Leviticus 19 : 1 (IRVAS)
{নানা বিষয়ৰ নানা আদেশ। } পাছত যিহোৱাই মোচিক ক’লে,
Leviticus 19 : 2 (IRVAS)
“তুমি ইস্ৰায়েলৰ সমুদায় মণ্ডলীক এই কথা কোৱা, ‘তোমালোক পবিত্ৰ হ’ব লাগে; কিয়নো মই তোমালোকৰ যি ঈশ্বৰ যিহোৱা, মই পবিত্ৰ।
Leviticus 19 : 3 (IRVAS)
তোমালোকে প্ৰতিজনে নিজ নিজ মাতৃ আৰু নিজ নিজ পিতৃক সন্মান কৰিবা আৰু মোৰ বিশ্ৰাম দিনবোৰ পালন কৰিবা। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
Leviticus 19 : 4 (IRVAS)
তোমালোকে প্ৰতিমাবোৰৰ ফালে মূৰ নুঘূৰাবা আৰু তোমালোকৰ কাৰণে সাঁচত ঢলা মূৰ্ত্তি নিৰ্ম্মাণ নকৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
Leviticus 19 : 5 (IRVAS)
যেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিবা, তেতিয়া তোমালোকে গ্রহণ হ’বৰ কাৰণে ইয়াকে কৰিবা।
Leviticus 19 : 6 (IRVAS)
তোমালোকে তাক উৎসৰ্গ কৰা দিনা বা তাৰ পাছদিনা তাক ভোজন কৰিব লাগিব; তৃতীয় দিনলৈ যদি অৱশিষ্ট থাকে, তেন্তে তাক জুইত পুৰি ভস্ম কৰিব লাগিব।
Leviticus 19 : 7 (IRVAS)
তৃতীয় দিনা যদি কেনেবাকৈ তাৰ অলপ খোৱা যায়, তেন্তে সেয়ে ঘিণলগীয়া আৰু অগ্ৰাহ্য হ’ব।
Leviticus 19 : 8 (IRVAS)
কিন্তু ভোজন কৰা জনে নিজ অপৰাধৰ ফল ভোগ কৰিব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ বস্তু অপবিত্ৰ কৰিলে, সেই লোক জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Leviticus 19 : 9 (IRVAS)
যেতিয়া তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত, খেতিৰ চুকত থকা শস্য সম্পূৰ্ণৰূপে শেষ নকৰাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা।
Leviticus 19 : 10 (IRVAS)
আৰু নিজ নিজ দ্ৰাক্ষাবাৰীৰ এৰি যোৱা দ্ৰাক্ষাফল নিছিঙিবা আৰু দ্ৰাক্ষাবাৰীৰ সৰি পৰা দ্ৰাক্ষাফল নুবুটলিবা; তুমি দুখীয়া আৰু বিদেশীৰ কাৰণে তাক এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
Leviticus 19 : 11 (IRVAS)
Leviticus 19 : 12 (IRVAS)
তোমালোকে চুৰ নকৰিবা। মিছা কথা নকবা। আৰু ইজনে সিজনক নঠগাবা।
Leviticus 19 : 13 (IRVAS)
আৰু তুমি মোৰ নাম লৈ মিছা শপত খাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। মই যিহোৱা। তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।
Leviticus 19 : 14 (IRVAS)
তুমি কলাক শাও নিদিবা আৰু অন্ধৰ আগত উজুতি খোৱা মুঢ়া নথবা, কিন্তু তোমাৰ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
Leviticus 19 : 15 (IRVAS)
Leviticus 19 : 16 (IRVAS)
তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।
Leviticus 19 : 17 (IRVAS)
তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ’বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্রাণ হত্যাকাৰী নহ’বা; মই যিহোৱা।
Leviticus 19 : 18 (IRVAS)
তুমি নিজ ভাইক নিজ মনত ঘিণ নকৰিবা; তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নব’বলৈ, অৱশ্যে তেওঁক সতৰ্ক কৰিবা।
Leviticus 19 : 19 (IRVAS)
তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা। তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা। তোমাৰ পশুৰে সৈতে, তুমি বেলেগ বেলেগ প্ৰজাতিৰ পশুৰ জাকক ফুৰিবলৈ চেষ্টা কৰিব নিদিবা। তোমাৰ পথাৰত একেডোখৰ মাটিত দুবিধ শস্যৰ গুটি নিসিঁচিবা; আৰু দুই প্ৰকাৰ সুতা মিহলি কৰি বোৱা বস্ত্ৰ নিপিন্ধিবা।
Leviticus 19 : 20 (IRVAS)
