Luke 21 : 1 (IRVAS)
প্ৰকৃত দানশীলা মহিলাক প্ৰশংসা কৰা পাছত* মাৰ্ক 12:41-44 তেওঁ চকু তুলি চাই, ধনী লোক সকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে।
Luke 21 : 2 (IRVAS)
কোনো এগৰাকী দুখীয়া বিধৱাই তাত দুই পইচা সুমুৱাই দিয়াও দেখিলে।
Luke 21 : 3 (IRVAS)
তাতে তেওঁ ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, সেই লোক সকলতকৈ এই দুখীয়া বিধৱা গৰাকীয়ে অধিক দিলে।† 2 কৰি 8:12
Luke 21 : 4 (IRVAS)
কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত সম্পত্তিৰ পৰা দান দিলে৷ কিন্তু তেওঁৰ ধনৰ নাটনি হোৱাতো, জীৱিকালৈ যি আছিল, সেই আটাইখিনিকে দিলে।”
Luke 21 : 5 (IRVAS)
খ্ৰীষ্টৰ পুনৰাগমনৰ বিষয়ে জনোৱা পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভূষিত’ বুলি কোৱাত, তেওঁ ক’লে,
Luke 21 : 6 (IRVAS)
“এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ’ব।”
Luke 21 : 7 (IRVAS)
তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, তেনেহলে এইবোৰ কেতিয়া হ’ব? আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?”
Luke 21 : 8 (IRVAS)
তাতে যীচুৱে ক’লে, “তোমালোক যেন ভ্ৰান্ত নোহোৱা, এই কাৰণে সাৱধান হোৱা।‡ ইফি 5:6; 2 থি 2:3 কিয়নো অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’ আৰু ‘কাল ওচৰ’, এই বুলি যেতিয়া ক’ব; তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা।
Luke 21 : 9 (IRVAS)
যেতিয়া তোমালোকে ৰণ আৰু হুৰামুৰাৰ বাৰ্তা শুনা, তেতিয়া ভয়াতুৰ নহ’বা;§ গীত 46:1-3 কিয়নো এই সকলোবোৰ ঘটিবই লাগিব; কিন্তু তেতিয়াই শেষ নহয়।”
Luke 21 : 10 (IRVAS)
তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক’লে, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব;
Luke 21 : 11 (IRVAS)
আৰু বৰ বৰ ভূমিকম্প হ’ব, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ’ব; আকাশৰ পৰা ভয়ঙ্কৰ লক্ষণ আৰু মহৎ চিন ওলাব।
Luke 21 : 12 (IRVAS)
কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব;* পাঁ 4:3; 5:18; 12:4; 16:24 আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব।
Luke 21 : 13 (IRVAS)
সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব।
Luke 21 : 14 (IRVAS)
এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা;
Luke 21 : 15 (IRVAS)
কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।† পাঁ 6:10
Luke 21 : 16 (IRVAS)
আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব।
Luke 21 : 17 (IRVAS)
তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা।‡ মথি 10:22; যো 17:14
Luke 21 : 18 (IRVAS)
কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব।
Luke 21 : 19 (IRVAS)
তোমালোকে নিজ ধৈৰ্যৰে,§ ইব্ৰী 10:36; যাক 1:4 নিজ নিজ প্ৰাণ লাভ কৰিবা।
Luke 21 : 20 (IRVAS)
যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা।
Luke 21 : 21 (IRVAS)
তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভূৱেঁ থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক।
Luke 21 : 22 (IRVAS)
এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব।
Luke 21 : 23 (IRVAS)
সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হ’ব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হ’ব।
Luke 21 : 24 (IRVAS)
তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।
Luke 21 : 25 (IRVAS)
তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷
Luke 21 : 26 (IRVAS)
পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
Luke 21 : 27 (IRVAS)
তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব।* প্ৰ 1:7; 14:14
Luke 21 : 28 (IRVAS)
কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।”
Luke 21 : 29 (IRVAS)
পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “ডিমৰু আদি সকলো গছ চোৱা;
Luke 21 : 30 (IRVAS)
সেইবোৰ কুঁহিপাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা।
Luke 21 : 31 (IRVAS)
সেইদৰে, যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা।
Luke 21 : 32 (IRVAS)
মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব।
Luke 21 : 33 (IRVAS)
স্বৰ্গ আৰু পৃথিৱী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব।† যিচ 40:8
Luke 21 : 34 (IRVAS)
কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা‡ 1 থি 5:2; 2 পি 3:10; প্ৰ 16:15 সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা। § ৰো 13:12, 13; 1 থি 5:6-8; 1 পি 4:7
Luke 21 : 35 (IRVAS)
কিয়নো সেইদিন পৃথিৱীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব।
Luke 21 : 37 (IRVAS)
কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷” সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল; আৰু ৰাতি বাহিৰলৈ গৈ, জৈতুন নামেৰে পৰ্বতত কটাইছিল।
Luke 21 : 38 (IRVAS)
সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38