মাৰ্ক 1 : 1 (IRVAS)
যোহন বাপ্তাইজকৰ প্ৰচাৰ
মাৰ্ক 1 : 2 (IRVAS)
ঈশ্বৰৰ পুত্র যীচু খ্রীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ। যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে, ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ বাট যুগুত কৰিব৷’
মাৰ্ক 1 : 3 (IRVAS)
“মৰুপ্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, * মলা 3:1; যিচ 40:3 ‘তোমালোকে প্রভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা৷’ ”
মাৰ্ক 1 : 4 (IRVAS)
এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল।
মাৰ্ক 1 : 5 (IRVAS)
তাতে গোটেই যিহুদীয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, গীত 32:5; হিতো 28:13; 1 যো 8:10 তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
মাৰ্ক 1 : 6 (IRVAS)
সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।
মাৰ্ক 1 : 7 (IRVAS)
তেওঁ ঘোষণা কৰি ক’লে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই, তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ।
মাৰ্ক 1 : 8 (IRVAS)
মই আপোনালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।” পাঁ 1:5, 8; 2:1-4
মাৰ্ক 1 : 9 (IRVAS)
যীচুৰ বাপ্তিস্ম আৰু পৰীক্ষা সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
মাৰ্ক 1 : 10 (IRVAS)
তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে।
মাৰ্ক 1 : 11 (IRVAS)
আৰু এইদৰে আকাশ-বাণী হ’ল যে, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।”§ মলা 3:1; যিচ 40:3
মাৰ্ক 1 : 12 (IRVAS)
তেতিয়া পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি লৈ গ’ল।
মাৰ্ক 1 : 13 (IRVAS)
সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।
মাৰ্ক 1 : 14 (IRVAS)
যীচুৱে প্রকাশকৈ কাৰ্য কৰিবলৈ আৰম্ভ কৰা; প্রথম চাৰি জন শিষ্য যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷
মাৰ্ক 1 : 15 (IRVAS)
যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, “কাল সম্পূৰ্ণ হ’ল,* গীত 32:5; হিতো 28:13; 1 যো 8:10 আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা”।
মাৰ্ক 1 : 16 (IRVAS)
পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, পাঁ 1:5, 8; 2:1-4 চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল।
মাৰ্ক 1 : 17 (IRVAS)
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম”।
মাৰ্ক 1 : 18 (IRVAS)
তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গ’ল।
মাৰ্ক 1 : 19 (IRVAS)
পাছত যীচুৱে অলপ দূৰ আগুৱাই গৈ থাকোতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱত জাল মেৰামতি কৰি আছিল।
মাৰ্ক 1 : 20 (IRVAS)
তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; লগে লগে তেওঁলোকে নিজৰ বাপেক চিবদিয় ও কাম কৰা বনুৱাৰ সকলে সৈতে নাও এৰি যীচুৰ পাছে পাছে গ’ল।
মাৰ্ক 1 : 21 (IRVAS)
পাছত তেওঁলোকে কফৰনাহূমলৈ গ’ল আৰু বিশ্ৰামবাৰ আহিলত নাম-ঘৰত সোমাই উপদেশ দিলে।
মাৰ্ক 1 : 22 (IRVAS)
তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে।
মাৰ্ক 1 : 23 (IRVAS)
সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই লূক 4:33-37 ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক’লে,
মাৰ্ক 1 : 24 (IRVAS)
“হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন”।
মাৰ্ক 1 : 25 (IRVAS)
কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!”
মাৰ্ক 1 : 26 (IRVAS)
তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।
মাৰ্ক 1 : 27 (IRVAS)
তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে”।
মাৰ্ক 1 : 28 (IRVAS)
তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।
মাৰ্ক 1 : 29 (IRVAS)
পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল।
মাৰ্ক 1 : 30 (IRVAS)
তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে।
মাৰ্ক 1 : 31 (IRVAS)
তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
মাৰ্ক 1 : 32 (IRVAS)
সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে;
মাৰ্ক 1 : 33 (IRVAS)
আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে।
মাৰ্ক 1 : 34 (IRVAS)
তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷
মাৰ্ক 1 : 35 (IRVAS)
অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
মাৰ্ক 1 : 36 (IRVAS)
পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ’ল৷
মাৰ্ক 1 : 37 (IRVAS)
পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে”।
মাৰ্ক 1 : 38 (IRVAS)
তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”।§ গীত 40:7-9; যিচ 61:1
মাৰ্ক 1 : 39 (IRVAS)
পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।
মাৰ্ক 1 : 40 (IRVAS)
তাতে* মথি 8:2-4; লূক 5:12-15 এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”।
মাৰ্ক 1 : 41 (IRVAS)
তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”
মাৰ্ক 1 : 42 (IRVAS)
তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।
মাৰ্ক 1 : 43 (IRVAS)
যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে।
মাৰ্ক 1 : 44 (IRVAS)
যীচুৱে তেওঁক ক’লে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গ কৰাগৈ”।
মাৰ্ক 1 : 45 (IRVAS)
কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45