Matthew 10 : 1 (IRVAS)
যীচুৱে প্রচাৰৰ বাবে পাঁচনি সকলক পঠোৱা যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে।
Matthew 10 : 2 (IRVAS)
সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন,
Matthew 10 : 3 (IRVAS)
ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ সংগ্রহকাৰী মথি, আলফয়ৰ পুতেক যাকোব আৰু থদ্দেয়,
Matthew 10 : 4 (IRVAS)
জাতীয়তাবাদী[* জাতীয়তাবাদী- ৰোমান শাসনৰ পৰা ইহুদী সকলক মুক্ত কৰিবলৈ বিচৰা এক দল। ] চিমোন আৰু যীচুক যি জনে শত্রুৰ হাতত শোধাই দিছিল, সেই ঈষ্কৰিয়োতীয়া যিহূদা।
Matthew 10 : 5 (IRVAS)
এই বাৰ জনক যীচুৱে এই আদেশ দি পঠালে, “তোমালোকে অনা-ইহুদী সকলৰ কোনো ঠাইলৈ নাযাবা আৰু চমৰীয়া সকলৰ কোনো নগৰত নোসোমাবা।
Matthew 10 : 6 (IRVAS)
কিন্তু ইস্ৰায়েল জাতিৰ হেৰোৱা মেৰবোৰৰ ওচৰলৈ যোৱা।
Matthew 10 : 7 (IRVAS)
বাটত যাওঁতে যাওঁতে এই কথা প্রচাৰ কৰিবা যে ‘স্বৰ্গৰাজ্য ওচৰ হ’ল।’
Matthew 10 : 8 (IRVAS)
অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা।
Matthew 10 : 9 (IRVAS)
তোমালোকৰ কঁকালৰ পেটিত তোমালোকে সোণ, ৰূপ বা তাম নাইবা পইচাও নিনিবা।
Matthew 10 : 10 (IRVAS)
বাটত যোৱাৰ কাৰণে কোনো জোলোঙা, দুটা চোলা, পাদুকা বা লাখুটি এইবোৰও নলবা; কিয়নো বনুৱা নিজৰ পাৰিশ্রমিক পোৱাৰ যোগ্য।
Matthew 10 : 11 (IRVAS)
তোমালোকে যেতিয়া কোনো নগৰ বা গাৱঁত সোমাবা, তাত এজন উপযুক্ত মানুহ বিচাৰি ল’বা আৰু আন ঠাইলৈ নোযোৱা পর্যন্ত সেই ঘৰতে থাকিবা।
Matthew 10 : 12 (IRVAS)
যেতিয়া তোমালোকে কোনো এঘৰত সোমাবা, তেতিয়া সেই ঘৰৰ লোকক শুভেচ্ছা জনাই মঙ্গলবাদ দিবা।
Matthew 10 : 13 (IRVAS)
সেই ঘৰ যদি উপযুক্ত হয়, তেনেহলে তোমালোকৰ শান্তি সেই ঘৰৰ ওপৰলৈ নামি আহক; কিন্তু সেই ঘৰ যদি উপযুক্ত নহয়, তেনেহলে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক।
Matthew 10 : 14 (IRVAS)
যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা।
Matthew 10 : 15 (IRVAS)
মই তোমালোকক সঁচাকৈ কওঁ, মহা-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব।”
Matthew 10 : 16 (IRVAS)
শিষ্য সকললৈ যীচুৰ সতর্ক বাণী শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ-পোৱালিৰ† মেৰ-ছাগ বা ভেড়া পোৱালিৰূপে প্ৰভুৱে নিজৰ শিষ্য সকলক কৈছে৷ নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা।
Matthew 10 : 17 (IRVAS)
সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব।
Matthew 10 : 18 (IRVAS)
মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা।
Matthew 10 : 19 (IRVAS)
লোক সকলে যেতিয়া তোমালোকক শোধাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব।
Matthew 10 : 20 (IRVAS)
কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে‡ যো. 15:26 [§ পিতৃৰ আত্মা - পবিত্র আত্মা, ঈশ্বৰক বুজাইছে। ]তোমালোকৰ ভিতৰৰ পৰা কব। * লূক 12:12, পাঁ. 4:8, 6:10,
Matthew 10 : 21 (IRVAS)
ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব।
Matthew 10 : 22 (IRVAS)
মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।
Matthew 10 : 23 (IRVAS)
যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।
Matthew 10 : 24 (IRVAS)
শিষ্য কেতিয়াও গুৰুতকৈ উর্দ্ধত নহয়, দাসো প্ৰভুতকৈ উর্দ্ধত নহয়।
Matthew 10 : 25 (IRVAS)
শিষ্য যদি গুৰুৰ দৰে আৰু দাস যদি নিজৰ প্ৰভুৰ দৰে হ’ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেনেহলে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব!
Matthew 10 : 26 (IRVAS)
গতিকে তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো লুকুৱাই ৰখা সকলো বিষয়েই প্রকাশ পাব আৰু গোপনে ৰখা সকলো বিষয়েই জনোৱা হ’ব।
Matthew 10 : 27 (IRVAS)
মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ ওপৰত উঠি ঘোষণা কৰিবা।
Matthew 10 : 28 (IRVAS)
যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।
Matthew 10 : 29 (IRVAS)
দুটা ঘৰ-চিৰিকা ক্ষুদ্র পইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে।
Matthew 10 : 30 (IRVAS)
তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে।
Matthew 10 : 31 (IRVAS)
এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
Matthew 10 : 32 (IRVAS)
এতেকে যি কোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম;
Matthew 10 : 33 (IRVAS)
কিন্তু মানুহৰ আগত যি কোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম।
Matthew 10 : 34 (IRVAS)
মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ।
Matthew 10 : 35 (IRVAS)
বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ;
Matthew 10 : 36 (IRVAS)
নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হ’ব।
Matthew 10 : 37 (IRVAS)
যি কোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়।
Matthew 10 : 38 (IRVAS)
যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে; তেৱোঁ মোৰ উপযুক্ত নহয়।
Matthew 10 : 39 (IRVAS)
যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব।
Matthew 10 : 40 (IRVAS)
যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।
Matthew 10 : 41 (IRVAS)
এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব।
Matthew 10 : 42 (IRVAS)
যি কোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42