মাৰ্ক 12 : 1 (IRVAS)
কেইজনমান বিশ্ৱাসঘাতক খেতিয়কৰ দৃষ্টান্ত পাছত* মথি 21:33-46; লূক 20:9-18৷ যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙি সাজি খেতিয়ক সকলৰ হাতত গতাই দি আন দেশলৈ গ’ল।
মাৰ্ক 12 : 2 (IRVAS)
পাছত তেওঁ বতৰৰ দিনত খেতিয়ক সকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ কিছুমান গুটিৰ অংশ পাবলৈ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে।
মাৰ্ক 12 : 3 (IRVAS)
কিন্তু তেওঁলোকে সেই দাস জনক ধৰি, কোবাই মেলি শুদা-হাতে পঠিয়াই দিলে।
মাৰ্ক 12 : 4 (IRVAS)
পাছত আন এজন দাসক পঠোৱা হ’ল, তাতে তেওঁলোকে সেই দাসক মূৰত আঘাত কৰিলে আৰু অপমানো কৰিলে।
মাৰ্ক 12 : 5 (IRVAS)
পুনৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো বধ কৰিলে৷ এনেদৰে কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে।
মাৰ্ক 12 : 6 (IRVAS)
মাৰ্ক 12 : 7 (IRVAS)
পাছত পঠিয়াবলৈ তেওঁৰ এজন মাথোন ব্যক্তি আছিল, সেই জন হ’ল তেওঁৰ প্ৰিয় পুত্ৰ৷ অৱশেষত তেওঁ, তেওঁকো তেওঁলোকৰ ওচৰলৈ পঠাই দিলে৷ তেওঁ ক’লে, ‘তেওঁলোকে নিশ্চয় মোৰ পুত্ৰক সন্মান কৰিব৷’
মাৰ্ক 12 : 8 (IRVAS)
কিন্তু সেই খেতিয়ক সকলে পৰস্পৰে আলোচনা কৰি কলে, ‘এই জনেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁ; তেতিয়া উত্তৰাধিকাৰ আমাৰেই হ’ব’। তেতিয়া তেওঁলোকে তেওঁক ধৰিলে আৰু বধ কৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে। পাঁ 3:15; ইব্ৰী 13:12৷
মাৰ্ক 12 : 9 (IRVAS)
এতেকে শেষত সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি, সেই খেতিয়ক সকলক সংহাৰ কৰি সেই বাৰী আন লোকক দিব। হিতো 1:24-31; যিচ 5:5-7৷
মাৰ্ক 12 : 10 (IRVAS)
এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাই নে? ‘ঘৰ-সজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল’;
মাৰ্ক 12 : 11 (IRVAS)
এয়ে প্ৰভুৰ পৰা হ’ল আৰু আমাৰ দৃষ্টিত আচৰিত;”§ গীত 118:22, 23৷
মাৰ্ক 12 : 12 (IRVAS)
12 তেতিয়া তেখেত সকলে যীচুৰ সেই দৃষ্টান্তটো তেখেত সকলৰ বিপক্ষে কোৱা বুলি জানিবলৈ পাই তেওঁক বন্দী কৰিব খুজিলে কিন্তু লোক সকলকলৈ ভয় কৰি তেওঁক এৰি গুচি গ’ল।
মাৰ্ক 12 : 13 (IRVAS)
চীজাৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন পাছত যীচুক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে তেখেত সকলে কিছুমান ফৰীচী আৰু কেইজনমান হেৰোদীয়া লোকক তেওঁৰ ওচৰলৈ পঠালে।
মাৰ্ক 12 : 14 (IRVAS)
তেওঁলোকে আহি তেওঁক ক’লে, “হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ চীজাৰক কৰ আদায় দিয়াটো বিধান সন্মত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?”
মাৰ্ক 12 : 15 (IRVAS)
কিন্তু তেওঁলোকৰ কপট ভাব বুজি পাই তেওঁ ক’লে, “আপোনালোকে কিয় মোক পৰীক্ষা কৰিছে? মোৰ ওচৰলৈ এটা আধলি* আধলি দীনাৰ আনক, মই চাওঁ৷”
মাৰ্ক 12 : 16 (IRVAS)
তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ?” তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ।”
মাৰ্ক 12 : 17 (IRVAS)
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক; ৰো 13:7; 1 পি 2:17৷ আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।” তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে।
মাৰ্ক 12 : 18 (IRVAS)
পুনৰুত্থানৰ বিষয়ে প্ৰশ্ন পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকল তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,
মাৰ্ক 12 : 19 (IRVAS)
“হে গুৰু, মোচিয়ে আমাৰ বাবে লিখিলে ‘কোনো ভাইৰ যদি নিজ ভার্যা জীয়াই থাকোতে মৃত্যু হয়, কিন্তু তেওঁৰ সন্তান নাই; তেনেহলে তেওঁ এৰি যোৱা ভার্যাক তেওঁৰ ভায়ে গ্ৰহন কৰিব আৰু তেওঁক সন্তান দিব৷’
মাৰ্ক 12 : 20 (IRVAS)
সেই ঠাইত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে এগৰাকী তিৰোতা বিয়া কৰিলে আৰু সন্তান নথকাকৈ তেওঁৰ মৃত্যু হ’ল।
মাৰ্ক 12 : 21 (IRVAS)
তাতে দ্বিতীয় জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ তেওঁৰো মৃত্যু হ’ল; পাছত তৃতীয় জনৰো সেইদৰেই হ’ল।
মাৰ্ক 12 : 22 (IRVAS)
সেইদৰে সাত জনেই সন্তান নথকাকৈ মৃত্যুবৰণ কৰিলে আৰু অৱশেষত সেই তিৰোতা গৰাকীৰো মৃত্যু হ’ল।
মাৰ্ক 12 : 23 (IRVAS)
এতিয়া পুনৰুত্থানত তাই তেওঁলোকৰ মাজৰ কোন জনৰ ভাৰ্যা হ’ব? কিয়নো তাইক সাত জনেই বিয়া কৰাইছিল।”
মাৰ্ক 12 : 24 (IRVAS)
যীচুৱে তেওঁলোকক ক’লে, “ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাতোৱেই হৈছে আপোনালোকৰ ভ্ৰান্তিৰ কাৰণ, নহয় নে?
