Micah 2 : 1 (IRVAS)
{ইস্ৰায়েলৰ প্ৰধান লোকসকলৰ পাপ। ইস্ৰায়েলৰ পুনৰ স্থাপন। } যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Micah 2 : 2 (IRVAS)
তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়; এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰিক অত্যাচাৰ কৰে।
Micah 2 : 3 (IRVAS)
সেই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই এই জাতিৰ বিৰুদ্ধে দুৰ্যোগ আনিম, সেই দুৰ্যোগৰ পৰা তোমালোকে নিজৰ ডিঙি গুচাব নোৱাৰিবা, আৰু তোমালোক গৰ্ব্বেৰে চলিব নোৱাৰিবা, কাৰণ এয়া অমঙ্গলৰ সময়।
Micah 2 : 4 (IRVAS)
সেই দিনা তোমাৰ শত্রুসকলে বিলাপৰ কৰি ক্রন্দনেৰে তোমাৰ বিষয়ে এটি গীত গাব, তেওঁলোকে গাব, ‘আমি ইস্রায়েলীসকল সম্পূৰ্ণৰূপে ধ্বংস হলোঁ; যিহোৱাই মোৰ লোকসকলৰ অঞ্চল সলনি কৰিছে; তেওঁ ইয়াক মোৰ পৰা কেনেকৈ দূৰ কৰিব? বিদ্ৰোহী সকলক তেওঁ আমাৰ পথাৰবোৰ ভগাই দিছে।
Micah 2 : 5 (IRVAS)
সেই বাবে যিহোৱাৰ সমাজত চিঠি খেলৰ দ্বাৰাই অঞ্চল ভাগ কৰিবলৈ ধনী লোকসকলৰ কোনো বংশধৰ নাথাকিব।
Micah 2 : 6 (IRVAS)
“ভাববাণী প্ৰচাৰ নকৰিবা,” তেওঁলোকে কয়, “তেওঁলোকে এইবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা উচিত নহয়; আৰু নিন্দা অহা উচিত নহয়।”
Micah 2 : 7 (IRVAS)
যাকোবৰ বংশক প্রকৃততে এইদৰে কোৱা উচিত নে? “যিহোৱাৰ আত্মা ক্রোধত আছে নে? এইবোৰ সঁচাই তেওঁৰ কাৰ্য নে?” যি জনে ন্যায়ত চলে, মোৰ বাক্যই তেওঁক উপকাৰ নকৰিব নে?
Micah 2 : 8 (IRVAS)
ইতিমধ্যে মোৰ লোকসকল শত্রুৰ দৰে হৈ উঠিছে; নিৰাপদে আছোঁ বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহা সৈন্যসকলৰ দৰে, সন্দেহ নোহোৱা পথিকৰ পৰা তুমি পোচাক, আৰু বস্ত্র খুলি লৈছা;
Micah 2 : 9 (IRVAS)
তোমালোকে মোৰ লোকসকলৰ মহিলাসকলক তেওঁলোকৰ আনন্দদায়ক ঘৰৰ পৰা খেদি দিছা; তুমি তেওঁলোকৰ তৰুণ সন্তান সকলৰ পৰা মোৰ আশীৰ্ব্বাদ* মহিমা চিৰকাললৈকে কাঢ়ি লৈছা।
Micah 2 : 10 (IRVAS)
উঠা, আৰু এই ঠাই এৰি যোৱা, অশুচিতাৰ কাৰণে এই ঠাই তোমালোক থাকিবৰ বাবে নহয়; ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব।
Micah 2 : 11 (IRVAS)
মিথ্যা আত্মা আৰু মিছা কথাৰে কোনো এজনে যদি তোমাৰ ওচৰলৈ আহি কয়, “মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম;” তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব।
Micah 2 : 12 (IRVAS)
হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম; মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম; গৰালত থকা মেৰ-ছাগবোৰৰ দৰে, আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে, মই তেওঁলোক একত্রিত কৰিম। অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব।
Micah 2 : 13 (IRVAS)
কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব; তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ ওলাই যাব; তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে ওলাই যাব, যিহোৱা তেওঁলোকৰ আগধৰোঁতা হ’ব।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13