লূক 23 : 1 (IRVAS)
পীলাত আৰু হেৰোদৰ আগত যীচুৰ সোধ-বিচাৰ; প্ৰাণদণ্ডৰ আজ্ঞা ইয়াৰ পাছত তেওঁলোকৰ গোটেই লোক সকলে উঠি পীলাতৰ আগলৈ যীচুক লৈ আহিল৷
লূক 23 : 2 (IRVAS)
তেওঁলোকে তেওঁক অপবাদ দি কবলৈ ধৰিলে, বোলে, “আমি দেখিছোঁ যে, এই মানুহজন চীজাৰক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিষিক্ত * অভিষিক্ত খ্ৰীষ্ট ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা৷”
লূক 23 : 3 (IRVAS)
তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা নে?” তাতে যীচুৱে উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”
লূক 23 : 4 (IRVAS)
তেতিয়া পীলাতে প্ৰধান পুৰোহিত আৰু লোক সকলক ক’লে, “মই এই মানুহ জনৰ বিৰুদ্ধে কোনো দোষ বিচাৰি নাপালোঁ।”† ইব্ৰী 7:26; 1 পি 2:22
লূক 23 : 5 (IRVAS)
কিন্তু তেওঁলোকে পুণৰ ক’লে, “এই মানুহ জনে গালীল প্ৰদেশৰ পৰা আৰম্ভ কৰি গোটেই যিহুদীয়াত আৰু এতিয়া এই ঠাইতো লোক সকলক উপদেশ দি উচতাই আছে।”
লূক 23 : 6 (IRVAS)
পীলাতে ইয়াকে শুনি, মানুহ জন গালীলীয়া নে? এই বুলি সুধিলে।
লূক 23 : 7 (IRVAS)
পাছত তেওঁক হেৰোদ ৰজাৰ ক্ষমতাধীন এলেকাৰ ভিতৰৰ বুলি পীলাতে জানিবলৈ পোৱাত, তেওঁক হেৰোদৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো সেই সময়ত তেৱোঁ যিৰূচালেমতে আছিল।
লূক 23 : 8 (IRVAS)
যেতিয়া হেৰোদে যীচুক দেখিলে, তেওঁ অতিশয় আনন্দিত হ’ল; কিয়নো বহু দিনৰ পৰা তেওঁক চাবলৈ ইচ্ছা কৰি আছিল৷ তেওঁ তেওঁৰ বিষয়ে শুনিছিল, সেয়ে তেওঁ কৰা পৰাক্ৰম কাৰ্য চাবলৈ তেওঁ আশাও কৰিছিল৷
লূক 23 : 9 (IRVAS)
তেতিয়া হেৰোদে অনেক কথা সুধিলে, কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে।‡ যিচ 53:7
লূক 23 : 10 (IRVAS)
আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে উগ্ৰ হৈ বৰকৈ তেওঁক অপবাদ দি আছিল।
লূক 23 : 11 (IRVAS)
পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীচুক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি, § যিচ 53:3 ৰাজকীয় বস্ত্ৰ পিন্ধাই পীলাতৰ ওচৰলৈ আকৌ পঠিয়াই দিলে।
লূক 23 : 12 (IRVAS)
সেই দিনৰ পৰা হেৰোদ আৰু পীলাত পৰস্পৰ বন্ধু হ’ল (ইয়াৰ আগেয়ে তেওঁলোকৰ মাজত শত্ৰু ভাব আছিল) ৷
লূক 23 : 13 (IRVAS)
পাছত পীলাতে প্ৰধান পুৰোহিত, শাসনকর্তা সকলক আৰু লোক সকলক মাতি গোট খুৱালে৷
লূক 23 : 14 (IRVAS)
আৰু তেওঁলোকক ক’লে, “লোক সকলক অপথে নিওঁতা বুলি, এই মানুহ জনক মোৰ ওচৰলৈ আনিলা; কিন্তু চোৱা মই তোমালোকৰ আগত সোধ-বিচাৰ কৰি, তোমালোকে অপবাদ দিয়া কথাত তেওঁৰ একো দোষ নাপালোঁ।
লূক 23 : 15 (IRVAS)