মাৰ্ক 12 : 25 (IRVAS)
কিয়নো তেওঁলোকে মৃত লোকৰ মাজৰ পৰা যেতিয়া পুনৰায় উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰাই বা বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।”
মাৰ্ক 12 : 26 (IRVAS)
“কিন্তু মৃত লোকৰ বিষয়ে অর্থাৎ তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মোচিৰ পুস্তকত থকা জোপোহাৰ বৃত্তান্তটোত ঈশ্বৰে যে কৈছিল, যা 3:1-6৷ ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’ বুলি; ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাই নে?
মাৰ্ক 12 : 27 (IRVAS)
তেওঁ মৃত লোকৰ ঈশ্বৰ নহয় কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; আপোনালোকে বৰকৈ ভুল বুজি আছে।”
মাৰ্ক 12 : 28 (IRVAS)
প্ৰথম আজ্ঞাৰ বিষয়ে প্ৰশ্ন তেতিয়া বিধানৰ অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভালদৰেই উত্তৰ দিলে৷ তেতিয়া তেওঁ যীচুক সুধিলে, “কোনটো আজ্ঞা সকলোতকৈ প্রয়োজনীয়?”
মাৰ্ক 12 : 29 (IRVAS)
যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,
মাৰ্ক 12 : 30 (IRVAS)
আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’।§ দ্ৱি বি 6:4, 5; লে 9:18৷
মাৰ্ক 12 : 31 (IRVAS)
দ্বিতীয়টো এই, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।”
মাৰ্ক 12 : 32 (IRVAS)
তেতিয়া সেই বিধানৰ অধ্যাপকে তেওঁক ক’লে, “হে সৎ গুৰু! আপুনি সত্য কথাই কৈছে; প্রকৃততে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই;
মাৰ্ক 12 : 33 (IRVAS)
আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোমবলি বা বলিদানতকৈয়ো অধিক।”* 1 চ 15:22; গীত 51:16, 17; হো 6:6; মী 5:6-8৷
মাৰ্ক 12 : 34 (IRVAS)
তাতে যীচুৱে তেওঁক সু-বিবেচনাৰে উত্তৰ দিয়া দেখি ক’লে, “তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰৈত নাই।” তেতিয়াৰে পৰা তেওঁক পুনৰ কোনো কথা সুধিবলৈ কাৰো সাহস নহ’ল।
মাৰ্ক 12 : 35 (IRVAS)
দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন পাছত যীচুৱে মন্দিৰত বহি উপদেশ দিওঁতে, সমিধান দি সেই লোক সকলক ক’লে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, এই বিষয়ে বিধানৰ অধ্যাপক সকলে কেনেকৈ কব পাৰে?
মাৰ্ক 12 : 36 (IRVAS)
কিয়নো দায়ুদে পবিত্ৰ আত্মাৰে নিজে কৈছিল, ‘প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মোৰ সোঁ হাতে বহি থাকা, গীত 110:1৷ যেতিয়ালৈ মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰাও৷’
মাৰ্ক 12 : 37 (IRVAS)
দায়ুদে নিজেই তেওঁক ‘প্ৰভু’ বুলিছিল, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?” আৰু লোক সমূহে আনন্দেৰে তেওঁৰ কথা শুনিলে।
মাৰ্ক 12 : 38 (IRVAS)
অধ্যাপক সকলৰ দোষ দেখুৱাই দিয়া তেতিয়া তেওঁৰ উপদেশৰ মাজত ক’লে, “বিধানৰ অধ্যাপক সকললৈ আপোনালোক সাৱধান হওক; তেখেত সকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ
মাৰ্ক 12 : 39 (IRVAS)
আৰু হাত-বজাৰত নমস্কাৰ, নাম-ঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই,
মাৰ্ক 12 : 40 (IRVAS)
এই সকলোকে ইচ্ছা কৰে আৰু বাঁৰী মহিলা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে৷ তেখেত সকল অধিক দণ্ডৰ পাত্ৰ হব।”
মাৰ্ক 12 : 41 (IRVAS)
দৰিদ্ৰ বাঁৰী এজনীয়ে দান দিয়া পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে দান পাত্ৰত কেনেকৈ ধন সুমুৱাইছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে।
মাৰ্ক 12 : 42 (IRVAS)
পাছত এজনী দৰিদ্ৰ বাঁৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে।
মাৰ্ক 12 : 43 (IRVAS)
তেতিয়া যীচুৱে তেওঁ নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, দান পাত্ৰত ধন সুমুৱাই দিয়া লোক সকলৰ ভিতৰত এই দৰিদ্ৰ বাঁৰী মহিলা গৰাকীয়ে সকলোতকৈ অধিক দিলে। লূক 21:1-4; 2 কৰি 8:2, 12; দ্ৱি বি 16:10, 17৷
মাৰ্ক 12 : 44 (IRVAS)
কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত সম্পত্তিৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাঁৰীয়ে ধনৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44