Malachi 4 : 1 (IRVAS)
যিহোৱাৰ মহৎ দিন বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।
Malachi 4 : 2 (IRVAS)
কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্মিকতাৰূপ সূৰ্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালিৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
Malachi 4 : 3 (IRVAS)
তোমালোকে দুষ্ট লোকসকলক গচকিবা; মই এই কাৰ্য কৰাৰ দিনা তেওঁলোক তোমালোকৰ ভৰিৰ তলত থকা ছাঁই যেন হ’ব।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Malachi 4 : 4 (IRVAS)
Malachi 4 : 5 (IRVAS)
“তোমালোকে মোৰ দাস মোচিৰ ব্যৱস্থাৰ কথা অর্থাৎ মই তেওঁক হোৰেব পর্বতত সকলো ইস্রায়েলৰ কাৰণে যি সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ দিছিলোঁ, সেইবোৰ সোঁৱৰণ কৰা। চোৱা, যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ পূর্বেই মই তোমালোকৰ ওচৰলৈ এলিয়া ভাববাদীক পঠাম।
Malachi 4 : 6 (IRVAS)
তেওঁ পিতৃসকলৰ হৃদয় সন্তান সকলৰ প্রতি আৰু সন্তান সকলৰ হৃদয় পিতৃসকললৈ ঘূৰাব যাতে মই আহি পৃথিৱীক অভিশাপেৰে আঘাত নকৰিম।”

1 2 3 4 5 6