Mark 16 : 1 (IRVAS)
তাৰ পাছত বিশ্ৰামবাৰ শেষ হোৱাত, মগ্দলীনী মৰিয়ম, যাকোবৰ মাতৃ মৰিয়ম আৰু চালোমীয়ে আহি যীচুৰ গাত সানিবলৈ সুগন্ধি দ্ৰব্য কিনিলে।
Mark 16 : 2 (IRVAS)
আৰু সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, সুৰ্য্য উদয় হওতেই, তেওঁলোকে মৈদামলৈ গ’ল৷
Mark 16 : 3 (IRVAS)
তেওঁলোকে নিজৰ মাজত কোৱা-কুই কৰি ক’লে, “মৈদামৰ প্ৰৱেশ দ্ৱাৰত থকা শিলটো কোনে আমাৰ বাবে বগৰাই দিব?”
Mark 16 : 4 (IRVAS)
কিয়নো সেই শিলচতা অতি ডাঙৰ আছিল; এনেতে চকু তুলি চাওতে তেওঁলোকে দেখিলে যে, শিলচটা বগৰাই থোৱা আছে৷
Mark 16 : 5 (IRVAS)
তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গ’ল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল।
Mark 16 : 6 (IRVAS)
কিন্তু তেওঁ তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা; তোমালোকে ক্রুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই।
Mark 16 : 7 (IRVAS)
কিন্তু তোমালোকে গৈ, তেওঁৰ আন শিষ্য সকলৰ লগতে পিতৰক কোৱাগৈ যে, ‘তেওঁ তোমালোকৰ আগেয়ে গালীল প্ৰদেশলৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা’।”
Mark 16 : 8 (IRVAS)
Mark 16 : 9 (IRVAS)
তেতিয়া তেওঁলোকে মৈদামৰ পৰা ওলাই পলাল; কিয়নো সেই সময়ত তেওঁলোক সঁচাকৈ কম্পন আৰু বিস্ময়ত হৈ আছিল; তেওঁলোকে কোনো ব্যক্তিক নক’লে, কিয়নো তেওঁলোকে অতি ভয় খাইছিল। যীচুৰ পুনৰুত্থান শিষ্য সকলক দৰ্শন দিয়া, আৰু শেষ আজ্ঞা সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা, যীচু পুনৰুত্থিত হোৱাৰ পাছত; যি গৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল, সেই মগ্দলীনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে।
Mark 16 : 10 (IRVAS)
তেতিয়া তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা যীচুৰ পূৰ্বৰ সঙ্গী সকলক বাৰ্তা দিলে;
Mark 16 : 11 (IRVAS)
তেতিয়া তেওঁলোকে যীচু যে জীয়াই উঠিল আৰু মগ্দলীনী মৰিয়মক যে দৰ্শন দিলে, সেই কথা তেওঁলোকে শুনিলে কিন্তু বিশ্বাস নকৰিলে।
Mark 16 : 12 (IRVAS)
এই সকলো ঘটনা ঘটাৰ পাছত, যীচুৱে অন্য দুজন লোকক গাঁৱলৈ যাত্ৰা কৰি থাকোতে তেওঁ অন্যৰূপ ধৰি, তেওঁলোকক দেখা দিলে।
Mark 16 : 13 (IRVAS)
তাতে তেওঁলোকে গৈ অন্য শিষ্য সকলক সম্বাদ দিলে; কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে।
Mark 16 : 14 (IRVAS)
পাছত এঘাৰ জনে ভোজনত বহি থাকোঁতে, যীচুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱা সকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে।
Mark 16 : 15 (IRVAS)
আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা।
Mark 16 : 16 (IRVAS)
তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷
Mark 16 : 17 (IRVAS)
এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব;
Mark 16 : 18 (IRVAS)
আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷”
Mark 16 : 19 (IRVAS)
এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁ হাতে বহিল।
Mark 16 : 20 (IRVAS)
পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20