লূক 12 : 1 (IRVAS)
কপট আৰু লোভৰ বিষয়ে যীচুৰ শিক্ষা
লূক 12 : 2 (IRVAS)
এনেতে অসংখ্য লোক গোট খোৱাত, লোক সকলৰ মাজত গচকা-গচকি হ’ল৷ তেতিয়া যীচুৱে প্ৰথমে তেওঁৰ শিষ্য সকলক কবলৈ ধৰিলে, “যি কপট, সেই ফৰীচী সকলৰ খমিৰলৈ সাৱধান হবা।” “কিন্তু যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি জানিব পৰা নহব, এনে লুকুৱা বস্তু নাই।
লূক 12 : 3 (IRVAS)
এতেকে তোমালোকে আন্ধাৰত যি যি কথা ক’লা, সেইবোৰ পোহৰত শুনা যাব আৰু ভিতৰৰ কোঠালিত তোমালোকে কাণে কাণে যি কথা কৈছা, সেয়া ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হ’ব।
লূক 12 : 4 (IRVAS)
হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা।* যিচ 51:7-13; যিৰি 1:8; মথি 10:28
লূক 12 : 5 (IRVAS)
কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।
লূক 12 : 6 (IRVAS)
পাঁচোটা ঘৰ-চিৰিকা ক্ষুদ্ৰ পইচালৈ বিক্ৰী নকৰে নে? তথাপি সেইবোৰৰ এটাকো ঈশ্বৰৰ আগত পাহৰা নাযায়।
লূক 12 : 7 (IRVAS)
কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণনা কৰা হৈছে। ভয় নকৰিবা; কিয়নো তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
লূক 12 : 8 (IRVAS)
মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব।
লূক 12 : 9 (IRVAS)
কিন্তু মানুহবোৰৰ আগত যি জনে মোক অস্বীকাৰ কৰে, ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হব।
লূক 12 : 10 (IRVAS)
যি কোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয়, তেওঁক ক্ষমা কৰা হব। কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰা জনক ক্ষমা কৰা নহব।
লূক 12 : 11 (IRVAS)
যেতিয়া তেওঁলোকে নাম-ঘৰবোৰত আৰু ক্ষমতা পোৱা আৰু শাসনকৰ্তা সকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা কব লাগে, সেই বিষয়ে চিন্তা নকৰিবা৷
লূক 12 : 12 (IRVAS)
কিয়নো যি যি কথা সেই সময়ত কবলগীয়া হব, সেয়া পবিত্ৰ আত্মাই সেই মু্হুর্ত্ততেই তোমালোকক শিকাই দিব।”
লূক 12 : 13 (IRVAS)
তাৰ পাছত লোক সকলৰ মাজৰ পৰা এজনে তেওঁক ক’লে, “হে গুৰু, পৈতৃক সম্পত্তি মোৰ সৈতে ভাগ কৰিবলৈ, মোৰ ককাইক আজ্ঞা দিয়ক।”
লূক 12 : 14 (IRVAS)
কিন্তু যীচুৱে তেওঁক ক’লে, “হে ভাই, মোক কোনে তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোঁতা পাতিলে?”
লূক 12 : 15 (IRVAS)
তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”
লূক 12 : 16 (IRVAS)
পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল।
লূক 12 : 17 (IRVAS)
তাতে তেওঁ মনতে ভাবি ক’লে, ‘মোৰ শস্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম?’
লূক 12 : 18 (IRVAS)
পাছত তেওঁ নিজকে কলে, ‘মই ইয়াকে কৰিম যে, আগৰ ভঁৰালবোৰ ভাঙিম আৰু এটা ডাঙৰ ভঁৰাল সাজিম৷ সেই ভঁৰালত মোৰ সকলো শস্য আৰু ভাল বস্তু সামৰি থম’।
লূক 12 : 19 (IRVAS)
তাৰ পাছত মই মোৰ প্ৰাণক কম, ‘হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে৷ জিৰাই-সতাই থাকা আৰু ভোজন-পান কৰি আনন্দ কৰা’।
লূক 12 : 20 (IRVAS)
† যাক 4:13-16 কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ ‡ ইয় 27:8; গীত 52:7 তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?
