লূক 9 : 1 (IRVAS)
বাৰ জন পাঁচনিক আদেশ দি পঠিওৱা পাছত * মথি 10; মার্ক 6:7-13 যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷
লূক 9 : 2 (IRVAS)
ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷
লূক 9 : 3 (IRVAS)
তেওঁ তেওঁলোকক ক’লে, “যাত্ৰাৰ কাৰণে কোনো বস্তু নলবা; লাখুটি বা মোনা, বা পিঠা বা ধন; বা দুটাকৈ চোলাও নলবা;
লূক 9 : 4 (IRVAS)
আৰু তোমালোকে যি ঘৰত সোমোৱা, তাতে থাকিবা আৰু তাৰ পৰাই ওলাই যাবা।
লূক 9 : 5 (IRVAS)
আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।”
লূক 9 : 6 (IRVAS)
পাছত তেওঁলোকে ওলাই গৈ গাৱেঁ গাৱেঁ শুভবাৰ্তা ঘোষণা কৰিলে আৰু সকলো ঠাইতে ৰোগী সকলক সুস্থ কৰি গ’ল।
লূক 9 : 7 (IRVAS)
সেই সময়ত মথি 14:1-12; মার্ক 6:14-29 হেৰোদ ৰজাই এই ঘটনাবোৰৰ বাৰ্তা পাই নিজ মনত অশান্তি পালে; কিয়নো কিছুলোকে কৈছিল যে যোহন মৃত সকলৰ মাজৰ পৰা জীৱিত হ’ল,
লূক 9 : 8 (IRVAS)
আৰু আন কিছুমান লোকে কব ধৰিলে যে, “এলিয়া পুণৰ আবির্ভুত হৈছে” আৰু কিছুমানে ক’লে যে, “পূর্বকালৰ ভাববাদী সকলৰ মাজৰ কোনো এজন পুনৰাই জীয়াই উঠিছে৷”
লূক 9 : 9 (IRVAS)
হেৰোদে ক’লে “মই যোহনৰ মুণ্ডচ্ছেদ কৰিলোঁ; কিন্তু এওঁ নো কোন যাৰ বিষয়ে এনে কথা শুনি আছোঁ?” তাতে তেওঁ যীচুক চাবলৈ এটা উপায় বিচাৰিলে।
লূক 9 : 10 (IRVAS)
যীচুৱে লোক সকলক খুউৱা পাছত যি পাঁচনি সকলক পঠোৱা হৈছিল তেওঁলোকে ঘূৰি আহি, যি যি কৰ্ম কৰিছিল সেই সকলোবোৰ কথা যীচুৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁ তেওঁলোকক লগত লৈ বৈৎ-চৈদা নামেৰে এখন নগৰৰ ফালে কোনোৱে নজনাকৈ আতৰি গ’ল।
লূক 9 : 11 (IRVAS)
কিন্তু লোক সকলে সেই কথা জানি, তেওঁৰ পাছে পাছে গ’ল৷ তেতিয়া যীচুৱেও তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰি, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু যি সকল লোকৰ সুস্থ হবলৈ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে।
লূক 9 : 12 (IRVAS)
দিনৰ প্ৰায় শেষ ভাগত মথি 14:15-21; মার্ক 6:30-40; যো 6:5-14 বাৰ জন পাঁচনি তেওঁৰ ওচৰলৈ আহি ক’লে, “আমি যি ঠাইত আহি আছোঁ সেয়া অতি নির্জন ঠাই৷ সেয়েহে লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে ওচৰৰ গাওঁত গৈ নিজৰ বাবে থকা ঠাই আৰু খোৱা বস্তু যোগাৰ কৰি লব পাৰিব৷”
লূক 9 : 13 (IRVAS)
কিন্তু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।” তেতিয়া তেওঁলোকে ক’লে, “আমি গৈ খোৱা বস্তু কিনি নানিলে, আমাৰ ওচৰত পাঁচটা পিঠা আৰু দুটা মাছতকৈ অধিক একোৱে নাই৷”
লূক 9 : 14 (IRVAS)
কিয়নো তেওঁলোক প্ৰায় পাঁচ হাজাৰ মানুহ আছিল। তেতিয়া তেওঁ শিষ্য সকলক ক’লে, “তেওঁলোকক গোট গোট কৰি পঞ্চাশ জন পঞ্চাশ জনকৈ বহিবলৈ দিয়া।”
লূক 9 : 15 (IRVAS)
তেতিয়া তেওঁলোকে আতাইকে তেনেদৰেই বহিবলৈ দিলে।
লূক 9 : 16 (IRVAS)
যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছ হাতত লৈ, স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোক সকলৰ আগত বিলাই দিবলৈ, তেওঁ ভাঙি ভাঙি শিষ্য সকলক দিলে।
লূক 9 : 17 (IRVAS)
তাতে তেওঁলোক সকলোৱে খাই তৃপ্ত হ’ল।§ গীত 107:9 পাছত সকলোৰে খোৱা শেষ হোৱাত বস্তুবোৰৰ ৰৈ যোৱা টুকুৰা বাৰটা পাচিত ভৰোৱা হ’ল।
লূক 9 : 18 (IRVAS)
যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱা এদিন* মথি 16:13-28; মার্ক 8:27-38 যীচুৱে নিৰ্জন ঠাইত প্ৰাৰ্থনা কৰা সময়ত শিষ্য সকলো তেওঁৰ লগত আছিল, সেই সময়ত তেওঁ শিষ্য সকলক সুধিলে, “লোক সকলে মোক কোন বুলি কয়?”