হেৰোদেও একো দোষ নাপালে; কিয়নো তেওঁ পুনৰ আমাৰ ওচৰলৈ এওঁক পঠিয়াই দিলে আৰু চোৱা, এওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কর্ম কৰা নাই।
লূক 23 : 16 (IRVAS)
এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”* কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে, 17 পদ: সেই পৰ্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিবলগীয়া আছিল৷
লূক 23 : 17 (IRVAS)
সেই পর্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিবলগীয়া আছিল।
লূক 23 : 18 (IRVAS)
কিন্তু সকলোৱে একেলগে আটাহ পাৰি ক’লে, “ইয়াক দূৰ কৰক; বাৰাব্বাক আমাৰ বাবে মুকলি কৰক।”† পাঁ 3:14
লূক 23 : 19 (IRVAS)
সেই বাৰাব্বাই নগৰৰ মাজত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল।
লূক 23 : 20 (IRVAS)
তাতে পীলাতে যীচুক মুকলি কৰিবলৈ ইচ্ছা কৰি, তেওঁলোকক আকৌ ক’লে,
লূক 23 : 21 (IRVAS)
কিন্তু তেওঁলোকে আটাহ পাৰি ক’লে, “তাক ক্ৰুচত দিয়ক, ক্রুচত দিয়ক৷”
লূক 23 : 22 (IRVAS)
তেতিয়া তেওঁ তৃতীয়বাৰো তেওঁলোকক ক’লে, “কিয়? এই মানুহ জনে কি দোষ কৰিলে? প্ৰাণদণ্ডৰ কোনো কাৰণ মই বিচাৰি পোৱা নাই; এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”
লূক 23 : 23 (IRVAS)
কিন্তু তেওঁলোকে দাবী কৰিলে; তেওঁক যেন ক্রুচত দিয়া হয়, এই আশয়েৰে আঁকোৰগোজ হৈ বৰ মাতেৰে নিবেদন কৰিলে। তাতে পীলাত তেওঁলোকৰ বৰ মাতত পতিয়ন গ’ল৷
লূক 23 : 24 (IRVAS)
তেতিয়া পীলাতে তেওঁলোকৰ সেই নিবেদনৰ দৰে কৰিবলৈ ৰায় দিলে।
লূক 23 : 25 (IRVAS)
পাছত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে বন্দীশালত থোৱা যি জনক তেওঁলোকে খুজিছিল, সেই জনক তেওঁ মুকলি কৰি দিলে৷ কিন্তু যীচুক তেওঁলোকৰ ইচ্ছাত শোধাই দিলে।
লূক 23 : 27 (IRVAS)
পাছত তেওঁলোকে তেওঁক লৈ যাওঁতে গাঁৱৰ পৰা অহা চিমোন নামেৰে এজন কুৰীণীয়া মানুহক ধৰি যীচুৰ পাছে পাছে ক্ৰুচটো লৈ যাবলৈ তেওঁৰ কান্ধত তুলি দিলে। তাতে মানুহৰ এটা বৃহৎ দল আৰু তেওঁলৈ হিয়া ভুকুৱাই বিলাপ কৰা অনেক মহিলা তেওঁৰ পাছে পাছে গ’ল।
লূক 23 : 28 (IRVAS)
কিন্তু যীচুৱে তেওঁলোকলৈ ঘূৰি ক’লে, “হে যিৰূচালেমৰ জীয়ৰী সকল, মোৰ বাবে নাকান্দিবা, নিজৰ বাবে আৰু তোমালোকৰ সন্তান সকলৰ বাবে ক্ৰন্দন কৰা।
লূক 23 : 29 (IRVAS)
কিয়নো চোৱা, যি সময়ত বন্ধ্যা তিৰোতা, সন্তান নোহোৱা গর্ভ আৰু পিয়াহ নিদিয়া স্তনক ধন্য বুলিব, এনে কাল আহিছে।
লূক 23 : 30 (IRVAS)
তেতিয়া লোক সকলে পর্বতবোৰক ক’বলৈ ধৰিব, ‘আমাৰ ওপৰত পৰা’, উপপর্ব্বতবোৰক কবলৈ ধৰিব, ‘আমাক ঢাকি ধৰা’।‡ যিচ 2:19; হো 10:8; প্ৰ 6:16
লূক 23 : 31 (IRVAS)
কিয়নো কেচা গছত যদি তেওঁলোকে এইবোৰ কর্ম কৰে, তেনেহলে শুকান গছত কি কৰা যাব?”