লূক 12 : 21 (IRVAS)
ঠিক এইদৰে যি জনে ঈশ্বৰলৈ ধনৱান নহয়, কেৱল নিজলৈ ধন সাঁচি থয়,§ মথি 6:20; 1তীম 6:17-19; যাক 2:5 তেওঁ তেনেকুৱা লোক।”
লূক 12 : 22 (IRVAS)
পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা।
লূক 12 : 23 (IRVAS)
কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ।
লূক 12 : 24 (IRVAS)
ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া!
লূক 12 : 25 (IRVAS)
আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?
লূক 12 : 26 (IRVAS)
এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোৱে কৰিব নোৱাৰা তেনেহলে আনবোৰ বিষয় কিয় চিন্তা কৰা?
লূক 12 : 27 (IRVAS)
পথাৰৰ কনাৰি* কনাৰি লিলি ফুল কেনেকৈ বাঢ়ে, সেই বিষয়ে চিন্তা কৰি চোৱা; সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে৷ মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বর্যৰ সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল।
লূক 12 : 28 (IRVAS)
কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হ’ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তোমালোকক তাতকৈয়ো বেছি ভূষিত নকৰিব নে!
লূক 12 : 29 (IRVAS)
তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা।
লূক 12 : 30 (IRVAS)
কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ বিচাৰে; আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমাৰ পিতৃয়ে জানে।
লূক 12 : 31 (IRVAS)
কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব।† গীত 34:10; ৰো 8:31, 32; ফিলি 4:19
লূক 12 : 32 (IRVAS)
হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।
লূক 12 : 33 (IRVAS)
তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷
লূক 12 : 34 (IRVAS)
কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।”
লূক 12 : 35 (IRVAS)
পৰ দি থকা “তোমালোকে কঁকাল বান্ধা আৰু‡ ইফি 6:14;1 পি 1:13 তোমালোকৰ চাকি জ্বলি থাকক,
লূক 12 : 36 (IRVAS)
আৰু বিয়াৰ পৰা আহি দুৱাৰত টুকুৰিয়ালেই দুৱাৰ মেলি দিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবোৰৰ নিচিনা তোমালোকো হোৱা৷§ মথি 24:36-51
লূক 12 : 37 (IRVAS)
প্ৰভু অহাৰ পাছত যি দাস সকলক তেওঁ পৰ দি থকা দেখে, তেওঁলোক ধন্য৷ মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি, তেওঁলোকক ভোজনত বহুৱাই, নিজেই তেওঁলোকক শুশ্ৰূষা কৰিব আৰু আহাৰ বাঢ়ি দিব।
লূক 12 : 38 (IRVAS)
তেওঁ মাজৰাতি বা শেষৰাতিও আহি যদি তেওঁলোকক সেইদৰেই দেখে তেনেহলে তেওঁলোক ধন্য।
লূক 12 : 39 (IRVAS)
কোন সময়ত চোৰ* 1 থি 5:2-8, 2 পি 3:10-12, প্ৰ 3:3; 16:15 আহিব, সেই বিষয়ে ঘৰৰ গৰাকীয়ে জনা হলে, পৰ দি থাকি সিন্ধি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা।
লূক 12 : 40 (IRVAS)
তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।”
লূক 12 : 41 (IRVAS)
তেতিয়া পিতৰে ক’লে, “হে প্ৰভু, এই দৃষ্টান্ত অকল আমাৰ বাবে ক’লে নে, নাইবা সকলোকে কৈছে?”
লূক 12 : 42 (IRVAS)
তাতে প্ৰভুৱে ক’লে, “নিজৰ ভৃত্য সকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন?