লূক 9 : 19 (IRVAS)
তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “যোহন বাপ্তাইজক, কিন্তু আন কিছুমানে এলিয়া বুলি ভাৱে, আন কিছুমানে পূৰ্বকালৰ ভাববাদী সকলৰ কোনো এজন পুনৰায় জীৱিত হৈ উঠা লোক বুলি ভাবে।”
লূক 9 : 20 (IRVAS)
তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” তাতে পিতৰে উত্তৰ দি ক’লে, “ঈশ্বৰৰ অভিষিক্ত, খ্ৰীষ্ট।”
লূক 9 : 21 (IRVAS)
তেতিয়া এই কথা কাকো নকবলৈ তেওঁ তেওঁলোকক সাৱধান কৰি আদেশ দিলে;
লূক 9 : 22 (IRVAS)
আৰু তেওঁ ক’লে, “মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগিব আৰু পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ দ্বাৰাই তেওঁ অগ্ৰাহ্য আৰু হত হৈ তৃতীয় দিনা উত্থিত হব লাগিব।”
লূক 9 : 23 (IRVAS)
যীচুৱে সকলোৰে আগত ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিব ৰো 8:13; কল 3:5 আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব।
লূক 9 : 24 (IRVAS)
কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁহে তাক ৰক্ষা কৰিব।
লূক 9 : 25 (IRVAS)
কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো নিজকে নিজে যদি হেৰুৱায় বা হানি কৰে তেনেহলে তেওঁৰ কি লাভ?
লূক 9 : 26 (IRVAS)
কিয়নো যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰই যেতিয়া নিজৰ পিতৃ আৰু পবিত্ৰ দূতৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ সেই লোকক লাজ দিব।
লূক 9 : 27 (IRVAS)
কিন্তু মই তোমালোকক সত্যকৈ কওঁ, ইয়াতে থিয় হৈ থকা লোক সকলৰ মাজতে কিছুমান লোক আছে, যি সকলে ঈশ্ৱৰৰ ৰাজ্য নেদেখালৈ মৃত্যুৰ সোৱাদ নাপাব৷”
লূক 9 : 28 (IRVAS)
যীচুৱে অন্যৰূপ ধৰা এই মথি 17:1-20; মার্ক 9:1-29 কথা কোৱাৰ আঠ দিন মানৰ পাছত, তেওঁ পিতৰ, যোহন আৰু যাকোবক লগত লৈ, প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল।
লূক 9 : 29 (IRVAS)
তাতে প্ৰাৰ্থনা কৰোঁতে তেওঁৰ মুখমণ্ডলৰ সৌন্দর্য্যই অন্যৰূপ ললে আৰু তেওঁৰ কাপোৰবোৰ বগা আৰু চক্‌মকীয়া হ’ল।
লূক 9 : 30 (IRVAS)
সেই সময়ত দুজন মানুহে তেওঁৰ সৈতে কথা-বাৰ্ত্তা কৰি থকা তেওঁলোকে দেখিলে, তেওঁলোক মোচি আৰু এলিয়া আছিল;
লূক 9 : 31 (IRVAS)
তেওঁলোকক প্ৰতাপযুক্ত দেখা গৈছিল৷ তেওঁলোকে ঈশ্ৱৰৰ পৰিকল্পনা অনুসাৰে যীচুৱে কেনেদৰে যিৰূচালেমত মৃত্যুবৰণ কৰিব, সেই বিষয়ে কথা পাতি আছিল।
লূক 9 : 32 (IRVAS)
তেতিয়া পিতৰ আৰু তেওঁৰ লগত যোৱা কেইজনৰ বৰ টোপনি ধৰিছিল; তথাপি জাগি থাকি, তেওঁৰ মহিমা আৰু তেওঁৰ ওচৰত থকা সেই দুজন মানুহক দেখা পালে।
লূক 9 : 33 (IRVAS)