ধনেৰে বা আন ৰূপে মুক্ত নোহোৱা এনে যি বাগদান কৰা বেটী, তাইৰে সৈতে যদি কোনোৱে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো দণ্ডনীয় হ’ব, কিন্তু তেওঁলোকৰ প্ৰাণদণ্ড নহ’ব; কিয়নো তাই মুক্ত হোৱা নাই।
Leviticus 19 : 21 (IRVAS)
তেতিয়া সেই পুৰুষে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ, যিহোৱাৰ উদ্দেশ্যে নিজৰ দোষাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ আনিব।
Leviticus 19 : 22 (IRVAS)
তেতিয়া পুৰোহিতে যিহোৱাৰ সাক্ষাতে সেই দোষাৰ্থক মেৰ-ছাগটোৰ দ্বাৰাই, তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; তেতিয়া তেওঁ কৰা সেই পাপৰ ক্ষমা হ’ব।
Leviticus 19 : 23 (IRVAS)
তোমালোকে যেতিয়া দেশত সোমাই, খাদ্যৰ অৰ্থে সকলো প্ৰকাৰ গছ ৰুবা, তেতিয়া তাৰ ফল নিষিদ্ধ[* পর্বৰ যোগেদি শুদ্ধ নকৰা ফল; ইব্রী ভাষাত “অচুন্নৎ” কয়। ] যেন গণ্য কৰিবা আৰু তিনি বছৰলৈকে সেয়ে তোমালোকৰ মানত নিষিদ্ধ হৈ থাকিব। তাক খাব নালাগে।
Leviticus 19 : 24 (IRVAS)
পাছত চতুৰ্থ বছৰত তাৰ সকলো ফল যিহোৱাৰ প্ৰশংসাৰ্থক উপহাৰ স্বৰূপে পবিত্ৰ হ’ব।
Leviticus 19 : 25 (IRVAS)
আৰু গছে ফল উৎপন্ন কৰি থাকিবৰ কাৰণে, তোমালোকে পঞ্চম বছৰত তাৰ ফল খাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
Leviticus 19 : 26 (IRVAS)
Leviticus 19 : 27 (IRVAS)
তোমালোকে তেজেৰে সৈতে একো মঙহ নাখাবা। শুভ অশুভ লক্ষণ নামানিবা আৰু গণকৰ বিদ্যা ব্যৱহাৰ নকৰিবা।
Leviticus 19 : 28 (IRVAS)
তোমালোকে নিজ নিজ মূৰৰ চুলি ঘুৰণীয়াকৈ নাকাটিবা আৰু নিজ নিজ দাড়িৰ চুক অশুৱনীকৈ নুখুৰাবা।
Leviticus 19 : 29 (IRVAS)
আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট-কুট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা।
Leviticus 19 : 30 (IRVAS)
তুমি নিজ জীয়েৰাক বেশ্যা মন্দিৰৰ ৰক্ষিতা বা দেৱদাসী হ’বলৈ ‡ বেশ্যাবৃত্তিত জড়িত কৰাই দি তাইক ভ্ৰষ্ট নকৰিবা; কিয়নো তেনে কৰিলে দেশ ব্যভিচাৰত পতিত হ’ব আৰু দেশ দুষ্টতাৰে পৰিপূৰ্ণ হ’ব।
Leviticus 19 : 31 (IRVAS)
তোমালোকে মোৰ বিশ্ৰাম দিন পালন কৰিবা আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা; মই যিহোৱা।
Leviticus 19 : 32 (IRVAS)
ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ ফালে মুখ নকৰিবা; নিজকে অশুচি কৰিবৰ কাৰণে তেওঁলোকক সুধিবলৈ তেওঁলোকৰ ওচৰলৈ নাযাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
Leviticus 19 : 33 (IRVAS)
তুমি পকামুৰীয়া জনৰ আগত উঠি থিয় হ’বা, বৃদ্ধলোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা। আৰু কোনো বিদেশী লোকে যদি তোমালোকৰ দেশত তোমালোকৰে সৈতে বাস কৰে, তেন্তে তোমালোকে তাক উপদ্ৰৱ নকৰিবা।
Leviticus 19 : 34 (IRVAS)
তোমালোকৰ মাজত স্বদেশীয় লোক যেনে, তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোকো তোমালোকৰ পক্ষে তেনে হ’ব আৰু তুমি সেই লোকসকলক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; কাৰণ মিচৰ দেশত তোমালোকো বিদেশী আছিলা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
Leviticus 19 : 35 (IRVAS)
তোমালোকে বিচাৰত, পৰিমাণত বা ওজনত বা দ্ৰব্যৰ জোখত অন্যায় নকৰিবা;
Leviticus 19 : 36 (IRVAS)
তোমালোকে সঠিক পাল্লা, সঠিক দগা, ঠিক ঐফা আৰু ঠিক হীন ৰাখিবা; মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
Leviticus 19 : 37 (IRVAS)
এতেকে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন-প্ৰণালী পালন কৰি, সেই অনুসাৰে আচৰণ কৰিবা। মই যিহোৱা’।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37