ্ট হ’ব নে? মোৰ অপৰাধৰ বাবে মোৰ প্ৰথমে জন্ম হোৱা সন্তান, আৰু মোৰ নিজৰ পাপৰ বাবে মোৰ ঔৰসৰ ফল দান কৰিম নে?
Micah 6 : 8 (IRVAS)
হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
Micah 6 : 9 (IRVAS)
যিহোৱাই নগৰলৈ ঘোষণা কৰি কৈছে, এনে কি, এতিয়া প্রজ্ঞায়ো তোমাৰ নাম স্বীকাৰ কৰিছে: “তোমালোকে দণ্ড ডাললৈ আৰু যিজনে নিৰ্দ্দিষ্ট ঠাইত ইয়াক ৰাখিছে, সেই জনলৈ মনোযোগ দিয়া।
Micah 6 : 10 (IRVAS)
দুষ্ট লোকৰ ঘৰৰ সম্পত্তিবোৰ অসৎ, আৰু মিছা জোখবোৰ ঘিণলগীয়া।
Micah 6 : 11 (IRVAS)
অন্যায়ৰ তুলাচনী আৰু প্ৰবঞ্চক ওজনৰ মোনা ব্যৱহাৰ কৰা জনক মই নিৰ্দ্দোষী বুলি বিবেচনা কৰিম নে?
Micah 6 : 12 (IRVAS)
ধনী লোকসকল অত্যাচাৰেৰে পৰিপূৰ্ণ, তাৰ নিবাসী সকলে মিছা কথা কয়, আৰু তেওঁলোকৰ জিভা প্রতাৰণাপূৰ্ণ।
Micah 6 : 13 (IRVAS)
এই হেতুকে মই বিষম আঘাতেৰে তোমালোকক আঘাত কৰিলোঁ; তোমালোকৰ পাপৰ কাৰণে মই তোমালোকক ধ্বংস ৰোগগ্ৰস্ত কৰি জনশূণ্য কৰিলোঁ কৰিলোঁ।
Micah 6 : 14 (IRVAS)
তোমালোকে খাবা কিন্তু তৃপ্ত নহবা, তোমালোকৰ পেট খালীয়ে হৈ থাকিব; তোমালোকে বস্তুবোৰ গোটাবা কিন্তু ৰক্ষা কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ৰক্ষা কৰিবা, তাক মই তৰোৱালক শোধাই দিম।
Micah 6 : 15 (IRVAS)
তোমালোকে সিঁচিবা কিন্তু দাবলৈ নাপাবা; তোমালোকে জিত গচকিবা কিন্তু তেল নিজে ঘঁহিব নাপাবা; তোমালোকে দ্ৰাক্ষাগুটি চেপিবা, কিন্তু দ্রাক্ষাৰস পান কৰিবলৈ নাপাবা।
Micah 6 : 16 (IRVAS)
অম্ৰীৰ বিধিবোৰ, আৰু আহাবৰ বংশৰ সকলো কাৰ্যবোৰ পালন কৰিছা, তোমালোকে তেওঁলোকৰ উপদেশত চলিছিলা; সেয়ে মই তোমালোকৰ নগৰ ধ্বংস কৰিম, আৰু তোমালোকক নিবাসীসকলে বিদ্রূপ কৰিব, মোৰ লোকসকলৰ অৱজ্ঞা তোমালোকে বহন কৰিবা।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16