Matthew 22 : 1 (IRVAS)
বিয়াৰ ভোজৰ দৃষ্টান্ত যীচুৱে উত্তৰ দিলে, আৰু দৃষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক’লে যে,
Matthew 22 : 2 (IRVAS)
“স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,
Matthew 22 : 3 (IRVAS)
এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে।
Matthew 22 : 4 (IRVAS)
পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।
Matthew 22 : 5 (IRVAS)
কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গ’ল।
Matthew 22 : 6 (IRVAS)
আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে।
Matthew 22 : 7 (IRVAS)
তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে।
Matthew 22 : 8 (IRVAS)
তেতিয়া তেওঁৰ দাসবোৰক ক’লে, ‘বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল;
Matthew 22 : 9 (IRVAS)
এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ’।
Matthew 22 : 10 (IRVAS)
তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ, ভাল-বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল।
Matthew 22 : 11 (IRVAS)
কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে,
Matthew 22 : 12 (IRVAS)
‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল;
Matthew 22 : 13 (IRVAS)
তাতে ৰজাই তেওঁৰ দাস সকলক মাতি ক’লে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব’।
Matthew 22 : 14 (IRVAS)
কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ।”
Matthew 22 : 15 (IRVAS)
চীজাৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন তাৰ পাছত ফৰীচী সকল গ’ল, আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে৷
Matthew 22 : 16 (IRVAS)
এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে, আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে; এই কাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে।
Matthew 22 : 17 (IRVAS)
গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?”
Matthew 22 : 18 (IRVAS)
যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে?
Matthew 22 : 19 (IRVAS)
কৰ দিয়া ধন মোক দেখুৱাওঁক৷” তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি * আধলি দীনাৰ এটা আনিলে।
Matthew 22 : 20 (IRVAS)
যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?”
Matthew 22 : 21 (IRVAS)
তেতিয়া তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ৷” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।”
Matthew 22 : 22 (IRVAS)
এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে৷ পাছত তেওঁলোকে তেওঁক এৰি গুচি গ’ল।
Matthew 22 : 23 (IRVAS)
মৃত লোকৰ পুনৰুত্থানৰ বিষয়ে প্ৰশ্ন সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা চদ্দূকী সকল যীচুৰ ওচৰলৈ আহিল৷ তেওঁলোকে তেওঁক সুধিলে,
Matthew 22 : 24 (IRVAS)
“হে গুৰু মোচিয়ে ক’লে, ‘কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব’।
Matthew 22 : 25 (IRVAS)
আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল।
Matthew 22 : 26 (IRVAS)
পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল।
Matthew 22 : 27 (IRVAS)
সকলোৰে পাছত সেই তিৰোতা জনী মৰিল।
Matthew 22 : 28 (IRVAS)
তেনেহলে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।”
Matthew 22 : 29 (IRVAS)
যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে।
Matthew 22 : 30 (IRVAS)
কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
Matthew 22 : 31 (IRVAS)
মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই আপোনালোকক কোৱা হৈছিল বোলে,
Matthew 22 : 32 (IRVAS)
‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’;[† এওঁলোকৰ মৃত্যু হোৱাৰ বহু বছৰ পাছত ঈশ্বৰে মোচিক কৈছিল, তেওঁ এওঁলোকৰ ঈশ্বৰ, অৰ্থাৎ তেওঁলোকৰ মৃত্যুৰ কথা ঈশ্বৰে কোৱা নাছিল। যা3:6 ]তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
Matthew 22 : 33 (IRVAS)
ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে।
Matthew 22 : 34 (IRVAS)
প্ৰধান আজ্ঞাৰ বিষয়ে প্ৰশ্ন যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল;
Matthew 22 : 35 (IRVAS)
তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে-
Matthew 22 : 36 (IRVAS)
“হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?”
Matthew 22 : 37 (IRVAS)
যীচুৱে তেওঁক ক’লে, “ ‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’
Matthew 22 : 38 (IRVAS)
এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।
Matthew 22 : 39 (IRVAS)
এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
Matthew 22 : 40 (IRVAS)
এই দুটা ৰো. 13:8, 10 আজ্ঞাই গোটেই § গালা. 5:14 বিধান আৰু ভাৱবাদী সকলৰ কথাক নির্ভৰ কৰে।”
Matthew 22 : 41 (IRVAS)
দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,
Matthew 22 : 42 (IRVAS)
তেওঁ সুধিলে, “খ্ৰীষ্টৰ বিষয়ে আপোনালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?” তেওঁলোকে তেওঁক ক’লে, “দায়ুদৰ সন্তান”।
Matthew 22 : 43 (IRVAS)
Matthew 22 : 44 (IRVAS)
যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক’লে, প্ৰভুৱে মোৰ প্ৰভুক ক’লে,মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰালৈকে, মোৰ সোঁ হাতে বহি থাকা৷
Matthew 22 : 45 (IRVAS)
এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?”
Matthew 22 : 46 (IRVAS)
তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46