লূক 23 : 33 (IRVAS)
সেই সময়ত দুজন দুষ্কর্মী মানুহকো তেওঁৰ লগত বধ কৰিবলৈ লৈ যোৱা হ’ল। পাছত মূৰৰ লাউখোলা§ আন এটা নাম গলগথা (কালভাৰি) নামেৰে ঠাই পোৱাত, তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এজন আৰু বাওঁফালে এজন, এইদৰে সেই দুজন দুষ্কর্মী মানুহকো ক্রুচত দিলে।
লূক 23 : 34 (IRVAS)
তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা;* মথি 5:44; পাঁ 3:17, 7:60 কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।
লূক 23 : 35 (IRVAS)
আৰু লোক সকলে থিয় হৈ চাই থাকোতে† গীত 22:17, 18 শাসনকর্তা সকলে তেওঁক উপহাস কৰি ক’লে, ‡ গীত 22:6-8 “ই আন লোককহে ৰক্ষা কৰিব পাৰিলে৷ যদি ই ঈশ্বৰৰ সেই অভিষিক্ত § অভিষিক্ত খ্ৰীষ্ট আৰু তেওঁৰ মনোনীত জন হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
লূক 23 : 36 (IRVAS)
সেনাবোৰেও ওচৰলৈ আহি, তেওঁক চিৰকা যাচি* গীত 69:21 ঠাট্টা কৰি ক’লে,
লূক 23 : 37 (IRVAS)
“আপুনি যদি ইহুদী সকলৰ ৰজা হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
লূক 23 : 38 (IRVAS)
আৰু “এওঁ ইহুদী সকলৰ ৰজা”। এই বুলি লিখা এখন জাননী তেওঁৰ ওপৰত লিখি দিলে।
লূক 23 : 39 (IRVAS)
তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুজন দুষ্কর্মীৰ এজনে তেওঁক নিন্দা কৰি ক’লে, “আপুনি খ্ৰীষ্ট নহয় নে? আপুনি নিজকে আৰু আমাকো ৰক্ষা কৰক।”
লূক 23 : 40 (IRVAS)
কিন্তু আনজনে সেই দুষ্কৰ্মীক ডবিয়াই ক’লে, “তুমি একেই দণ্ডত থাকিও ঈশ্বৰলৈ ভয় নকৰা নে?
লূক 23 : 41 (IRVAS)
আমি হলে ন্যায় দণ্ডৰ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছোঁ৷ কিন্তু এইজনে একো অনুচিত কর্ম কৰা নাই৷”
লূক 23 : 42 (IRVAS)
পাছত তেওঁ ক’লে, “হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুৱঁৰিব।”
লূক 23 : 43 (IRVAS)
যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।”
লূক 23 : 44 (IRVAS)
তেতিয়া বাৰ মান বজাৰ সময় হ’ল আৰু তিনি বজালৈকে গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল;
লূক 23 : 45 (IRVAS)
সূর্যও লুপ্ত হৈ গ’ল আৰু মন্দিৰৰ আঁৰ-কাপোৰ† ইব্ৰী 10:19, 20 খন মাজেদি ফাটি গ’ল।
লূক 23 : 46 (IRVAS)
পাছত যীচুৱে বৰ মাতেৰে ক’লে, “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমর্পণ কৰিছোঁ৷”‡ গীত 31:5 এই বুলি কৈ, তেওঁ প্ৰাণ ত্যাগ কৰিলে।
লূক 23 : 47 (IRVAS)
তেতিয়া যি যি হ’ল, তাকে দেখি, এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে, “এই মানুহ জন সঁচাকৈ ধাৰ্মিক আছিল।”
লূক 23 : 48 (IRVAS)
এই দৃশ্য চাবলৈ যি সকল লোক আহিছিল, তেওঁলোকে এই সকলো ঘটনা দেখি হিয়া ভুকুৱাই উলটি গ’ল৷
লূক 23 : 49 (IRVAS)
কিন্তু তেওঁৰ চিনাকি লোক আৰু যি তিৰোতা সকল গালীল প্ৰদেশৰ পৰা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকেও আতৰত থিয় হৈ এইবোৰ ঘটনা চাই আছিল।
লূক 23 : 50 (IRVAS)
যীচুক মৈদাম দিয়া তেতিয়া তাত উপস্থিত থকা ইহুদী সকলৰ অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে উত্তম আৰু ধাৰ্মিক হিচাপে জনাজাত যি ধার্মিক মেলুৱৈ জন আছিল,
লূক 23 : 51 (IRVAS)
সেই মেলুৱৈ জনে তেওঁলোকৰ আলোচনা আৰু কর্মত সন্মতি দিয়া নাছিল৷ তেওঁ অৰিমাথিয়াৰ পৰা আহিছিল৷ এই চহৰ খন আছিল ইহুদী লোকৰ চহৰ৷ তেওঁ ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷§ লূক 2:25, 38
লূক 23 : 52 (IRVAS)
এই ব্যক্তি জনে পীলাতৰ ওচৰলৈ গৈ যীচুৰ দেহ বিচাৰিলে।
লূক 23 : 53 (IRVAS)
পাছত তেওঁক নমাই শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই, আগেয়ে কোনো ব্যক্তিৰ দেহ নোথোৱা শিলত খান্দি উলিওৱা এটা মৈদামত শুৱাই থ’লে।
লূক 23 : 54 (IRVAS)
সেইদিন আয়োজনৰ দিন আছিল আৰু বিশ্ৰামবাৰো ওচৰ চাপিছিল।
লূক 23 : 55 (IRVAS)
তাতে তেওঁৰ সৈতে গালীল প্ৰদেশৰ পৰা অহা তিৰোতা সকলে* লূক 8:2, 3 তেওঁৰ দেহ কেনেকৈ থোৱা হ’ল, সেই বিষয়ে চাবলৈ আহিছিল৷
লূক 23 : 56 (IRVAS)
পাছত উলটি আহি, সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছত তেওঁলোকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰণি ল’লে।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56