তাতে তেওঁলোক তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোতে, পিতৰে যীচুক ক’লে, “হে নাথ, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, আৰু এলিয়ালৈ এটা, এনেদৰে তিনিটা পঁজা সাজোঁ৷” পিতৰে যি কথা কৈছিল সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল৷
লূক 9 : 34 (IRVAS)
এই কথা কওঁতেই, এচমকা মেঘ আহি তেওঁলোকক ছাঁ কৰি ধৰিলে; তাতে মেঘ চাৰিওফালেদি সোমাওঁতে, তেওঁলোকৰ ভয় লাগিল।
লূক 9 : 35 (IRVAS)
তেতিয়া সেই মেঘৰ পৰা এই বাণী§ 2 পি 1:16-18 শুনিলে, “এওঁ মোৰ প্ৰিয় পুত্ৰ, মোৰ মনোনীত জন, এওঁৰ কথা শুনা।”
লূক 9 : 36 (IRVAS)
সেই বাণী হোৱা মাত্ৰে, যীচুক অকলে দেখা গ’ল আৰু তেওঁলোকে সেই সময়ত যি যি দেখিছিল, নীৰৱে থাকি কাকো একো কথা কোৱা নাছিল৷
লূক 9 : 37 (IRVAS)
ভূতে ধৰা এটা ল’ৰাক সুস্থ কৰা আৰু শিক্ষা দিয়া তাৰ পাছদিনা তেওঁলোক পৰ্বতৰ পৰা নমাৰ পাছত বহু মানুহৰ এটা দল তেওঁৰ আগত উপস্থিত হ’ল।
লূক 9 : 38 (IRVAS)
সেই সময়ত মানুহবোৰৰ মাজৰ পৰা এজনে ৰিঙিয়াই ক’লে, “হে গুৰু, মই মিনতি কৰোঁ, মোৰ ল’ৰালৈ দৃষ্টি কৰক; কিয়নো সি মোৰ একেটি ল’ৰা।
লূক 9 : 39 (IRVAS)
আৰু চাওক, ভূতৰ আত্মাই তাক ধৰোতে সি অকস্মাতে আটাহ পাৰে আৰু তাক মুচৰিলে মুখৰ পৰা ফেন ওলায় আৰু তাক আঘাত কৰি বৰ কষ্টেৰে এৰি যায়।
লূক 9 : 40 (IRVAS)
মই সেই অশুচি আত্মাক খেদাবলৈ আপোনাৰ শিষ্য সকলক মিনতি কৰিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।”
লূক 9 : 41 (IRVAS)
তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কাল তোমালোকৰ লগত থাকি তোমালোকক সহিম? তোমাৰ ল’ৰা জনক ইয়ালৈ আনা।”
লূক 9 : 42 (IRVAS)
তাতে সি আহোতেই ভূতে তাক আছাৰ মাৰি পেলাই বৰকৈ মুচৰিলে। কিন্তু যীচুৱে সেই অশুচি আত্মাক ডবিয়াই খেদিলে আৰু ল’ৰা জনক সুস্থ কৰি বাপেকৰ হাতত শোধাই দিলে।
লূক 9 : 43 (IRVAS)
তাতে ঈশ্বৰৰ মাহাত্ম্য দেখি সকলোৱে বিস্ময় মানিলে; কিন্তু তেওঁ কৰা কৰ্মবোৰত লোক সকলে বিস্ময় মানি থাকোঁতে, তেওঁ শিষ্য সকলক ক’লে,
লূক 9 : 44 (IRVAS)
“এই সকলো কথা তোমালোকে মনত ৰাখিবা; কিয়নো মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব।”
লূক 9 : 45 (IRVAS)
কিন্তু তেওঁলোকে সেই কথা নুবুজিলে আৰু বুজি নাপাবলৈ সেই বিষয়ক তেওঁলোকৰ পৰা গুপুতে ৰখা হ’ল৷ তেওঁলোকে সেই কথাৰ বিষয়ে যীচুক সুধিবলৈও ভয় কৰিলে।
লূক 9 : 46 (IRVAS)
পাছত* মথি 18:1-14; মার্ক 9:33-50 তেওঁলোকৰ মাজত কোন শ্ৰেষ্ঠ এই কথাক লৈ তেওঁলোকৰ বাদ-বিচাৰ হৈছিল।
লূক 9 : 47 (IRVAS)
কিন্তু যীচুৱে তেওঁলোকৰ মনৰ বিবেচনা বুজি পোৱাত সৰু ল’ৰা এজনক নিজৰ কাষত বহুৱাই ল’লে৷
লূক 9 : 48 (IRVAS)
