মথি 14 : 1 (IRVAS)
বাপ্তিস্ম দিয়া যোহনক বধ কৰা সেই সময়ত গালীলৰ শাসনকর্তা হেৰোদে যীচুৰ সুখ্যাতিৰ বিষয়ে শুনিলে।
মথি 14 : 2 (IRVAS)
তেওঁ নিজৰ দাস সকলক ক’লে, “এই লোক জন নিশ্চয় যোহন বাপ্তাইজক; তেওঁ মৃত সকলৰ মাজৰ পৰা উঠিল আৰু সেই বাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে।
মথি 14 : 3 (IRVAS)
কিয়নো হেৰোদে লোক সকলৰ দ্বাৰাই যোহনক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তেওঁ নিজৰ ভায়েক ফিলিপৰ ভার্যা হেৰোদিয়াক ভাৰ্যা ৰাখিছিল আৰু তেওঁৰ কাৰণে এইদৰে বন্দী কৰিছিল।
মথি 14 : 4 (IRVAS)
কাৰণ যোহনে হেৰোদক কৈছিল, “হেৰোদিয়াক আপুনি ভার্যা হিচাপে ৰখা বিধান সন্মত নহয়।”
মথি 14 : 5 (IRVAS)
সেয়ে হেৰোদে যোহনক বধ কৰিবলৈ চল বিচাৰি আছিল, কিন্তু তেওঁ লোক সকললৈ ভয় কৰিছিল, কাৰণ তেওঁলোকে যোহনক এজন ভাববাদীৰূপে মান্য কৰিছিল।
মথি 14 : 6 (IRVAS)
পাছত হেৰোদৰ জন্ম দিনৰ দিনা, হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদক সন্তুষ্ট কৰিলে।
মথি 14 : 7 (IRVAS)
সেয়েহে, হেৰোদে তাইক শপত খাই প্রতিজ্ঞা কৰিলে যে, তাই যিহকে বিচাৰিব তাকে তেওঁ তাইক দিব।
মথি 14 : 8 (IRVAS)
ছোৱালী জনীয়ে মাকৰ পৰা পৰামর্শ পাই ক’লে, “এখন থালত বাপ্তাইজক যোহনৰ মূৰটো আনি মোক দিয়ক।”
মথি 14 : 9 (IRVAS)
তাতে ৰজা অতিশয় দুঃখিত হ’ল; কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে একেলগে ভোজনত বহা সকলৰ কাৰণেও, তেওঁ সেই মতে কৰিবলৈ আজ্ঞা দিলে।
মথি 14 : 10 (IRVAS)
তেওঁ মানুহ পঠাই কাৰাগাৰত যোহনৰ শিৰচ্ছেদ কৰালে।
মথি 14 : 11 (IRVAS)
পাছত মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গ’ল।
মথি 14 : 12 (IRVAS)
তাৰ পাছত যোহনৰ শিষ্য সকলে আহি মৃতদেহটো লৈ গৈ মৈদাম দিলে আৰু পাছত তেওঁলোকে গৈ সেই সকলো কথা যীচুক জনালে।
মথি 14 : 13 (IRVAS)
পাঁচ হাজাৰ মানুহক খুউৱা যোহনৰ মৃত্যুৰ কথা শুনি যীচু অকলে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এক নিৰ্জন ঠাইলৈ গ’ল। কিন্তু লোক সকলে ইয়াকে জানিব পাৰি বিভিন্ন নগৰৰ পৰা ওলাই বামেদি খোজকাঢ়ি তেওঁৰ পাছ ল’লে।
মথি 14 : 14 (IRVAS)
তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে।
মথি 14 : 15 (IRVAS)
তেতিয়া গধূলি হবলৈ ধৰিছিল, শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ’ল; লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাওঁবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব।”
মথি 14 : 16 (IRVAS)
যীচুৱে তেওঁলোকক ক’লে, “তেওঁলোক যোৱাৰ প্ৰয়োজন নাই। তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।”
মথি 14 : 17 (IRVAS)
শিষ্য সকলে তেওঁক ক’লে, “আমাৰ ইয়াত কেৱল পাঁচটা পিঠা আৰু দুটা মাছহে আছে।”
মথি 14 : 18 (IRVAS)
যীচুৱে ক’লে, “সেইখিনিয়ে মোৰ ওচৰলৈ আনা।”
মথি 14 : 19 (IRVAS)