লূক 12 : 43 (IRVAS)
প্ৰভু অহা সময়ত যাক এনে কৰা দেখে সেই দাস ধন্য।
লূক 12 : 44 (IRVAS)
মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সর্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।
লূক 12 : 45 (IRVAS)
কিন্তু সেই দাস জনে যদি নিজৰ মনতে কয়, ‘মোৰ প্ৰভু অহাত পলম হ’ব’, আৰু এনেদৰে আন বন্দী বেটীক যদি কোবাবলৈ ধৰে, আৰু ভোজন-পান কৰি তেওঁ মতলীয়া হয়।
লূক 12 : 46 (IRVAS)
তেনেহলে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেইদিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হ’ব৷ তাতে প্ৰভুৱে দাসক কাটি টুকুৰা-টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হ’ব৷
লূক 12 : 47 (IRVAS)
যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সেই দাসে ভালেমান কোব খাব।
লূক 12 : 48 (IRVAS)
কিন্তু যি জনে নাজানি† লে 5:17; 1 তী 1:13 কোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব।
লূক 12 : 49 (IRVAS)
মই পৃথিৱীত জুই পেলাবলৈ আহিলোঁ আৰু অহ! যদি এই আশা পূর্ণ হৈ আগতেই প্ৰজ্বলিত হলহেতেন।
লূক 12 : 50 (IRVAS)
কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হ’ব লাগে,‡ মথি 20:22; মার্ক 10:38 আৰু সেয়া সম্পন্ন নোহোৱালৈ মই বহুত কষ্ট পাই আছোঁ!
লূক 12 : 51 (IRVAS)
মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ বুলি ভাবিছা নে? মই তোমালোকক কওঁ, তেনে নহয়, কিন্তু বিভেদহে দিবলৈ আহিলোঁ।
লূক 12 : 52 (IRVAS)
এতিয়াৰ পৰা ঘৰৰ পাঁচ জন ভিন ভিন হৈ, দুজনৰ বিপক্ষে তিনি জন, তিনি জনৰ বিপক্ষে দুজনহে হব।
লূক 12 : 53 (IRVAS)
পুতেকৰ বিপক্ষে বাপেক; বাপেকৰ বিপক্ষে পুতেক; জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক; বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।”
লূক 12 : 54 (IRVAS)
ইয়াৰ পাছত যীচুৱে লোক সকলৰ ফালে চাই ক’লে, “পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলেই, আপোনালোকে কয় ‘বৰষুণ আহিব’ আৰু পাছত সেইদৰে হয়।
লূক 12 : 55 (IRVAS)
দক্ষিণ ফালৰ বতাহ বুলিলে কয় ‘বৰ জহ হব’; পাছত সেই জনো সেইদৰে ঘটে।
লূক 12 : 56 (IRVAS)
হে কপটীয়া সকল, আপোনালোকে পৃথিৱীৰ আৰু আকাশৰ ৰূপ নির্ণয় কৰিব জানে; কিন্তু এই কালৰ বিষয়ে কিয় আপোনালোকে বিচাৰ কৰিব নাজানে?
লূক 12 : 57 (IRVAS)
নিজৰ বিষয়ে উচিত বিচাৰ কি কাৰণত কৰিব নোৱাৰে?
লূক 12 : 58 (IRVAS)
কিয়নো আপোনাৰ গুচৰিয়াৰ সৈতে আপুনি যেতিয়া বিচাৰকৰ ওচৰলৈ যায়, তেতিয়া বাটতেই তেওঁৰ পৰা মুক্ত হবলৈ চেষ্টা কৰে যাতে তেওঁ আপোনাক বিচাৰকর্তাৰ সন্মুখলৈ বলেৰে টানি নিনিয়ে আৰু বিচাৰকর্তাই দাৰোগাৰ হাতত শোধাই নিদিয়ে; তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থব নোৱাৰিব।
লূক 12 : 59 (IRVAS)
মই আপোনালোকক কওঁ, শেষ পইচাটোও পৰিশোধ নকৰালৈকে কোনো প্ৰকাৰে আপুনি কাৰাগাৰৰ পৰা মুক্ত হব নোৱাৰিব৷”
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59