তাৰ পাছত তেওঁলোকক ক’লে, “যি কোনোৱে এই ল’ৰা জনক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকো গ্ৰহণ কৰে৷ কিয়নো তোমালোকৰ সকলোৰে মাজত যি জন আটাইতকৈ সৰু সেই জনেই মহান।”
লূক 9 : 49 (IRVAS)
পাছত যোহনে মাত লগাই ক’লে, “হে নাথ, আমি এজনক আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা দেখিলোঁ; কিন্তু তেওঁ আমাৰ লগত আপোনাৰ পাছে পাছে অহা নাই কাৰণে আমি তেওঁক নিষেধ কৰিলোঁ।”
লূক 9 : 50 (IRVAS)
তেতিয়া যীচুৱে তেওঁক ক’লে, “তেওঁক নিষেধ নকৰিবা; কিয়নো যি জন তোমালোকৰ বিপক্ষ নহয়, তেওঁ তোমালোকৰ সপক্ষ।”
লূক 9 : 51 (IRVAS)
যীচুৱে শেষ বাৰ যিৰূচালেমলৈ যাবলৈ ওলোৱা পাছত মথি 19:1; মার্ক 10:1 যীচুৰ স্ৱর্গলৈ যোৱাৰ সময় প্ৰায় পূর্ণ হোৱাৰ অৱস্থাত, তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মনস্থ কৰিলে৷
লূক 9 : 52 (IRVAS)
তেওঁ সেই ঠাই গৈ পোৱাৰ আগেয়ে কিছুমান বার্তাবাহকক পঠালে, তেওঁলোকে যীচুৰ কাৰণে সকলোবোৰ যুগুত কৰিবলৈ চমৰীয়া সকলৰ এখন গাঁৱত সোমাল।
লূক 9 : 53 (IRVAS)
কিন্তু তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মন স্থিৰ কৰাত, সেই ঠাইৰ লোক সকলে তেওঁক গ্ৰহণ নকৰিলে।
লূক 9 : 54 (IRVAS)
ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই কলে, “হে প্ৰভু, স্বৰ্গৰ পৰা জুই ওলাই আহি সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে[‡ কিছুমান অনুলিপিত লিখা আছে, ‘এলিয়াই যেনেদৰে কৰিছিল, তেনেদৰে স্বৰ্গৰ পৰা জুই পেলাই ভস্ম কৰিব বিচাৰে’। ]?”
লূক 9 : 55 (IRVAS)
কিন্তু তেওঁ মুখ ঘূৰালে আৰু তেওঁলোকক ডবিয়াই দিলে।
লূক 9 : 56 (IRVAS)
তাৰ পাছত তেওঁলোক আন এখন গাঁৱলৈ গ’ল।
লূক 9 : 57 (IRVAS)
তেওঁলোকে বাটত যাওঁতে, এজন মানুহে যীচুক ক’লে, “আপুনি য’লৈকে যায় ত’লৈকে ময়ো আপোনাৰ পাছে পাছে যাম।”
লূক 9 : 58 (IRVAS)
যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাত আছে আৰু আকাশৰ চৰাইৰো বাহ আছে কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ কোনো ঠাই নাই।”
লূক 9 : 59 (IRVAS)
পাছত যীচুৱে আন এজনক ক’লে, “তুমি মোৰ পাছে পাছে আহা।” কিন্তু তেওঁ ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দিবলৈ অনুমতি দিয়ক৷”
লূক 9 : 60 (IRVAS)
তেতিয়া তেওঁ সেই মানুহ জনক কলে, “মৃতবোৰে নিজৰ নিজৰ মৃতবোৰক মৈদাম দিয়ক কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰা।”
লূক 9 : 61 (IRVAS)
আন এজনে ক’লে, “হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবোৰৰ পৰা বিদায় লবলৈ মোক অনুমতি দিয়ক।”
লূক 9 : 62 (IRVAS)
যীচুৱে তেওঁক ক’লে, “যি কোনোৱে নাঙলত হাত থৈ পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62