পাছত তেওঁ লোক সকলক বনৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। তাৰ পাছত পিঠা খিনি ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে সেইবোৰ লোক সকলক খাবলৈ দিলে।
মথি 14 : 20 (IRVAS)
তাতে সকলোৱে খাই তৃপ্ত হ’ল; খোৱাৰ পাছত শিষ্য সকলে ৰৈ যোৱা সেই ভঙা টুকুৰাবোৰৰ বাৰটা পাচি তুলি ল’লে।
মথি 14 : 21 (IRVAS)
তাত ভোজন কৰা মানুহৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীক বাদ দি পুৰুষ মানুহ প্ৰায় পাঁচ হাজাৰ মান আছিল।
মথি 14 : 22 (IRVAS)
পানীৰ ওপৰত খোজ কঢ়া ইয়াৰ পাছতে, যীচুৱে শিষ্য সকলক আদেশ দিলে, তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যায় আৰু লোক সকলক তেওঁ নিজে বিদায় দিলে।
মথি 14 : 23 (IRVAS)
লোক সকলক বিদায় দি তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে পাহাৰৰ ওপৰলৈ অকলে উঠি গ’ল; আৰু যদিও তেতিয়া অন্ধকাৰ হৈ আহিছিল, তথাপি তেওঁ অকলশৰে তাতে আছিল।
মথি 14 : 24 (IRVAS)
ইতিমধ্যে নাও খনে মাটি ভাগৰ পৰা আহি সাগৰৰ মাজ পালে আৰু বিপৰীত দিশৰ পৰা বতাহ বলাত নাও খনে প্রায় নিয়ন্ত্রণ হেৰুৱাই ঢৌৰ কোবত ঢলং-পলং হবলৈ ধৰিলে।
মথি 14 : 25 (IRVAS)
শেষ নিশা যীচু সাগৰৰ ওপৰত খোজকাঢ়ি শিষ্য সকলৰ ওচৰলৈ আহি আছিল।
মথি 14 : 26 (IRVAS)
শিষ্য সকলে যীচুক সাগৰৰ ওপৰত খোজকাঢ়ি আহি থকা দেখি ভীষণভাৱে ভয় খাই “ভূত, ভূত” বুলি চিঞৰিবলৈ ধৰিলে।
মথি 14 : 27 (IRVAS)
যীচুৱে তেতিয়াই তেওঁলোকক ক’লে, “এয়া মইহে; ভয় নকৰিবা, সাহসী হোৱা।”
মথি 14 : 28 (IRVAS)
পিতৰে তেওঁক উত্তৰ দি ক’লে, “হে প্ৰভু, যদি আপুনিয়ে হয়, তেনেহলে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ যাবৰ বাবে মোক আজ্ঞা দিয়ক।”
মথি 14 : 29 (IRVAS)
যীচুৱে ক’লে, “আহা।” পিতৰে তেতিয়া নাৱৰ পৰা নামি পানীৰ ওপৰেদি খোজকাঢ়ি যীচুৰ কাষলৈ আগবাঢ়ি গ’ল।
মথি 14 : 30 (IRVAS)
কিন্তু বতাহ দেখা পাই তেওঁ ভয় খোৱাত ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি মাতিলে, “প্ৰভু, মোক বচাওঁক।”
মথি 14 : 31 (IRVAS)
যীচুৱে তেতিয়াই নিজে হাত মেলি তেওঁক ধৰি ক’লে, “অল্পবিশ্বাসী, কিয় সন্দেহ কৰিলা?”
মথি 14 : 32 (IRVAS)
পাছত যেতিয়া যীচু আৰু পিতৰ নাৱত উঠিল, বতাহ নাইকিয়া হ’ল।
মথি 14 : 33 (IRVAS)
তেতিয়া নাৱত থকা শিষ্য সকলে যীচুক প্ৰণিপাত কৰি ক’লে, “আপুনি সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
মথি 14 : 34 (IRVAS)
তাৰ পাছত তেওঁলোক পাৰ হৈ, গিনেচৰৎ নামৰ প্ৰদেশ পালে।
মথি 14 : 35 (IRVAS)
তাতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পোৱাত, সেই অঞ্চলৰ সকলো ঠাইতে তেওঁ অহাৰ বার্তা পঠিয়াই দিলে। তাতে লোক সকলে ৰোগী সকলক যীচুৰ ওচৰলৈ আনিলে।
মথি 14 : 36 (IRVAS)
তেওঁলোকে যীচুক মিনতি কৰিলে যেন সেই ৰোগী সকলে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। তাতে যিমান লোকে চুলে, তেওঁলোক সকলোৱে সুস্থ হ’ল।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36